31.3 C
Guwahati
Friday, January 23, 2026
More

    Trending Now:

    শিখা শৰ্মাক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ

    জনতাৰ শিল্পী জুবিন গাৰ্গ সন্দৰ্ভত আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত শিখা শৰ্মা নামৰ এগৰাকী মহিলাৰ বিৰুদ্ধে শিল্পীগৰাকীৰ পত্নী গৰিমা শ‍ইকীয়া গাৰ্গে পাণবজাৰ থানাত এজাহাৰ দাখিল...

    শেহতীয়া আপডেটঃ

    গোবৰ্ধন চৰিতৰ স্ৰষ্টা বিশিষ্ট নাট্যকাৰ তৰুণ শইকীয়াই সুঁৱৰিলে পুৰণি দিনৰ স্মৃতি

    গোবৰ্ধন চৰিতৰ স্ৰষ্টা বিশিষ্ট নাট্যকাৰ তৰুণ শইকীয়াই সুঁৱৰিলে পুৰণি দিনৰ স্মৃতি

    # ভৱিষ্যতৰ অসমৰ নাট্য ক্ষেত্ৰ খনকলৈ আশাবাদী

    #বিশ্বনাথৰ বীণাপানি নাট্য সমাজৰ প্ৰেক্ষাগৃহ আধৰুৱা হোৱাক লৈ আক্ষেপ বিশিষ্ট নাট্যকাৰৰ

    #বিশ্বনাথ চাৰিআলি প্ৰেছ ক্লাৱৰ অভিনন্দন জ্ঞাপন

    #বিশিষ্ট নাট্যকাৰ তৰুণ শইকীয়া ভৱিষ্যতৰ অসমৰ নাট্য ক্ষেত্ৰ খনকলৈ আশাবাদী। যোৱা নিশা বিশ্বনাথ চাৰিআলি প্ৰেছ ক্লাৱৰ সাংবাদিক সকলৰ শুভেচ্ছা গ্ৰহণ কৰি তেওঁ কয় বৰ্তমান নাটকৰ আদৰ লাহে লাহে বাঢ়িছে। এয়া শুভ লক্ষণ।তেওঁ কয় এটা সময় আছিল নাটক লিখা মানুহৰ অভাৱ আছিল। আমাক নাটক লিখিবলৈ উৎসাহ যোগাইছিল ষাঠিৰ দশকৰ কেইজন মান প্ৰবক্তাই। তেওঁ লোকৰ অনুপ্ৰেৰণাত প্ৰথম খন নাটক শেলুৱৈৰ পিছল বাট ৰচনা কৰো।তাৰ পিছত বিশ্বনাথৰ বিনাপানী নাট্য সমাজৰ প্ৰেক্ষাগৃহত বহু কেইখন নাটক মঞ্চত কৰা হল। বহু নাটকৰ সৃষ্টি হল। সূৰ্য বৰা সোঁৱৰণী একাংক নাট প্ৰতিযোগিতা সমিতিৰ জৰিয়তে বিশ্বনাথৰ বহু অভিনেতা ,নাট্যকাৰ আৰু পৰিচালকৰ সৃষ্টি হল। প্ৰথম অনাতাঁৰ নাটক “জপাৰ চিঠি” মুকলি হোৱা দিন টোৱে মোৰ বাবে উল্লেখনীয় দিন আছিল। তেওঁ বিশ্বনাথৰ নাট্য আন্দোলন খন আগবঢ়াই নিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল বিশ্বনাথৰ বীণাপানি নাট্য সমাজে। ৩০ৰ দশকৰ আৰম্ভণিতে বিশ্বনাথৰ এটি ঘুৰ্ণিয়মান মঞ্চক লৈ আৰম্ভ হৈছিল বীণাপানি নাট্যৰ সমাজৰ এই যাত্ৰা। তাৰ পিছত বহু বছৰ বাগৰিল। বিশ্বনাথৰ সকলোৰে বাবে নাট্য চৰ্চাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ হৈ পৰিল এই বীণাপানি। কিন্তু যোৱা ৮ বছৰৰ পৰা বিশ্বনাথৰ নাট্য চৰ্চাৰ প্ৰকৃত সুখানুভৱ যেন হেৰুৱাই পেলাইছে।বৰ্তমানলৈকে এই নাট্য মন্দিৰৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠা নাই। এনে দৰে আক্ষেপ প্ৰকাশ কৰিলে বিশিষ্ট নাট্যকাৰ গৰাকীয়ে। তৰুণ শইকীয়াই কৈ গ’ল -মই এই অনুষ্ঠানৰ সভাপতি ।মই সকলোকে কৈছো। মোৰ ফালৰ পৰা যি কৰিব লাগে কৰি দিম। কিন্তু বীণাপানিক আকৌ জীয়াই তোলক। -উল্লেখযোগ্য যে একালৰ গোবৰ্ধন চৰিত, মইনাৰ সংবাদ,ঘিণাই সাতোলাৰ ইতিবৃত্ত আদি নাটকৰ স্ৰষ্টা তৰুণ শইকীয়াৰ শেহতীয়া ভাবে মুক্তি লাভ কৰা কথা ছবি গোবৰ্ধন চৰিতৰ মুক্তি লাভৰ পিছত বিশ্বনাথ চাৰিআলি প্ৰেছ ক্লাৱৰ এটা সাংবাদিকৰ দল যোৱা নিশা বিশিষ্ট নাট্যকাৰ গৰাকীৰ কোঁচ গাৱঁৰ গৃহলৈ গৈ অভিনন্দন জনায়। দলটোত বিশ্বনাথ চাৰিআলি প্ৰেছ ক্লাৱৰ উপদেষ্টা নিৰঞ্জন হাজৰিকা, বসন্ত বৰা, ৰতন ভূঞা অজিত দাস, সভাপতি পুলক হাজৰিকা, উপ সভাপতি জগতাৰ সিং, সম্পাদক আমিৰ খান, কাজী জেইদুল ইছলাম, বিনীত ঝা ,সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ হেমন্ত গগৈ আদি উপস্থিত থাকে। দলটোৰ আগত পুৰণি দিনৰ স্মৃতি সুঁৱৰি আবাগিক হৈ পৰিল বিশিষ্ট নাট্যকাৰ গৰাকী।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
    • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
    • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
    • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
    • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
    • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
    • FREE BIRD | ZUBEEN GARG |
    • Herowa Chanda- Trailer

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 30 seconds