Monday, August 25, 2025
27.5 C
Guwahati
TOP NEWS:

 পৰীক্ষা গৃহত দাওৰা দৌৰি : শেষত লিখিলো আৰু : নলবাৰী ছোৱালী হাইস্কুল উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰত :  হৈছিল কি প্ৰকৃত
 

- Advertisement -

 

পৰীক্ষা গৃহত নিৰীক্ষকে প্ৰদান কৰা নিৰ্দেশনা ভূল হোৱাৰ অভিযোগ পৰীক্ষাৰ্থী ।

দেওবাৰে  অসম চৰকাৰৰ সৰ্ববৃহৎ চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষা ।সমগ্ৰ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে নলবাৰী জিলাতো ৬৯ টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হয় লিখিত পৰীক্ষা ।

এই পৰীক্ষাত যাতে কোনো দূৰ্নীতি,হুলুস্থুলীয়া পৰিবেশ বিৰাজ নকৰাৰ বাবেই নলবাৰী জিলা প্ৰশাসনে নিয়াৰিকৈ পৰীক্ষা চলাই নিবলৈ ব্যৱস্থা কৰা পৰিলক্ষিত হৈছে ।

 

ইয়াৰ মাজতে নলবাৰী চহৰস্থিত নলবাৰী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰত কিছু বিসংগতি হোৱা অভিযোগ উত্থাপন কৰিছে একাংশ পৰীক্ষাৰৃথীয়ে।

পু্আ  ১০ বজাৰ পৰা আৰম্ভ হোৱা প্ৰথম কাকত  দিনৰ ১২ বজাত  শেষ হয়।

উল্লেখযোগ্য যে কেন্দ্ৰটোৰ এটা কোঠাৰ ২১ গৰাকী পৰীক্ষাৰ্থীৰ মাজত আৰম্ভ হয় হাহাকাৰ পৰিবেশ আৰম্ভণিতে ।

ঘটনাৰ বিৱৰণ অনুসৰি উক্ত পৰীক্ষা কেন্দ্ৰৰ এটা কোঠাত ২৪ গৰাকীকৈ পৰীক্ষাৰ্থীয়ে পৰীক্ষাত বহিছিল ।

কিন্তু উক্ত পৰীক্ষা কোঠাত দায়িত্বত থকা নিৰীক্ষক জনৰ ভুল নিৰ্দেশনাৰ বাবেই ২১ গৰাকীকৈ পৰীক্ষাৰ্থীৰ OMR চিট ভুলকৈ লিখা  অভিযোগ উত্থাপন কৰিছে পৰীক্ষাৰ্থীয়ে।

ফলশ্ৰুতিত এই ২১ গৰাকী পৰীক্ষাৰ্থীয়ে আধা সময় নষ্ট হোৱা লগতে  নিৰীক্ষকৰ ওপৰত ক্ষোভ প্ৰকাশ কৰে ।

লগতে তেওলোকৰ লিখিত পৰীক্ষাত নিৰ্দেশনা ভুল হলেও যেন লিখিত পৰীক্ষা পুনৰ নিৰীক্ষন কৰে তাৰ বাবেও কতৃপক্ষক আহ্বান জনাই । টকা-পইচা দি আবেদন কৰাৰ পিছত ও এগৰাকী নিৰীক্ষকৰ ভুলৰ বাবে ২১ গৰাকী পৰীক্ষাৰ্থীৰ ভৱিষ্যত এতিয়া কোন দিশে গতি কৰিব সেয়া এতিয়া সচেতন মহলৰ মুখে মুখে প্ৰশ্ন ।আনহাতে বিষয়টো মুখ্যমন্ত্ৰী হস্তক্ষেপ দাবী কৰিলে পৰীক্ষাৰ্থী সকলে।

নলবাৰীৰ পৰা ফইজুল হক চৌধুৰীৰ প্ৰতিবেদন

Hot this week

Topics

আহোমসকলৰ শাসনকালৰ কাৰ্যাৱলীক বুজিবলৈ সহায়ক গ্ৰন্থ : ‘আহোম বুৰঞ্জী-কোষ’

‘আহোম বুৰঞ্জী-কোষ’ হৈছে আহোমসকলৰ শাসন কালৰ কাৰ্যাৱলী ভালদৰে আৰু...

২০ তম পানবাৰী অসম আৰক্ষী বাহিনীৰ ছাউনিত উলহ মালহৰে ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন

● পৰ্বতঝোৰা: আজি দেশবাসীয়ে উদযাপন কৰিছে ৭৯ সংখ্যক স্বাধীনতা...

হাগ্ৰামা মহিলাৰীৰ কথাৰ কোনো মূল্য নাইঃ জয়ন্ত বসুমতাৰী

পৰ্বতঝোৰাঃ বিটিআৰত আৰম্ভ হৈছে নিৰ্বাচনী যুদ্ধ। শাসক বিৰোধী নেতাৰ...

গুৱাহাটীত নাৰিকল উন্নয়ন ব’ৰ্ডৰ উদ্যোগত কাৰিকৰী সমৃদ্ধি

■ গুৱাহাটীস্থিত আঞ্চলিক নাৰিকল উন্নয়ন ব'ৰ্ডৰ উদ্যোগত ৮ আগষ্ট...

Related Articles

Popular Categories

Assam
light rain
24.5 ° C
24.5 °
24.5 °
93 %
0.7kmh
84 %
Mon
25 °
Tue
33 °
Wed
32 °
Thu
31 °
Fri
27 °