31.3 C
Guwahati
Sunday, October 19, 2025
More

    শেহতীয়া আপডেটঃ

    নলবাৰীত বাসনা সাহিত্য গোষ্ঠীৰ বাৰ্ষিক অধিৱেশন সম্পন্ন

    ‘বাসনা সাহিত্য গোষ্ঠী অসমৰ লেখত ল’ব লগা অনুষ্ঠান’-মনীষা শৰ্মা

    নলবাৰীঃ অসমৰ আগশাৰীৰ সাহিত্য-সংস্কৃতিমূলক অনুষ্ঠান বাসনা সাহিত্য গোষ্ঠীৰ ১৯ তম্ বাৰ্ষিক অধিৱেশনখন আজি নলবাৰীত দিনযোৰা কাৰ্যসূচীৰে পালন কৰা হয়। আবেলি ৩ বজাত অনুষ্ঠিত হ’ব লগা মুকলি সভাখনত সভাপতিত্ব কৰে বাসনা সাহিত্য গোষ্ঠীৰ সভাপতি তথা সাংবাদিক নিপজ্যোতি মেধিয়ে। অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট সাহিত্যিক,লেখিকা,সমাজসেৱিকা মনীষা শর্মাই বাসনা সাহিত্য গোষ্ঠীৰ সম্পৰ্কে বহু তত্ব গধুৰ কথা ব্যক্ত কৰি কয় যে, এই বাসনা সাহিত্য গোষ্ঠীয়ে বহু সময়ত জাতিটোৰ বাবে কাম কৰি অহা দেখা গৈছে।

    অঞ্চলত থকা বহু দুখীয়া পৰিয়ালৰ লোকৰ বাবে আৰ্থিক সাহাৰ্য্য আগবঢ়াই আহিছে। লগতে বহু প্ৰচাৰ বিমুখ লিখক সকলৰ গ্ৰন্থ প্ৰকাশ আৰু বঁটা প্ৰদান কৰি এক বৃহৎ সুকীয়া পদক্ষেপ গ্ৰহণ কৰা দেখা গৈছে। সমাজখন বা নিজৰ অঞ্চল বাসীক সচেতন ভাৱে পৰিৱৰ্তন কৰা এনেকুৱা অনুষ্ঠানৰ নিদৰ্শন আমাৰ সমাজত বৰ্তমান খুৱ কম দেখা যায়। একেটা অনুষ্ঠানতে দেবীপ্ৰসাদ অধিকাৰী ৰচিত ‘নিপজ্যোতি মেধি জীৱন আৰু প্ৰতিভা’ শীৰ্ষক পুথিখন উন্মোচন কৰে লেখিকা মনীষা শৰ্মাই।

    লগতে গৰ্গেশ্বৰ দাস, ৰফিউল হুছেইন বৰুৱা, নৱপ্ৰভা অধিকাৰী, আনন্দ কলিতা, চম্পা দাস, জিণু মনি বৰুৱা, ৰুণু দেৱী শৰ্মা, খগেন ভূঞা, শেৱালী কলিতা, উমেশ বড়ো, গিতিকা কলিতা, ড° হৰমোহন কলিতাক সুন্দৰ সাধনা বঁটা-২০২৪ আৰু মাজুলীৰ ফেৰী দুৰ্ঘটনাত নিহত হোৱা অধ্যাপিকা প্ৰয়াত পৰিমিতা দাসক মৰণোত্তৰভাৱে সুন্দৰ সাধনা বঁটা-২০২৪ তেওঁৰ মাতৃ সীমা ৰাণী ভূঞা দাসক প্ৰদান কৰা হয়।

    অনুষ্ঠানটোত উপস্থিতি থাকে বাসনা সাহিত্য গোষ্ঠীৰ সম্পাদক দেবীপ্ৰসাদ অধিকাৰী, উপসভানেত্রী উষা দেৱী, আৰক্ষী বিষয়া গৰ্গেশ্বৰ দাস, বিশিষ্ট সমাজকৰ্মী সতীশ চন্দ্ৰ বৰ্মন, কৃতী শিক্ষয়ত্ৰি গিৰিজা মেধি, পষেকীয়া আমাৰ বাতৰি কাকতৰ পৰিচালন সঞ্চালক ৰমাকান্ত মেধি, কণ্ঠ শিল্পী গোবিন্দ কলিতা আদিকে ধৰি সভাত বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds