31.3 C
Guwahati
Saturday, September 20, 2025
More

    শেহতীয়া আপডেটঃ

    সাংবাদিক বিৰুদ্ধে ভূৱা প্ৰচাৰ চলোৱা সংবাদ প্ৰতিষ্ঠানৰ বিৰুদ্ধে চতিয়া প্ৰেছ ক্লাৱ

    সাংবাদিক বিৰুদ্ধে ভূৱা প্ৰচাৰ চলোৱা সংবাদ প্ৰতিষ্ঠানৰ বিৰুদ্ধে চতিয়া প্ৰেছ ক্লাৱ :

    চতিয়া প্ৰেছ ক্লাৱৰ জ্যেষ্ঠ সদস্যৰ ওপৰত প্ৰচাৰিত ভিত্তিহীন বাতৰিৰ সন্দৰ্ভত স্পষ্টীকৰণ চতিয়া প্ৰেছ ক্লাৱৰ :

    তেজপুৰ অসম খবৰ ৮ অক্টোবৰ

    আজি চতিয়া প্ৰেছ ক্লাৱৰ সভাপতি প্ৰণৱ ওজাৰ সভাপতিত্বত অনুস্থিত এখন জৰুৰী সভা অনুস্থিত হয় প্ৰেছ ক্লাৱৰ কাৰ্যালয়ত।

    বিশেষকৈ শনিবাৰে গুৱাহাটীৰ পৰা প্ৰচাৰিত  হোৱা  এটা নিউজ পৰ্টেলত  চতিয়া প্ৰেছ্ ক্লাৱৰ জ্যেষ্ঠ সদস্য তথা সাংবাদিক হেমন্ত শইকীয়াৰ ওপৰত পঞ্চায়ত ও গ্ৰামোন্নয়ন বিভাগৰ শিশু উদ্যান নিৰ্মাণৰ এখন  আচঁনিত  ঠিকাদাৰ বুলি  নামাকৰণ কৰা লগতে উক্ত আচঁনি খনত  সাংবাদিক হেমন্ত শইকয়াই আচঁনি ৰূপায়ণত দুৰ্নীতি কৰা বুলি  প্ৰচাৰ কৰা বাতৰি বিৰুদ্ধে  জাঙুৰ খাই উঠিছে চতিয়া প্ৰেছ ক্লাৱৰ সদস্য সকল।

    উল্লেখযোগ্য যে চতিয়া প্ৰেছ ক্লাৱৰ জ্যেষ্ঠ  সদস্য তথা সাংবাদিক হেমন্ত শইকীয়া বিৰুদ্ধে  প্ৰকাশ হোৱা বাতৰিটোত সাংবাদিক গৰাকীক দুৰ্নীতিত নিমজ্জিত বুলি যি প্ৰচাৰ কৰিছিল সেই  বাতৰিটো সম্পূৰ্ণ মিছা বুলি সভাত প্ৰকাশ কৰে  চতিয়া প্ৰেছ ক্লাৱৰ  সদস্য সকলে।

    আনহাতে নিউজ পৰ্টেলটোৰ চতিয়াত কোনো   স্থানীয় সাংবাদিক নিয়োগ নকৰাকৈ কোনো প্ৰতিনিধি  নথকাকৈ ৩০০ কিলোমিটাৰ দূৰত্ব থাকি কোনো অনুসন্ধান নকৰাকৈ বাতৰি প্ৰচাৰ কৰা কাৰ্য গৰিহণা দিয়ে নিউজ পৰ্টেলটোক।

    লগতে কয় উক্ত বাতৰি  ভিত্তিহীন ,উদ্দেশ্য প্ৰণোদিত আৰু তথ্যহীন  বাতৰি পৰিৱেশন কৰা বুলি চতিয়া প্ৰেছ ক্লাবে দাবী কৰি চতিয়া প্ৰেছ ক্লাৱৰ  সদস্য হেমন্ত শইকীয়া   উক্ত দুৰ্নীতিৰ সৈতে কোনো জৰিত নহয় বুলি দাবী কৰে। ইফালে চতিয়া প্ৰেছ ক্লাৱৰ সদস্য সকলে চৰকাৰী বিষয়া সকলৰ বিৰুদ্ধে  এক উচিত তদন্ত হে  দাবী কৰে।

    লগতে চতিয়া প্ৰেছ ক্লাৱৰ  অনুষ্ঠিত হোৱা সভাত  এই বাতৰি সম্পূৰ্ণ সাংবাদিক গৰাকীক জনমানসত হেয় প্ৰতিপন্ন কৰিব বিচৰি এক ষড়যন্ত্ৰ ৰচনা কৰা বুলি উল্লেখ কৰে।

     

    সভাই এনে ভিত্তিহীন বাতৰি পৰিৱেশন কৰাত পৰ্টেল চেনেলটোক গৰিহণা দিয়ে আৰু ভৱিষ্যতে এনে কাৰ্যৰ পৰা বিৰত থাকিবৰ বাবে সকিয়াই দিয়ে ৷লগতে চেনেলটোৰ ওপৰত এটি গোচৰ তৰিবৰ বাবে চতিয়া প্ৰেছ ক্লাৱে হেমন্ত শইকীয়াক পৰামৰ্শ দিয়ে বুলি চতিয়া প্ৰেছ ক্লাৱে জানিবলৈ দিয়ে।

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.