Friday, June 6, 2025
29.5 C
Guwahati
TOP NEWS:

মাহেকীয়া বাৰ্তাপখিলীৰ পুষ্পাদেৱী জালান সোঁৱৰণি সাহিত্য বঁটা ডঃ মুক্তা বিশ্বাসলৈ

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

গুৱাহাটীঃ গুৱাহাটীস্থিত বিশাল প্ৰকাশনৰ পৰা প্ৰকাশিত ভাষা-সাহিত্য-সংস্কৃতিৰ পূৰ্ণাংগ আলোচনী ‘মাহেকীয়া বাৰ্তাপখিলী’য়ে ২০১২ চনৰপৰা চল্লিশোধৰ্ৰ লেখিকাক সৰবৰহী মহিলা পুষ্পাদেৱী জালানৰ সোঁৱৰণত সাহিত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰি পুৰস্কৃত কৰি আহিছে৷ এই প্ৰতিযোগিতাত চল্লিশোৰ্ধৰ লেখিকা এগৰাকীৰ শ্ৰেষ্ঠ প্ৰবন্ধ-নিবন্ধ সংকলনখন নিৰ্বাচকমণ্ডলীৰ দ্বাৰা বাছনি কৰি ‘পুষ্পাদেৱী জালান সোঁৱৰণি বঁটা’ প্ৰদান কৰা হয়৷ ‘বাৰ্তাপখিলী’ৰ ত্ৰিশ বৰ্ষত পদাৰ্পণ আৰু সৰবৰহী মহিলা পুষ্পাদেৱী জালানৰ ত্ৰয়োদশ মৃত্যু বাৰ্ষিকী উপলক্ষে প্ৰদান কৰিব লগা ২০২৪ বৰ্ষৰ বঁটাৰ বাবে নিৰ্বাচকমণ্ডলীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপিকা ডঃ মুক্তা বিশ্বাসক নিৰ্বাচিত কৰিছে ‘উপনিষদৰ ভাবাদৰ্শত মানৱতাবাদ’ শীৰ্ষক প্ৰবন্ধ সংকলনৰ বাবে৷

উল্লেখ্য যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা সংস্কৃতত স্নাতকোত্তৰ শ্ৰেণীত প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ তিনিটাকৈ স্বৰ্ণপদক লাভ কৰি পৰৱতী সময়ত একেখন বিশ্ববিদ্যালয়তে অধ্যাপিকাৰূপে কৰ্মজীৱন আৰম্ভ কৰা ডঃ মুক্তা বিশ্বাসৰ তত্ত্বাৱধানত ১৬গৰাকী গৱেষে¸ক পি এইচ ডি আৰু এম ফিল উপাধি লাভ কৰিছে৷ বিভিন্ন বঁটাৰে সন্মানিত ডঃ বিশ্বাসে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰ আৰু সন্মিলনত যোগদান কৰি অধ্যাপিকা হিচাপে কানাডা, থাইলেণ্ড, বাংলাদেশ আদি দেশ ভ্ৰমণ কৰিছে৷ তেখেত বৰ্তমান কেবাখনো বিশ্ববিদ্যালয়ৰ বিদ্যায়তনিক চৰ্চাৰ সৈতে জড়িত হৈ আছে৷ উল্লেখ্য যে ত্ৰয়োদশ বৰ্ষৰ ‘পুষ্পাদেৱী জালান সোঁৱৰণি সাহিত্য বঁটা’ অহা ৩ নৱেম্বৰ, ২০২৪ তাৰিখে দিনৰ ১১ বজাত গুৱাহাটী প্ৰেছ ক্লাবত এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰা হ’ব বুলি দাতা পৰিয়ালৰ তৰফৰপৰা গোপাল জালান আৰু ‘বাৰ্তাপখিলী’ৰ সম্পাদক ব্ৰজেন্দ্ৰ নাথ ডেকাই জানিবলৈ দিয়ে৷ এই বঁটাৰ লগত ২১,০০০ [একৈশ হাজাৰ] টকা, স্মাৰক, গ্ৰন্থৰ টোপোলা আৰু মানপত্ৰ থাকিব৷

- Advertisement -

Hot this week

‘কেৰিয়াৰ হাতপুথি’ৰ উন্মোচন অনুষ্ঠান প্ৰসংগত

মাননীয় সম্পাদক মহোদয়, বহু পাঠকে মোক প্ৰশ্ন কৰে—‘কেৰিয়াৰ হাতপুথি’নামৰ কিতাপখনৰ...

শিশুসকলৰ কেৰিয়াৰ গঠনত সামাজিক অনুষ্ঠানৰ ভূমিকা

🖋️ড° বুলজিৎ বুঢ়াগোহাঁই           শিশুসকলৰ কেৰিয়াৰ গঠন এটা দীঘলীয়া আৰু...

মুখ্যমন্ত্রীৰ সৈতে টেলিফোনিক বাৰ্তালাপত প্রধানমন্ত্ৰীঃ বুজ ললে অসমৰ সাম্প্ৰতিক বান পৰিস্থিতি ?

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৰা...

সাম্প্ৰতিক বানত ৰাজ্যৰ ২১ খন জিলাৰ ৫ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত

সাম্প্ৰতিক বানত ৰাজ্যৰ ২১ খন জিলাৰ ৫ লাখৰো...

Topics

বিশ্ব পৰিৱেশ দিৱস

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ৩০ ছেপ্তেম্বৰলৈকে অটল নগৰীয়া উজ্জীৱিতকৰণ...

Monsoon Session of Parliament to be convened from 21st of next month

The government today announced the schedule for the Monsoon...

The Role of Social Organizations in Children’s Career Development -Dr. Buljit Buragohain 

Children’s career development is a long-term and multifaceted process....

শিশুসকলৰ কেৰিয়াৰ গঠনত সামাজিক অনুষ্ঠানৰ ভূমিকা

🖋️ড° বুলজিৎ বুঢ়াগোহাঁই           শিশুসকলৰ কেৰিয়াৰ গঠন এটা দীঘলীয়া আৰু...

Related Articles

Popular Categories

Assam
scattered clouds
28.3 ° C
28.3 °
28.3 °
77 %
0.7kmh
30 %
Fri
33 °
Sat
33 °
Sun
34 °
Mon
34 °
Tue
34 °

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds