31.3 C
Guwahati
Sunday, October 19, 2025
More

    শেহতীয়া আপডেটঃ

    গোটানগৰৰ ইতিহাস ফেমিলী ৰেষ্টুৰেণ্ট: ৰংঘৰ, কাৰেংঘৰৰ আৰ্হিত নিৰ্মিত প্ৰৱেশদ্বাৰে আকৰ্ষিত কৰিছে সকলোকে

    ■ সকলো মানুহৰে একো-একোটা নিজা ৰুচি-অভিৰুচি থাকে। বহুতে সেই ৰুচি-অভিৰুচিক কামৰ মাজেৰে আৰু বহুতে নিজৰ নিৰ্মাণ কাৰ্যৰ মাজেৰে প্ৰতিফলিত কৰিব বিচাৰে। গুৱাহাটীৰ জালুকবাৰীৰ সমীপৰ গোটানগৰস্থিত তথা হোটেল ৰেডিছন ব্লুৰ প্ৰৱেশদ্বাৰত থকা ইতিহাস ফেমিলী ৰেষ্টুৰেণ্টখনৰ স্থাপত্য, ভাস্কৰ্য আৰু বিশেষ শিল্পকলাই স্বাভাবিকতে সাংস্কৃতিক আৰু কলাপ্ৰেমী লোকক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে গোটানগৰ অঞ্চলৰ বাসিন্দা, অসমৰ কুমাৰ জনগোষ্ঠীৰ মৃৎ শিল্পক পুনৰ্জীৱিত কৰাৰ হকে নিৰলস সাধনা আৰু সংগ্ৰাম কৰি অহা, বিশিষ্ট ব্যৱসায়ী, ভ্ৰাম্যমাণ নাট্যদল ইতিহাস থিয়েটাৰৰ জন্মদাতা মহানন্দ কুমাৰে ব্যৱসায়-বাণিজ্যত দীৰ্ঘদিন ধৰি জড়িত হৈ আহিলেও কৰ্মৰ মাজেৰে সদায় জাতিৰ প্ৰতি নিজৰ দ্বায়বদ্ধতাৰ পৰিচয় দি আহিছে। যাৰ বাবে ২০১৪ চনত ইতিহাস ফেমিলী ৰেষ্টুৰেণ্ট স্থাপন কৰোতে তেঁও সন্মুখতে নিৰ্মাণ কৰিছে অসমীয়া জাতিৰ গৌৰৱ আৰু স্বাভিমানৰ প্ৰতীক স্বৰূপ ৰংঘৰ আৰু কাৰেংঘৰৰ আৰ্হিত নিৰ্মিত প্ৰৱেশদ্বাৰ। অৰ্থাৎ ৰেষ্টুৰেণ্টলৈ অহা যিকোনো লোকেই ৰংঘৰ আৰু কাৰেংঘৰৰ তলেৰেহে প্ৰৱেশ কৰিব পাৰিব। এই সন্দৰ্ভত মহানন্দ কুমাৰে জানিবলৈ দিয়া মতে কেৱল ৰংঘৰ, কাৰেংঘৰেই নহয় ৰেষ্টুৰেণ্টৰ ভিতৰে-বাহিৰে প্ৰতিটো চুকে-কোণে কুমাৰ জনগোষ্ঠীৰ উপৰিও অসমৰ কেবাটাও খিলঞ্জীয়া জনগোষ্ঠীৰ লোকৰ শিল্প, ভাস্কৰ্য্য আদিৰ সমাহাৰ ঘটোৱা হৈছে। ইতিমধ্যেই দহটা গৌৰৱময় বছৰ অতিক্ৰম কৰা ৰেষ্টুৰেণ্টখনত ভাগ ভাগকৈ একেলগে ১৪০ জন লোকে বহি আহাৰ গ্ৰহণ কৰাৰ সুবিধা উপলব্ধ কৰা হৈছে। জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে মাজে-সময়ে আহি আহাৰ গ্ৰহণ কৰাৰ লগতে কিছু সময় জিৰণি লয় বাবে তেওঁৰ নামত নামাকৰণ কৰি এটা বিশেষ কোঠা নিৰ্মাণ কৰা হৈছে। সদৌ অসম কুমাৰ সন্মিলনৰ প্ৰতিষ্ঠাপক মহানন্দ কুমাৰে ৰেষ্টুৰেণ্টৰ দাঁতিত ২০২২ চনত স্থাপন কৰা ইতিহাস মিঠাইৰ দোকানখনেও গ্ৰাহক ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। ৰান্ধনী, পৰিচাৰকসহ প্ৰায় ৩৫ জন যুৱক-যুৱতীক কৰ্মসংস্থাপন দিবলৈ সক্ষম হোৱা মহানন্দ কুমাৰে ৰেষ্টুৰেণ্টখনৰ ভিতৰত সভা-সমিতি আদি অনুষ্ঠিত কৰাৰ সুবিধাৰ বাবে ৫০ খন আসনযুক্ত এটা সভাকক্ষৰো ব্যৱস্থা ৰাখিছে। অসম চৰকাৰৰ কুমাৰ উন্নয়ন পৰিষদৰ সদস্য হিচাপেও কাৰ্যনিৰ্বাহ কৰি অহা মহানন্দ কুমাৰৰ ৰেষ্টুৰেণ্টত আমিষ আৰু নিৰামিষ দুয়োধৰণৰ ভোজনৰ ব্যৱস্থা আছে। আনতকৈ কিছু হলেও কমত আহাৰ যোগান ধৰি অহা ৰেষ্টুৰেণ্টখনত বহি আহাৰ গ্ৰহণ কৰি থকাৰ সময়ত গ্ৰাহকে অসমৰ জাতি-জনগোষ্ঠীৰ স্থাপত্য, ভাস্কৰ্য, শিল্পকলা আদিৰ দৃশ্য উপভোগ কৰিব পাৰে।

    যিটো কথাই তেঁওক মানসিক আনন্দ দি আহিছে। কিয়নো বাহিৰৰ পৰা অহা যিকোনো লোকেই যাতে অসম সন্দৰ্ভত এক সম্যক ধাৰণা লব পাৰে তাৰ ওপৰত তেঁও সদায় দৃষ্টি ৰাখি আহিছে। উল্লেখ্য যে সদৌ অসম কুমাৰ সন্মিলনৰ মুখ্য উপদেষ্টা আৰু সদৌ অসম মৃৎ শিল্প উদ্যোগৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰি থকা মহানন্দ কুমাৰে তেঁও অসমৰ মৃৎ শিল্পক ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নিবলৈ কৰি অহা প্ৰয়াসৰ বাবে বিগত সময়চোৱাত কেবাটাও ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক বঁটা লাভ কৰি নিজৰ লগতে জনগোষ্ঠীটোলৈও গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ব্যৱসায়-বাণিজ্য কৰিলেও তাৰ মাজেৰে যে জাতিৰ প্ৰতি কিবা এটা ভাল কাম কৰিব পাৰি তাক মহানন্দ কুমাৰে হাতে-কামে কৰি দেখুৱাবলৈ সক্ষম হৈছে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds