31.3 C
Guwahati
Saturday, January 17, 2026
More

    Trending Now:

    বিশিষ্ট সংগীত শিল্পী প্রয়াত সমৰ হাজৰিকা আৰু ধনদা পাঠকলৈ অসম চৰকাৰৰ ২০২৬ বৰ্ষৰ শিল্পী বঁটা

    — গুৱাহাটী, ১৬ জানুৱাৰী, ২০২৬ অসম চৰকাৰৰ ২০২৬ বৰ্ষৰ শিল্পী বঁটাৰ বাবে বিশিষ্ট সংগীত শিল্পী প্রয়াত সমৰ হাজৰিকা (মৰণোত্তৰভাৱে) আৰু ধনদা পাঠকক মনোনীত কৰা হৈছে।...

    শেহতীয়া আপডেটঃ

    পঞ্চায়তৰ ফটোযুক্ত খছৰা ভোটাৰ তালিকা প্ৰকাশ

    পঞ্চায়তৰ ফটোযুক্ত খছৰা ভোটাৰ তালিকা প্ৰকাশ

    ২৮ আগষ্টৰ পৰা ১২ চেপ্টম্বৰৰ ভিতৰত অনলাইনযোগে দাখিল কৰিব পাৰিব দাবী আৰু আপত্তি

    অসম খবৰ প্ৰতিনিধি ৰাজেশ ঘোষ  ২৫ আগষ্টঃ

    সমাগত পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অসম ৰাজ্যিক নিৰ্বাচন আয়োগে ৰাজ্যৰ পঞ্চায়তসমুহৰ ফটোযুক্ত খছৰা ভোটাৰ তালিকা ২৫ আগষ্ট, ২০২৩ তাৰিখে অনলাইন যোগে প্ৰকাশ কৰিছে। সেই অনুসৰি বিশ্বনাথ মহকুমাৰ অন্তৰ্গত গাওঁ পঞ্চায়ত সমুহৰো ফটোযুক্ত খছৰা ভোটাৰ তালিকা আজি অনলাইন যোগেদি প্ৰকাশ কৰা হৈছে। উল্লেখ্য যে ১ জানুৱাৰী, ২০২৩ ভিত্তি বৰ্ষৰূপে লৈ প্ৰকাশ কৰা এই ফটোযুক্ত খছৰা ভোটাৰ তালিকাসমুহ বৰ্তমান অসম চৰকাৰৰ (https://ermssec.assam.gov.in) ৱেবছাইটত উপলব্ধ কৰা হৈছে। বিশ্বনাথৰ নিৰ্বাচনী বিষয়াই এক বিবৃতি যোগেদি আজি এই কথা সদৰি কৰিছে।
    নিৰ্বাচনী বিষয়া গৰাকীয়ে জানিবলৈ দিয়ামতে, এই ভোটাৰ তালিকাত নিজৰ নাম পৰীক্ষা কৰিবৰ বাবে অসম চৰকাৰৰ নিৰ্দ্ধাৰিত ৱেবচাইটত ক্লিক কৰি প্ৰয়োজনীয় পদক্ষেপৰ মাজেৰে গৈ ভোটাৰ তালিকাৰ প্ৰতিলিপি ডাইনলোড কৰিব পাৰিব।পঞ্চায়তৰ ফটোযুক্ত খছৰা ভোটাৰ তালিকাৰ পি.ডি.এফ. (PDF ভোটাৰ তালিকা) ডাউনলোড কৰিবলৈ ভোটাৰ সকলে অসম চৰকাৰৰ নিৰ্দ্ধাৰিত ৱেবছাইটটোলৈ গৈ প্ৰথমে জিলা/মহকুমা (সদ) নাম বাচনি কৰিব লাগিব। তাৰ পাছত জিলা পৰিষদ সমষ্টিৰ নাম বাচনি কৰিব লাগিব আৰু পিছত গাঁও পঞ্চায়তৰ নাম বাচনি কৰাৰ লগে লগে ৱাৰ্ডৰ নাম বাচনি কৰিব লাগিব। তাৰ পাছত ভোটগ্রহন কেন্দ্ৰৰ নাম বাচনি কৰি ফটোযুক্ত খছৰা ভোটাৰ তালিকা ডাইনলোড কৰিব পাৰিব। ইয়াৰোপৰি ভোটাৰ সকলে জিলা/মহকুমা (সদৰ)ৰ নাম বাচনি কৰি তাৰ পিছত এপিক (EPIC) নম্বৰ অন্তৰ্ভূক্ত কৰি নিজৰ নাম সন্ধান কৰিব পাৰিব।

    এই বিষয়ে সবিশেষ জানিবলৈ নিজৰ সমষ্টিৰ সহকাৰী নিৰ্বাচন পঞ্জীয়ন বিষয়া/নির্বাচন পঞ্জীয়ন বিষয়া /জিলা আৰু মহকুমা(সদৰ) কাৰ্যালয়ৰ বিষয়াৰ সৈতে যোগাযোগ কৰিবলৈ আৰু দাবী আৰু আপত্তি থাকিলে ২৮ আগষ্টৰ পৰা ১২ চেপ্টম্বৰৰ ভিতৰত অনলাইনযোগে দাখিল কৰিব পাৰিব বুলি বিশ্বনাথৰ নিৰ্বাচনী বিষয়া গৰাকীয়ে জানিবলৈ দিছে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
    • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
    • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
    • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
    • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
    • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
    • FREE BIRD | ZUBEEN GARG |
    • Herowa Chanda- Trailer

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.