SVR_40_COWS ILLEGALLY TRANSPORTED SEIZED
শিৱসাগৰ আৰক্ষীয়ে যোৱা নিশা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই দুখন মিনি ট্ৰাকসহ অবৈধভাৱে সৰবৰাহ কৰা ৪০ টা গৰু জব্দ কৰে।
তিনিচুকীয়াৰ বৰডুমচাৰ পৰা নগাঁৱৰ ৰূপহীলৈ বুলি দুখন মিনি ট্ৰাকত ৪০ টা গৰু কেটল পাৰ্মিট অবিহনে অবৈধভাৱে কঢ়িয়াই অনাৰ খবৰ লাভ কৰে।
সেই অনুসৰি আৰক্ষীয়ে শিৱসাগৰ জেঙনীকটীয়াৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই ৪০ টা গৰু জব্দ কৰাৰ লগতে এ এছ ০১ আৰ চি ৮০১৩ , এছ ২৫ এফ চি ৮৫০৭ নম্বৰৰ বাহনসহ ৫ জনক আটক কৰে।
আৰক্ষীয়ে গৰু সৰবৰাহ কৰা মিনি ট্ৰাক দুখনৰ লগতে নগাঁৱৰ ৰূপহীৰ আব্দুল বিলাল, আজিজুল হক, আবিদ আলি, জামিৰ উদ্দিন আৰু ইমৰাণজুল হক নামৰ ব্যক্তিকেইজনক সোধপোছৰ বাবে আটক কৰে।



