31.3 C
Guwahati
Tuesday, November 11, 2025
More

    শেহতীয়া আপডেটঃ

    জ্যোতিপ্ৰসাদ আগৰৱালাৰ তিনিখন নাটকৰ ইংৰাজী অনুবাদ গ্ৰন্থ উন্মোচনঃ শোণিত কুঁৱৰী মঞ্চস্থৰ শতবৰ্ষত ড০ দয়ানন্দ পাঠকৰ অমূল্য উপহাৰ

    গুৱাহাটীঃ বিশিষ্ট শিক্ষাবিদ, ইংৰাজী সাহিত্যৰ অধ্যাপক তথা শংকৰী সাহিত্যৰ গৱেষক পণ্ডিত তথা অমৃত নিউজৰ মুখ্য সম্পাদক ড০ দয়ানন্দ পাঠকে ইংৰাজীলৈ অনুবাদ কৰা জ্যোতিপ্ৰসাদ আগৰৱালাৰ তিনিখন নাটক ক্ৰমে কাৰেঙৰ লিগিৰী, ৰূপালীম আৰু লভিতাৰ একত্ৰ সংকলন ” প্লেইজ অব জ্যোতিপ্ৰসাদ আগৰৱালা” খন আজি গুৱাহাটীৰ অগ্ৰদূত ভৱনৰ সভাকক্ষত আনুষ্ঠানিক ভাৱে উন্মোচন কৰে প্ৰবীণ সাংবাদিক, দৈনিক অগ্ৰদূত কাকতৰ মুখ্য সম্পাদক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনকসেন ডেকাই। অমৃত নিউজৰ উদ্যোগত আয়োজিত উক্ত অনুষ্ঠানত গ্ৰন্থখন উন্মোচন কৰি ডেকাই কয় যে অসমৰ জাতীয় জীৱনলৈ আগৰৱালা পৰিয়ালে অভূতপূৰ্ব বৰঙণি আগবঢ়াই থৈ গৈছে।

    তেওঁ কয় যে জ্যোতিপ্ৰসাদে সকলো ক্ষেত্ৰতেই অসমীয়া ভাষা সংস্কৃতিক সমৃদ্ধ কৰি থৈ গৈছে। তেওঁ জ্যোতিপ্ৰসাদ আগৰৱালাৰ উল্লেখযোগ্য তিনিখন নাটক ইংৰাজীলৈ অনুবাদ কৰি ড০ পাঠকে এক মহৎ কাম কৰা বুলি মন্তব্য কৰে। তেওঁ আৰু কয় যে অসমীয়া সাহিত্যিক সকলে অনুবাদ সাহিত্য সৃষ্টিত যিমান গুৰুত্ব দিব লাগে সেয়া সন্তোষ জনক নহয়। এই ক্ষেত্ৰত ড০ পাঠক সকলোৰে আদৰ্শ হ’বলৈ সক্ষম হৈছে। তেওঁ গ্ৰন্থ অধ্যয়ন প্ৰীতি বৃদ্ধিৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। ডেকাই অসমৰ কৰ্মচাৰী সমাজক মাহেকত কমেও এখনকৈ গ্ৰন্থ ক্ৰয় কৰিবলৈ আহ্বান জনায়। আৰম্ভণিতে অনুষ্ঠানৰ উদ্দেশ্যে বাখ্যা কৰি লেখক সাংবাদিক পৰেশ বৈশ্যই কয় যে ইয়াৰ পূৰ্বে ড০ পাঠকে উইলিয়াম শ্বেইকছপীয়েৰৰ পাঁচখন, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৬ খন আৰু মাধৱদেৱৰ ৯ খন নাটক ইংৰাজীলৈ অনুবাদ কৰি এক মহৎ কাৰ্য কৰিছে।

    উল্লেখযোগ্য যে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰথমখন নাটক শোণিত কুঁৱৰীখন ১৯২৪ চনত পোনপ্ৰথমবাৰৰ বাবে বাণ থিয়েটাৰত মঞ্চস্থ হৈছিল। ড০ পাঠকে জ্যোতিপ্ৰসাদৰ প্ৰথমখন নাটক মঞ্চস্থৰ শতবৰ্ষত অসমীয়া সাহিত্যৰ ভঁৰাললৈ এক অমূল্য উপহাৰ দিলে। উল্লেখযোগ্য যে জ্যোতিপ্ৰসাদ আগৰৱালাই কাৰেঙৰ লিগিৰী খন ১৯৩০ চনত, ৰূপালীমখন ১৯৩৮ চনত আৰু লভিতাখন ১৯৪৫ চনত ৰচনা কৰিছিল। কিন্তু এই নাট কেইখন আজিকোপতি ইংৰাজী বা আন বিদেশী ভাষালৈ অনুবাদ হোৱা নাছিল। অনুষ্ঠানত গ্ৰন্থখনৰ অনুবাদক ড০ পাঠকে কয় যে জ্যোতিপ্ৰসাদৰ সৃষ্টিৰাজিৰ প্ৰতি তেওঁৰ এক দুৰ্বলতা আছে। তেওঁ জ্যোতিপ্ৰসাদ আগৰৱালাক আধুনিক অসমীয়া নাটকৰ প্ৰথম স্ৰষ্টা বুলি অভিহিত কৰে। ড০ পাঠকে জ্যোতিপ্ৰসাদৰ নাটকত প্ৰাশ্চাত্যৰ প্ৰভাৱ পৰা বুলি মন্তব্য কৰে। তেওঁ কোভিডকালীন সময়ছোৱাত এই অনুবাদ কাৰ্য সম্পন্ন কৰা বুলি কয়। অনুষ্ঠানত শ্ৰমিক নেতা উদ্ধৱ কাকতি, সু-লেখক থানেশ্বৰ মালাকাৰ, অৱনী ৰঞ্জন পাঠক,ডা০ লক্ষী দাস পাঠক, সাহিত্যিক ধীৰেন শৰ্মা, প্ৰাক্তন IAS তথা অমৃত নিউজৰ উপদেষ্টা দেৱজ্যোতি হাজৰিকা, শিক্ষাবিদ ড০ ৰূপা ডেকা পাটৰ, অমৃত নিউজৰ উপদেষ্টা ৰাজ কুমাৰ আগৰৱালা, অমৰ কাশ্যপ প্ৰমুখ্যে ভালেকেইজন বিশিষ্ট ব্যক্তিয়ে ভাষণ দি ড০ পাঠকৰ এই মহৎ কামৰ শলাগ লয়।অমৃত নিউজৰ হৈ পৰিচালন সম্পাদক হীৰেন চন্দ্ৰ কলিতাই শলাগৰ শৰাই আগবঢ়ায়।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds