31.3 C
Guwahati
Saturday, January 24, 2026
More

    Trending Now:

    বিশিষ্ট বেহেলাবাদক মিনতি খাউণ্ডৰ দেহাৱসান

    সংগীত নাটক একাডেমী বঁটাপ্ৰাপক বিশিষ্ট বেহেলাবাদক মিনতি খাউণ্ডৰ কালি সন্ধিয়া গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত বার্ধক্যজনিত কাৰণত শিল্পীগৰাকীৰ দেহাৱসান ঘটে। ১৯৪০ চনত জন্মলাভ কৰা যশস্বী...

    শেহতীয়া আপডেটঃ

    এন এইছ এম কৰ্মচাৰীৰ পাঁচ দিনৰ বাবে প্ৰতিবাদ স্তব্ধ ,পাঁচ দিনৰ সময় সীমা মুখ্যমন্ত্ৰীলৈ

    এন এইছ এম কৰ্মচাৰীৰ পাঁচ দিনৰ বাবে প্ৰতিবাদ স্তব্ধ ,পাঁচ দিনৰ সময় সীমা মুখ্যমন্ত্ৰীলৈ

    তেজপুৰ 12 নৱেম্বৰ  : সদৌ অসম স্বাস্থ্য ও কাৰিকৰী কল্যাণ সন্থা আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান কৰ্মচাৰী সন্থা অসমৰ যৌথ উদ্যোগত ৰাজ্যিক ভিত্তিত এন এইছ এমৰ বিষয়া কৰ্মচাৰী সকলে আজিপৰা মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনায় প্ৰতিবাদী কাৰ্যসূচী স্তব্ধ কৰিলে ।

    বুধবাৰে শোণিতপুৰৰ জাৰ্নেলিষ্ট ইউনিয়নৰ সভা কক্ষত অনুষ্ঠিত এক সংবাদ মেলত সদৌ অসম স্বাস্থ্য ও কাৰিকৰী কল্যাণ সন্থা আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান কৰ্মচাৰী সন্থাৰ সভাপতি এইচ এম হাশানোজজমান আৰু হৰেন গগৈয়ে কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সন্থাৰ লগত আলোচনাৰ মাধ্যমেৰে সমস্যাৰ সমাধান কৰিবলৈ জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনায় তেওঁলোকে এই সিদ্ধান্ত গ্ৰহণ কৰে । লগতে তেওঁলোকে অহা পাঁচ দিনৰ অৰ্থাৎ ১৮ নৱেম্বৰৰ ভিতৰত মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ লগত সন্থাই আলোচনা হোৱাৰ আশা প্ৰকাশ কৰে ।

    উল্লেখযোগ্য যে ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ অন্যতম প্ৰধান চালিকা শক্তি হিচাবে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমে গুৰুত্বপূৰ্ণ সাৰ্বজনীন ভূমিকা গ্ৰহণ কৰি আহিছে। কেন্দ্ৰীয় আৰু ৰাজ্য
    চৰকাৰৰ ঘোষিত বিভিন্ন স্বাস্থ্য আঁচনিৰ সফল আৰু ফলপ্ৰসূ ৰূপায়ণত বৰেণ্য অৱদান আগবঢ়াই অহা এই ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত কৰ্মৰত বিষয়া কৰ্মচাৰী সকলৰ উৎস্বৰ্গিত সেৱাৰ বিপৰীতে যথাযোগ্য মৰ্য্যাদা প্ৰদানত ৰাজ্যজুৰি ঐক্যবদ্ধ গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিছিল । সদৌ অসম স্বাস্থ্য ও কাৰিকৰী কল্যান সন্থা (এন এইচ এম )আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান কৰ্মচাৰী সন্থা অসমৰ যৌথ উদ্যোগত ৰাজ্যিক ভিত্তিত এন এইছ এমৰ বিষয়া কৰ্মচাৰী সকলে বিশেষকৈ ৰাজ্যখনৰ কৰ্মচাৰী সকলক পে’ স্কেলৰ জৰিয়তে বেতন সুৰক্ষা প্ৰদান কৰি যুগ যুগ ধৰি নিয়মীয়া সেৱা আগবঢ়াই অহা বিষয়া কৰ্মচাৰী সকলক সম কামৰ সম বেতন প্ৰদান কৰা, এন এইচ এমৰ কৰ্মচাৰী সকলক স্বাস্থ্য বিভাগত খালি হৈ থকা পদত প্ৰত্যক্ষ ভাবে নিযুক্তিৰ ব্যৱস্থা কৰা, সামাজিক সুৰক্ষা আইনৰ অধীনত কৰ্মচাৰী সকলক ই পি এফ ৰ ব্যৱস্থা গ্ৰহণ কৰা আদি ৫ টা গুৰুত্বপূৰ্ণ দাবীৰ সমৰ্থনত এই প্ৰতিবাদ সাব্যস্ত কৰিছিল ।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
    • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
    • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
    • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
    • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
    • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
    • FREE BIRD | ZUBEEN GARG |
    • Herowa Chanda- Trailer

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 30 seconds