31.3 C
Guwahati
Tuesday, November 11, 2025
More

    শেহতীয়া আপডেটঃ

    চাহ জনজাতি কল্যান বিভাগৰ আচনি ৰূপায়ণৰ সন্দৰ্ভত অসম চৰকাৰলৈ মুকলি আহ্বান

    চাহ জনজাতি কল্যান বিভাগৰ আচনি ৰূপায়ণৰ সন্দৰ্ভত অসম চৰকাৰলৈ মুকলি আহ্বান

     

    অসম চৰকাৰৰ চাহ জনজাতি কল্যান বিভাগৰ অন্তৰ্গত চৰকাৰে প্ৰদান কৰা সুবিধা তথা আচনি সমুহ এক শ্ৰেণীৰ মাজতেই সীমাবদ্ধ হৈ আছে ৷ বিশেষকৈ সীমান্তৱৰ্তী অঞ্চল আৰু আদিবাসী মতাৰ্দশৰ অধ্যুষিত গাওঁসমুহৰ ৰাইজৰ মাজত চাহ জনজাতি কল্যাণ আচনিয়ে ঢুকি পোৱা নাই ৷ উল্লেখ্য যে প্ৰকৃত জনজাতীয় মুলৰ আদিবাসী লোক সকলে নিজকে চাহ জনগোষ্ঠী বা চাহ জনজাতি হিচাবে পৰিচয় দিব নিবিচাৰে ৷ তেনে স্থলত চাহ জনজাতি কল্যান বিভাগৰ যিকোনো আচনি গ্ৰহন কৰাৰ পৰাও বিৰত থাকে অধিকাংশ আদিবাসী মতাৰ্দশৰ লোক ৷ সচৰাচৰ আদিবাসী মতাৰ্দশৰ লোক আৰু চাহ জনগোষ্ঠী মতাৰ্দশৰ লোকৰ মাজত থকা মতানৈক্যৰ বাবে চাহ জনগোষ্ঠী হিচাবে দাবী কৰা লোকে চাহ জনজাতি আৰু প্ৰাক্তন চাহ জনজাতিৰ সুবিধা লাভ কৰাৰ বিপৰীতে আদিবাসী হিচাবে পৰিচয় দিয়া লোক সকলে যুগে যুগে বঞ্চিত হৈয়েই থাকিল ৷ বিশেষ মন কৰিব লগা যে চাহ জনগোষ্ঠী হিচাবে পৰিচয় দিয়া আৰু আদিবাসী হিচাবে পৰিচয় দিয়া লোকৰ সংখ্যা অসমত প্ৰায় সমান ৷ সেয়েহে বিষয়টো আশু সমাধানৰ বাবে চাহ জনজাতি কল্যান বিভাগৰ পৰা অহা ধন চৰকাৰে দুটা শিতানত আচনি ৰূপায়ণ কৰিব লাগে ৷ চৰকাৰে
    আদিবাসী মতাৰ্দশ লোক সকলৰ উন্নয়নৰ বাবে ‘ সুকীয়াকৈ আদিবাসী উন্নয়ন পৰিষদ’ গঠন কৰি আচনি ৰূপায়ণ কৰাৰ যথাবিহিত ব্যৱস্থা গ্ৰহন কৰিলে অসমৰ প্ৰায় ৪৫ ৰ পৰা ৫০ লক্ষাধিক আদিবাসী লোক উপকৃত হব ৷ আনহাতে প্ৰাক্তন চাহ জনজাতি হিচাবে স্বীকৃত বহু লোকেই চাহ জনজাতিৰ আচনি সমুহৰ পৰা বঞ্চিত হৈ আছে ৷ উল্লেখ্য যে সীমান্তৱৰ্তী অঞ্চল সমুহত যুগ যুগ ধৰি বসবাস কৰা চাওঁতাল সকল চৰকাৰী আচনি সমুহৰ পৰা সমুলি বঞ্চিত হৈ থাকে ৷ অৱশ্যে তেওঁলোক চৰকাৰী আচনিৰ প্ৰতি সিমান লালায়িত নহয় ৷ স্বাধীন স্বতন্ত্ৰ ৰূপে জীয়াই থাকিব বিচাৰে ৷ যদিওবা এই লোক সকলৰ উন্নয়ন বাবে চৰকাৰে আচনি ৰূপায়ণ কৰিলে অনগ্ৰসৰ জনগোষ্ঠীটোৰ কিছু হলেও আশাৰ কিৰন দেখা পাব ৷ চৰকাৰলৈ মোৰ মুকলি অনুৰোধ প্ৰথমে চাহ জনজাতি কল্যান বিভাগক দ্বিবিভক্ত কৰি ৫০% ধন চাহ জনজাতিৰ কল্যাণৰ বাবে আৰু ৫০%ধন আদিবাসী সকলৰ বাবে “আদিবাসী উন্নয়ন পৰিষদ’ গঠন কৰি আচনি ৰূপায়ণ কৰিব ৷ দ্বিতীয়তে দ্বিবিভক্ত কৰি আচনি ৰূপায়ণৰ সুবিধাৰ্থে বাগান ,বস্তি ., সীমান্তৱৰ্তীৰ এলেকা আদিবাসী অধ্যুষিত অঞ্চল সমুহত “আদিবাসী উন্নয়ন পৰিষদ ” আৰু চাহ জনজাতি কল্যান বোৰ্ডৰ সদস্যৰ সংখ্যা এলেকা অনুসৰি বৃদ্ধি কৰিব লাগে ৷ শৈক্ষিক ক্ষেত্ৰতো আদিবাসী সকলে উক্ত উল্লেখিত কাৰণত ছাত্ৰছাত্ৰী সকল শৈক্ষিক আচনিৰ পৰা বঞ্চিত হব লগা হয় ৷ সেয়েহে চৰকাৰে এই ক্ষেত্ৰত দৃঢ় পদক্ষেপ গ্ৰহন কৰা উচিত ৷ বিজেপি চৰকাৰ বা বিজেপি দলে ৰাজনৈতিক ভাবে আদিবাসী লোকৰ মন জয় কৰিব বিচাৰিলে চাহ মৰ্চা গঠন কৰাৰ দৰে আদিবাসী মৰ্চা গঠন কৰক দলীয় ভিক্তিত ৷ অৱশ্যে আদিবাসী মৰ্চা গঠন কৰিব লগা হলে ৰাষ্ট্ৰীয় পৰ্যায়ত বিজেপি দলৰ আৰু চৰকাৰৰ কেন্দ্ৰীয় নেতৃত্বৰ স্বীকৃতি প্ৰাপ্ত হব লাগিব ৷ বঞ্চিত , শোষিত আদিবাসী মতাৰ্দশ সকলৰ বাবে সুকীয়াকৈ চৰকাৰী সুবিধা দিয়াৰ ব্যৱস্থা প্ৰৱৰ্তন কৰক ৷ চৰকাৰে নতুনকৈ প্ৰৱৰ্তন কৰা শৈক্ষিক নীতিৰ আধাৰত আদিবাসী অধ্যুষিত অঞ্চল সমুহত জনসংখ্যা আৰু এলেকা অনুসৰি প্ৰাথমিক স্তৰত নিজ নিজ ভাষাত শিক্ষা ব্যবস্থা প্ৰৱৰ্তন কৰিব লাগে ৷ কাৰণ চাওঁতাল অধ্যুষিত অঞ্চল সমুহৰ লৰা ছোৱালী সকলে চাওঁতালী ভাষাৰ বাদে অন্য ভাষা তেওঁলোকে বুজি নাপায় ৷ তেনে স্থলত প্ৰাথমিক স্তৰত চাওঁতালী ভাষাক মাধ্যম হিচাবে শিক্ষা দানৰ ব্যৱস্থা গ্ৰহন কৰিলে উপকৃত হব ৷ সেইদৰে মুণ্ডাৰী , কুড়ুঁক ভাষাৰ লগতে অন্যান্য জাতি জনগোষ্ঠীৰ বহুলভাবে প্ৰচলিত ভাষাক শৈক্ষিক পাঠ্যক্ৰমত অন্তভূক্ত কৰিব লাগে ৷
    মুখ্যতঃ ১/ আদিবাসী শিশু সকলৰ বাবে নিজ নিজ মাতৃভাষাত শিক্ষাৰ ব্যৱস্থা গ্ৰহন কৰাৰ লগতে আদিবাসী অধ্যুষিত অঞ্চল সমুহৰ বিদ্যালয় আদিত নিজ নিজ মাতৃভাষাৰ শিক্ষক নিযুক্তি নিশ্চিত কৰিব লাগে ৷ (২) উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানৰ প্ৰতিটো বিভাগত কমপক্ষেও আদিবাসী সকলৰ বাবে
    ৩০% কোটা সংৰক্ষণ হব লাগে ৷ (৩) আদিবাসী শিক্ষা আৰু সাংস্কৃতিক চৰ্চা কেন্দ্ৰ নিৰ্মাণ কৰাৰ লগতে কৃষ্টি-সংস্কৃতিৰ চৰ্চাৰ সুযোগ সুবিধাৰ ব্যৱস্থা গ্ৰহন কৰিব লাগে ৷ (৪) আদিবাসী সকলক চাকৰি নিয়োগৰ ক্ষেত্ৰত ৩০%বিশেষ কোটা সংৰক্ষণ থাকিব লাগিব ৷ এই ক্ষেত্ৰত বয়স আৰু শিক্ষাগত যোগ্যতা শিথিল কৰিব লাগে ৷ প্ৰধানত আচনি একেই থাকিব ৷ কেৱল আদিবাসী উন্নয়ন পৰিষদৰ নামত আৰু চাহ জনজাতি কল্যান বিভাগ নামেৰে পৃথক পৃথককৈ একে আচনিয়েই ৰূপায়ন কৰিলে আদিবাসী সকল উপকৃত হব ৷ পৰাপক্ষত বিধানসভাত আইন প্ৰণয়ন কৰি আদিবাসী সকলৰ বাবে সুকীয়াকৈ উন্নয়ণ বিভাগ (দপ্তৰ) গঠন কৰিলে আদিবাসী সকলৰ উন্নতি হব বুলি আশা কৰিব পাৰি ৷ অসম চৰকাৰ আৰু বিজেপিৰ ৰাজ্যিক নেতৃত্বই বিষয়টো বিবেচনা কৰিবৰ বাবে মুকলি আহ্বান জনালো ৷

    ৰমেশ চন্দ্ৰ চৰেণ
    বিশ্বনাথ চাৰিআলি(বালিচাং)
    মোঃ9435602425

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds