31.3 C
Guwahati
Saturday, October 18, 2025
More

    শেহতীয়া আপডেটঃ

    অনুপ্ৰৱেশ-বিদেশী (ৰেহাই) নিৰ্দেশ ২০২৫-ৰ দ্বাৰা বিজেপি দলে অসমৰ বঙালী সমাজকো অপমান কৰাৰ লগতে আঘাত দিয়াটো গৰিহণাৰ যোগ্য : গৌৰৱ গগৈ

    বিজেপি দলৰ এনে ৰাজনীতিৰ ফলস্বৰূপে অসমত বসবাস কৰা বঙালী মানুহৰ ওপৰত যেনেদৰে বাংলাদেশী বুলি এক পৰিচয় দিব বিচাৰিছে, তাৰবাবে আমাৰ সমাজৰ মাজত এক অস্থিৰতাৰ সৃষ্টি কৰিছে

    ♦ বিজেপি দলৰ চৰকাৰে অনুপ্ৰৱেশ-বিদেশী (ৰেহাই) নিৰ্দেশ ২০২৫-ৰ (Immigration and Foreigners (Exemption) Order) যোগেদি বিভিন্ন দেশৰ পৰা অহা বিদেশীক ভাৰতত যিদৰে নাগৰিকত্ব দিবলৈ বিচাৰিছে সেই সিদ্ধান্তৰ আমি প্ৰদেশ কংগ্ৰেছে পুনৰবাৰ বিৰোধিতা কৰিছো। বিজেপি দলে সদায়েই পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই ধৰণৰ ৰাজনীতি কৰি পশ্চিমবংগত বঙালীসকলৰ ভোট ল’বলৈ বিচাৰে আৰু এনে সিদ্ধান্তৰ দ্বাৰা আমাৰ অসমৰ পৰিস্থিতি তেওঁলোকে অস্থিৰ কৰি তোলে।

    এহাতে বিজেপি দলে এনে পদক্ষেপৰ দ্বাৰা পশ্চিমবংগৰ সমগ্ৰ বঙালী হিন্দু মানুহৰ ভোট ল’বলৈ যায় আৰু আনহাতে ইয়াৰ দ্বাৰা অসমত গোটেই বঙালী সমাজক বাংলাদেশী সজাই তুলিবলৈ বিচাৰে। আমি বিজেপি দলৰ এনে প্ৰচেষ্টাক গৰিহণা দিছো। বিজেপি দলৰ এনে ৰাজনীতিৰ ফলস্বৰূপে অসমত বসবাস কৰা বঙালী মানুহৰ ওপৰত যেনেদৰে বাংলাদেশী বুলি এক পৰিচয় দিব বিচাৰিছে, তাৰবাবে আমাৰ সমাজৰ মাজত এক অস্থিৰতাৰ সৃষ্টি কৰিছে। বিজেপি চৰকাৰে অসমৰ বঙালী মানুহক যেন অপমান কৰাৰ এক সিদ্ধান্ত ল’বলৈ বিচাৰিছে! আমি কংগ্ৰেছ দলে বিজেপি দলৰ এনে কাৰ্য্যৰ পুনৰবাৰ গৰিহণা দিবলৈ বিছাৰিছো। মই অসমৰ বঙালী অধ্যুষিত বিভিন্ন ঠাই যেনে হোজাই, হাইলাকান্দি যি ঠাইলৈকে গৈছো অসমৰ সকলো বঙালী মানুহে কয় যে বিজেপি দলে অসমৰ বঙালীসকলক অপমান কৰাৰ এইয়া কি ধৰণৰ কাম কৰিছে?

    আমি সকলোৱে অসম চুক্তি মানি চলো, কিন্তু বিজেপি দলে অসম চুক্তি অমান্য কৰে আৰু এই চুক্তিৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰে। অসম আৰু অসমীয়াৰ স্বাৰ্থত আমি কংগ্ৰেছ দলে কেতিয়াও আপোচ নকৰো বুলি বিজেপি চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে আমাৰ বিধায়িনী দলৰ নেতা দেবব্ৰত শইকীয়া ডাঙৰীয়া আৰু প্ৰাক্তন সভাপতি ৰিপুন বৰা ডাঙৰীয়াই পূৰ্বে ইতিমধ্যেই সংবাদমেলযোগে অসমৰ ৰাইজক দলীয় স্থিতি অৱগত কৰিছে। মই মাথো এই আইনৰ দ্বাৰা বিশেষকৈ অসমৰ বঙালী সমাজকো আঘাত দিয়া এনে সিদ্ধান্তৰ বাবে বিজেপি চৰকাৰক গৰিহণা দিছো।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.