31.3 C
Guwahati
Monday, October 20, 2025
More

    শেহতীয়া আপডেটঃ

    ৰঙিয়াত প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ফলমূল বিতৰণ

    "সেৱা আৰু সমৰ্পণ অভিযান"ৰ অংশ ৰূপে আজি ৰাজ্যিক সংখ্যালঘু মৰ্চাই ৰাতিপুৱা ১১ বজাৰ পৰা ৰঙিয়া পৰিদৰ্শন বঙলাৰ পৰা শুভাৰম্ভণি কৰি ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ৰ উপ অধীক্ষক ডাঃ দিলীপ কুমাৰ বৈশ্য, জ্যেষ্ঠ চিকিৎসক ডাঃ পদ্মেশ্বৰ কলিতাৰ উপস্থিতিত চিকিৎসালয়খনৰ ৰোগী সকলৰ মাজত ফল-মূল বিতৰণ কাৰ্যসূচী গ্ৰহণ কৰে।

    ■ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ১৭ চেপ্তেম্বৰত জন্মদিনৰ সৈতে সংগতি ৰাখি ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশে যোৱা ১৭ চেপ্তেম্বৰৰ পৰা অহা ৭ অক্টোবৰলৈ “সেৱা আৰু সমৰ্পণ অভিযান“ নামেৰে বিভিন্ন জনসেৱামূলক কাৰ্য্যসূচী হাতত হৈছে৷

    “সেৱা আৰু সমৰ্পণ অভিযান”ৰ অংশ ৰূপে আজি ৰাজ্যিক সংখ্যালঘু মৰ্চাই ৰাতিপুৱা ১১ বজাৰ পৰা ৰঙিয়া পৰিদৰ্শন বঙলাৰ পৰা শুভাৰম্ভণি কৰি ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ৰ উপ অধীক্ষক ডাঃ দিলীপ কুমাৰ বৈশ্য, জ্যেষ্ঠ চিকিৎসক ডাঃ পদ্মেশ্বৰ কলিতাৰ উপস্থিতিত চিকিৎসালয়খনৰ ৰোগী সকলৰ মাজত ফল-মূল বিতৰণ কাৰ্যসূচী গ্ৰহণ কৰে।

    উক্ত কাৰ্যসূচীত সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতি শান্তিয়াছ কুজুৰ, সাধাৰণ সম্পাদকদ্বয় মুস্তাক উদ্দিন আহমেদ, শ্বহিদুল ইছলাম, সম্পাদক চফিকুল হাছান, উপ সভাপতিত্বদ্বয় অশোক সিংহী, খলিলুৰ ৰহমান, তবিবৰ ৰহমান, অঞ্জুমা বেগম, চচিয়েল মিডিয়া কোষ আহ্বায়ক তাফজুল আলী, সংখ্যালঘু মৰ্চাৰ মিডিয়া কোষৰ আহ্বায়ক হজৰত জাকাৰিয়া ভূঞা, বিজেপিৰ সংখ্যালঘু মৰ্চাৰ কাৰ্য্যকৰ্তা তথা উত্তৰ কামৰূপ জিলাৰ কাৰ্যকৰ্তা সকলে অংশগ্ৰহণ কৰে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds