31.3 C
Guwahati
Saturday, October 18, 2025
More

    শেহতীয়া আপডেটঃ

    বটিয়ামাৰীত জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ সম্পন্ন

    বটিয়ামাৰীত জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ সম্পন্ন

    অসম খবৰ দিগন্ত কুমাৰ দাস বেদেতী ২৭ মে’= বিশ্বনাথ জিলা জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ(অসম) আৰু জনগোষ্ঠীয় যুৱ ঐক্য মঞ্চৰ উদ্যোগত, বটিয়ামাৰী বাসীৰ সহযোগত অনুষ্ঠিত জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহৰ কালি সফলতাৰে অনুষ্ঠিত হৈ যায় ।
    যুৱ ঐক্য মঞ্চৰ কেন্দ্ৰীয় সভাপতি ডম্বৰুধৰ দাসে পতাকা উত্তোলন কৰাৰ পাছতে স্মৃতি তৰ্পণ শুভাৰম্ভ কৰে
    অভ্যৰ্থনা সমিতিৰ সভাপতি তথা জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ উপ-সভাপতি বিনোদ খনালে ।
    ‘জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য, সংহতি আৰু সাম্প্ৰতিক যুৱ সমাজৰ কৰণীয়’ শীৰ্ষক আলোচনা চক্ৰখন উদ্বোধন কৰে যাদৱ চলিহাই ।


    আলোচনা চক্ৰত মুখ্য আলোচক হিচাপে অংশগ্ৰহণ কৰে আনন্দ ৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থাৰ অৱসৰপ্ৰাপ্ত সঞ্চালক ড° দিলিপ কুমাৰ কলিতাই, আলোচক হিচাপে অংশগ্ৰহণ কৰে বিশিষ্ট শিশু সাহিত্যিক, নাট্যকাৰ দিলীপ কুমাৰ বৰুৱা আৰু তেজপুৰ সমষ্টিৰ বিধায়ক, কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ পুত্ৰ তথা জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ উপদেষ্টা পৃথ্বীৰাজ ৰাভাই ।


    আলোচনা চক্ৰখন সঞ্চালনা কৰে জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ বিশ্বনাথ জিলা সমিতিৰ সভাপতি তথা বৰপেটাৰ অসম সাংস্কৃতিক বিশ্ববিদ্যালয়, নসত্ৰৰ পৰিৱেশ্য কলা বিভাগৰ গৱেষক ছাত্ৰ পলাশ জ্যোতি কোচে ।
    ড° দিলীপ কুমাৰ কলিতাই বৃহত্তৰ অসমীয়া জাতি সত্বাৰ লগত জড়িত প্ৰতিটো জনগোষ্ঠীৰ উমৈহতীয়া ভাষা। সংস্কৃতিৰ স’তে ওতঃপ্ৰোত সম্পৰ্ক ৰাখিলেহে অসমীয়াৰ আচল পৰিচয় দিব পৰা হ’ব বুলি নিজৰ বক্তব্যত প্ৰকাশ কৰে ।
    পৃথ্বীৰাজ ৰাভাদেৱে কয় যে, ”উঠি অহা প্ৰজন্মই জীৱনৰ বাবে শিকিব লগীয়াখিনি কম বয়সতে শিকি ল’ব লাগে, তেতিয়াহে জীৱনটোক ভালকৈ সজাই ল’ব পৰা যাব । অসমীয়া এক চহকী জাতি, এই জাতিৰ এক সুকীয়া সাংস্কৃতিক পৰিচয় আছে, আছে বহু মূল্যবান সাংস্কৃতিক সমল । ইয়াক যথাযথভাৱে সংৰক্ষণ আৰু সংবৰ্ধন কৰাৰ দায়িত্ব নতুন প্ৰজন্মৰ । কাৰণ, এজন বৃদ্ধই কৈ থকা বহু মূল্যবান কথা আন এজন এজন বৃদ্ধই শুনিলে সিমান কামত নাহিব, যিমানখিনি উঠি অহা প্ৰজন্মৰ ক্ষেত্ৰত উপযোগী হ’ব ।”
    দিলীপ কুমাৰ বৰুৱাই শিক্ষা, সাহিত্য, সংস্কৃতিৰ দিশত নতুন প্ৰজন্ম আগুৱাই আহি, ঐক্য, সংহতি অটুট ৰাখিবলৈ আহ্বান জনায় ।


    সঞ্চালকৰ আসনৰ পৰা পলাশজ্যোতি কোচে অত্যধিক মোবাইল মেনিয়াৰ পৰা শিশু আৰু শিক্ষাৰ্থী আঁ‌তৰি আহিবলৈ কৈ জীৱনক উচ্চ স্থানত উপনীত কৰাবলৈ প্ৰচুৰ অধ্যয়ন আৰু জ্ঞান অন্বেষণত ৰত হ’বলৈ আৰু শিক্ষা আহৰণৰ লগতে সাংস্কৃতিক দিশৰ উত্তৰণৰ প্ৰতি মনোযোগ দিবলৈকো আহ্বান জনায় ।
    জনগোষ্ঠীয় সাংস্কৃতিক মহিলা ঐক্য মঞ্চৰ সভানেত্ৰী দ্বীপান্বিতা দুৱৰা আৰু ঐক্য মঞ্চৰ সাংস্কৃতিক সম্পাদক প্ৰীতি ৰঞ্জন বৰুৱাই বক্তব্য ৰাখি এক বৰ অসম আৰু বৃহত্তৰ অসমীয়া জাতি হিচাপে পৰিচয় দিবলৈ
    হ’লে সাংস্কৃতিকভাৱে চহকী আৰু কিছু ত্যাগ স্বীকাৰ কৰিবলৈ সাজু থাকিব লাগিব বুলি উল্লেখ কৰে ।
    বিহালী প্ৰেছ ক্লাৱৰ সভাপতি, বিশ্বনাথ জিলা নাট্য সন্মিলনৰ কাৰ্যকৰী সভাপতি দীপক শৰ্মাই ‘মানৱ জীৱন সম্পূৰ্ণ কৰিবলৈ আমাৰ প্ৰয়োজনীয় জ্ঞান, দক্ষতা আয়ত্ত কৰি, ক্ৰীড়া, সংস্কৃতি, সমাজৰ প্ৰতি সেৱাৰ মনোভাৱ লৈ নিজৰ পৰিচয় দাঙি ধৰিলেহে প্ৰকৃত এজন শিক্ষিত লোক বুলি পৰিচয় দিয়া ভাল’ বুলি কয় ।
    বিয়লি অনুষ্ঠিত জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ উদ্বোধন কৰে মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক প্ৰহ্লাদ মিলিয়ে ।তেখেতে নিজে ৰচনা আৰু সুৰাৰোপ কৰা মঞ্চৰ শীৰ্ষ গীত ”আমি বৰ ভেটি ৰাখিমেই …..” পৰিৱেশন কৰি অসমৰ সকলো জনগোষ্ঠীক একত্ৰিত কৰিবলৈ এই মঞ্চ জন্ম দিয়া হৈছে বুলি কয় । গীত পৰিৱেশন কৰি অনুষ্ঠান জীপাল কৰি তোলে মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সাংস্কৃতিক সম্পাদক ৰাজেন শৰ্মাই ।
    ইয়াৰ পিছতে বৰগীতেৰে অনুষ্ঠান মুকলি কৰে শিক্ষক সেৱক শৰ্মা আৰু ছাত্ৰী লিজা শইকীয়াই ।
    সমাৰোহত উড়িয়া, বড়ো, ঝুমুৰ, চাওতালী, মিচিং, কাৰ্বি, মগৰ, বিহু, তামাং, গোৰ্খালী, জেং বিহু, সাতভনীৰ বিহু নৃত্য, জোন দাস-নেহা বৰাৰ কলাত্মক নৃত্যানুষ্ঠানৰ লগতে চয়নিকা শইকীয়া, প্ৰীতি বৰা, চায়ামণি শইকীয়া আদিয়ে একক নৃত্য পৰিৱেশন কৰে ।
    অনুষ্ঠানত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ষ্টাৰ আৰু ডিষ্টিংচন লাভ কৰি বিশেষ কৃতিত্ব অৰ্জন কৰা অঞ্চলটোৰ শিক্ষাৰ্থী সকলক অভিনন্দন জনোৱা হয় ।
    অভিনন্দন অনুষ্ঠানত ৰয়েল একাডেমিৰ ১১ জন, বিহালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দুজন, পূব বিহালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৪ জন, আৰ কে সোঁ‌ৱৰণী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ ৫ জন, জয়মতী হাইস্কুলৰ এজন, বিশ্বনাথ জ্ঞান ভাৰতীৰ দুজন, পাৰ্ল একাডেমিৰ এজন, ৰামলাল মেম’ৰিয়েল ইংলিছ স্কুলৰ ২ জন, জৱাহৰ নবোদয় বিদ্যালয়, বিশ্বনাথৰ এজনকে ধৰি মুঠ ৩০ গৰাকীক গামোচা আৰু অভিনন্দন পত্ৰ প্ৰদান কৰা হয় ।
    অনুষ্ঠানভাগ সামগ্ৰিকভাৱে পৰিচালনা কৰে বিনোদ খনাল, ডম্বৰুধৰ দাস, সেৱক শৰ্মা, ভুৱন ঘোৰ্ছানে, খগেন মটক, ভুৱন লুইটেল, যাদৱ তিমচিনা, পংকজ পোখ্ৰেল, বিজু দেৱী, চম্পা দেৱী, পিংকী মটক, মৃণালী দাস, অদিতি হাজৰিকা আদিয়ে ।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.