31.3 C
Guwahati
Saturday, January 24, 2026
More

    Trending Now:

    শিখা শৰ্মাক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ

    জনতাৰ শিল্পী জুবিন গাৰ্গ সন্দৰ্ভত আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত শিখা শৰ্মা নামৰ এগৰাকী মহিলাৰ বিৰুদ্ধে শিল্পীগৰাকীৰ পত্নী গৰিমা শ‍ইকীয়া গাৰ্গে পাণবজাৰ থানাত এজাহাৰ দাখিল...

    শেহতীয়া আপডেটঃ

    নিজম পৰিল বিশ্বনাথৰ উৎসৱ মুখৰ কমলাকান্ত ক্ষেত্ৰ অসম সাংস্কৃতিক মহাসংগ্ৰামৰ জিলা পৰ্যায়ৰ দুদিনীয়া প্ৰতিযোগিতাৰ সামৰণি

    নিজম পৰিল বিশ্বনাথৰ উৎসৱ মুখৰ কমলাকান্ত ক্ষেত্ৰঅ

    সম সাংস্কৃতিক মহাসংগ্ৰামৰ জিলা পৰ্যায়ৰ দুদিনীয়া প্ৰতিযোগিতাৰ সামৰণি

    বিশ্বনাথ চাৰিআলি, ৬ জানুৱাৰী :

    তিনি শতাধিক প্ৰতিযোগীৰ অংশগ্ৰহণেৰে উৎসৱ মুখৰ হৈ থকা বিশ্বনাথৰ কমলাকান্ত ক্ষেত্ৰ আজি সন্ধিয়া নিজম পৰিছে। কিয়নো কালিৰে পৰা বৰ্নাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা জিলা পৰ্যায়ৰ অসম সাংস্কৃতিক মহাসংগ্ৰাম, ২০২৩-২৪ৰ দুদিনীয়া প্ৰতিযোগিতাৰ আজি সন্ধিয়া সামৰণি পৰিছে । আজি পুৱা স্মৃতি তৰ্পণ অনুষ্ঠানৰ পিছৰে পৰা অনুষ্ঠিত হোৱা দ্বিতীয় দিনাৰ এই জিলা পৰ্যায়ৰ সাংস্কৃতিক প্ৰতিযোগিতাত পৰম্পৰাগত নৃত্য আৰু বিহু নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়। জিলাখনৰ তিনিওটা সমষ্টি ক্ৰমে গহপুৰ, বিহালী আৰু বিশ্বনাথৰ মুঠ ৩৬ টা দলৰ তিনি শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে।

     

    আজি দ্বিতীয় দিনা জিলাখনৰ তিনিওটা সমষ্টিৰ পৰা পৰম্পৰাগত নৃত্যৰ মুঠ ২১টা দলে অংশগ্ৰহণ কৰে। উল্লেখ্য যে আজি ১৩ টা ঝুমুৰ নৃত্য দলে নৃত্য প্ৰদৰ্শন কৰাৰ উপৰিও কাৰ্বি লোকনৃত্যৰ দুটা দল, মিচিং লোকনৃত্যৰ দুটা দল আৰু বড়ো, নেপালী, হাজং আৰু সম্বলপুৰী নৃত্যৰ একোটিকৈ দলে নিজ নিজ লোকনৃত্যৰ প্ৰদৰ্শন কৰে। বিশিষ্ট সুৰকাৰ, কণ্ঠশিল্পী দিবাকৰ বৰাই পৰিচালনা কৰা আজিৰ অনুষ্ঠানটিত বিহু নৃত্য প্ৰতিযোগিতা শিতানত জিলাখনৰ তিনিওটা সমষ্টিৰ মুঠ ১৫ টা বিহু নৃত্যৰ দলে অংশ গ্ৰহণ কৰি নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰে। বিশিষ্ট বিহু নৃত্য আৰু পৰম্পৰাগত লোক নৃত্য বিচাৰক ক্ৰমে লক্ষী শইকীয়া, বিনয় কুমাৰ বৰা, জিতেন শইকীয়া, দিব্যজ্যোতি নাথ, প্ৰনতি বৰা কেওট আৰু হীৰেন নাথ বিচাৰক হিচাবে উপস্থিত থকা আজিৰ এই নৃত্য প্ৰতিযোগিতা সন্ধিয়া পৰ্যন্ত অব্যাহত থাকে। উল্লেখ্য যে আজিৰ এই প্ৰতিযোগিতাত উপস্থিত থাকি বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিশ্বনাথৰ জিলা আয়ুক্ত ডাঃ নেহা যাদৱ, প্ৰশাসনিক বিষয়া গিৰীশ হাজৰিকা প্ৰমুখ্য সন্মানীয় ব্যক্তি সকলে প্ৰতিযোগী সকলক উৎসাহিত কৰে। সন্ধিয়া জিলা আয়ুক্ত ডাঃ নেহা যাদৱে প্ৰতিযোগী সকলক উদ্দেশ্যি প্ৰদান কৰা নাতিদীৰ্ঘ ভাষণত তেওঁলোকৰ সহযোগিতা, উচ্চ মানৰ প্ৰদৰ্শনে বিশ্বনাথৰ নাম ৰাজ্যিক পৰ্যায়ত উজলাই তুলিব বুলি আশা প্ৰকাশ কৰে।

    উল্লেখযোগ্য যে, জিলা পৰ্যায়ৰ এই সাংস্কৃতিক মহাসংগ্ৰামৰ নিৰ্দ্ধাৰিত কাৰ্যসূচী অনুসৰি কালি প্ৰথম দিনা পুৱা প্ৰতিযোগিতাৰ শুভ আৰম্ভণি কৰাৰ পাছতে জিলাখনৰ শতাধিক প্ৰতিযোগীৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হয় বিষ্ণুৰাভা সংগীত, ভূপেন্দ্ৰ সংগীত আৰু ৰবীন্দ্ৰ সংগীত প্ৰতিযোগিতা। সেইদৰে দ্বিতীয় দিনা আজি পৰম্পৰাগত নৃত্য আৰু বিহু নৃত্য প্ৰতিযোগিতাৰে দুদিনীয়া প্ৰতিযোগিতাৰ সামৰণি পৰে। আনহাতে অহা ১৭ জানুৱাৰী, ২০২৪ তাৰিখে বিশ্বনাথত জিলা পৰ্যায়ৰ জ্যোতি সংগীত প্ৰতিযোগিতালানি অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
    • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
    • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
    • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
    • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
    • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
    • FREE BIRD | ZUBEEN GARG |
    • Herowa Chanda- Trailer

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 30 seconds