31.3 C
Guwahati
Monday, October 20, 2025
More

    শেহতীয়া আপডেটঃ

    ভাৰতত গঁড় সংৰক্ষণৰ সফলতাক প্ৰশংসা আই আৰ এফৰ কাৰ্যবাহী সঞ্চালকৰ

    ■ গুৱাহাটী: ভাৰতত বিশেষকৈ অসমৰ কাজিৰঙা, মানাহ, ওৰাং আৰু পবিতৰাৰ সংৰক্ষিত অঞ্চলত এটা খড়্গযুক্ত গঁড়ৰ সংৰক্ষণৰ ক্ষেত্ৰত এই পৰ্যন্ত লাভ কৰা সফলতাক আন্তঃৰাষ্ট্ৰীয় গঁড় ফাউণ্ডেচনে (আই আৰ এফ) প্ৰশংসা কৰিছে আৰু গঁড় সংৰক্ষণৰ লক্ষ্যত উপনীত হোৱাৰ বাবে চৰকাৰী কৰ্তৃপক্ষৰ প্ৰচেষ্টাৰ প্ৰতি পৰিপূৰক সহায় আগবঢ়োৱা জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকৰ শলাগ লৈছে।

    দুসপ্তাহজোৰা ভাৰত ভ্ৰমণৰ অংশহিচাপে দেশৰ সকলো গঁড় বহনকাৰী অঞ্চল পৰিদৰ্শন কৰা আই আৰ এফৰ কাৰ্যবাহী সঞ্চালক নীনা ফেচিয়নে সোমবাৰে এটা খড়্গযুক্ত ভাৰতীয় গঁড় আৰু অন্যান্য গুৰুত্বপূৰ্ণ প্ৰজাতিৰ সংৰক্ষণ,  বাসস্থান সুৰক্ষা আৰু পুনৰুদ্ধাৰ, সংৰক্ষণ প্ৰচেষ্টাত স্থানীয় লোকক নিয়োজিত কৰাৰ বাবে আৰন্যকৰ দলৰ গৱেষণালব্ধ কামৰ ভূয়সী প্ৰশংসা কৰে।

    আৰণ্যকৰ দলৰ সৈতে হোৱা এক মত বিনিময় অনুষ্ঠানত আই আৰ এফৰ জ্যেষ্ঠ বিষয়াগৰাকীয়ে কয় যে এটা খড়্গযুক্ত গঁড়ৰ সংৰক্ষণৰ ক্ষেত্ৰত আই আৰ এফ আৰণ্যকৰ সৈতে দীঘলীয়া সহযোগিতাৰ বাবে আগ্ৰহী।
    আফ্ৰিকা আৰু এছিয়াৰ কেইবাখনো দেশত বিভিন্ন প্ৰজাতিৰ গঁড়ৰ সংৰক্ষণত সহায় কৰি অহা বিশ্ব দাতব্য সংস্থা আই আৰ এফে প্ৰায় ১২ বছৰ ধৰি আৰণ্যকৰ সৈতে কাম কৰি আছে।

    গঁড়ৰ ফলপ্ৰসু সংৰক্ষণৰ বাবে ইহঁতৰ সংখ্যাৰ ওপৰত অহৰহ নিৰীক্ষণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি নীনা ফেচিয়নে কয়, “পৃথিৱীৰ এই অংশত ভাৰতীয় গঁড়ৰ সংৰক্ষণত লাভ কৰা সফলতাই মোক অভিভূত কৰি তুলিছে আৰু আই আৰ এফে আগন্তুক বছৰবোৰত এই প্ৰজাতিটোৰ সংৰক্ষণৰ প্ৰচেষ্টাত অধিক সহায় হাত আগবঢ়াবলৈ আগ্ৰহী।“

    ভাৰতত সংখ্যা বৃদ্ধিৰ ধাৰা অব্যাহত থকা বৃহত্তৰ এটা খড়্গযুক্ত গঁড়ৰ স্থায়ী সংৰক্ষণৰ বাবে বিশ্বব্যাপী অধিক মনোযোগ আকৰ্ষণৰ প্ৰয়োজন বুলি উল্লেখ কৰি আই আৰ এফৰ বিষয়াগৰাকীয়ে বিশ্বৰ সকলো গঁড় ধাৰণকাৰী দেশৰ মাজত গঁড় সংৰক্ষণৰ প্ৰচেষ্টা সন্দৰ্ভত তথ্যৰ আদান প্ৰদানৰ আহ্বান জনায়।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds