31.3 C
Guwahati
Monday, November 10, 2025
More

    শেহতীয়া আপডেটঃ

    জিলা তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত জিলা প্ৰশাসনৰ সহযোগত দেশভক্তি দিৱস উদযাপন বিশ্বনাথত দেশভক্ত তৰুণ ৰাম ফুকনক সশ্ৰদ্ধ সোঁৱৰণ

    জিলা তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত জিলা প্ৰশাসনৰ সহযোগত দেশভক্তি দিৱস উদযাপন

    বিশ্বনাথত দেশভক্ত তৰুণ ৰাম ফুকনক সশ্ৰদ্ধ সোঁৱৰণ

    অসম খবৰ বিশ্বনাথ চাৰিআলি, ২৮ জুলাইঃ_ ভাৰতৰ স্বাধীনতা আন্দোলনৰ অসমৰ এগৰাকী অগ্ৰনী নেতা, সুদক্ষ বক্তা, সু লেখক, অসম সাহিত্য সভাৰো দশমগৰাকী সভাপতি দেশভক্ত তৰুণৰাম ফুকনক বিশ্বনাথ জিলাতো আজি সশ্ৰদ্ধ স্মৰণ কৰা হয়। জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়, বিশ্বনাথৰ উদ্যোগত আৰু বিশ্বনাথ জিলা প্ৰশাসনৰ সহযোগত দেশভক্ত তৰুণৰাম ফুকনৰ পূণ্য মৃত্যু তিথি ‘দেশভক্তি দিৱস’টি আজি বণাৰ্ঢ্য কাৰ্যসুচীৰে অনুষ্ঠিত কৰি বহুমুখী প্ৰতিভাৰ অধিকাৰী মহান জননেতা গৰাকীক সকলোৱে স্মৰণ কৰিলে। বিশ্বনাথ জিলা আয়ুক্তৰ সন্মিলন কক্ষত দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত দেশভক্ত তৰুণ ৰাম ফুকনৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি কাৰ্যসূচীৰ পাতনি মেলে অতিৰিক্ত জিলা আয়ুক্ত ধ্ৰুৱজ্যোতি দাস তথা আমন্ত্ৰিত বিশিষ্ট অতিথি সকলে। বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ চিন্তামনি শৰ্মাই বিশিষ্ট অতিথি হিচাবে উপস্থিত থকা অনুষ্ঠানটিত নিৰ্দিষ্ট বক্তা ৰূপে উপস্থিত থাকি বিশিষ্ট নিবন্ধকাৰ, শিশু সাহিত্যিক দিলীপ কুমাৰ ভট্টাচাৰ্যই মহান জননেতা গৰাকীৰ জীৱন আৰু কৃতি সম্পৰ্কে তথ্যসমৃদ্ধ এটি মননশীল বক্তব্য দাঙি ধৰি বিশ্বনাথৰ লগত দেশভক্ত তৰুণ ৰাম ফুকনৰ কি বিশেষ সম্পৰ্ক আছিল তাকো উল্লেখ কৰে। উল্লেখ্য যে বিশ্বনাথৰ প্ৰয়াত দেশপ্ৰান লক্ষ্মীধৰ শৰ্মাই দেশভক্ত তৰুণ ৰাম ফুকনৰ কন্যাক বিবাহ কৰাইছিল। অতিৰিক্ত জিলা আয়ুক্ত ধ্ৰুৱজ্যোতি দাসে আদৰনি ভাষন প্ৰদান কৰা আৰু জনসংযোগ বিভাগৰ হৈ ৰণজিৎ শইকীয়াই আঁত ধৰা অনুষ্ঠানটিত নিৰ্দিষ্ট বক্তা দিলীপ কুমাৰ ভট্টাচাৰ্যই স্বাধীনতা সংগ্ৰামত তৰুণ ৰাম ফুকনৰ অৱদানৰ বিষয়ে উল্লেখ কৰাৰ লগতে বৰ্তমানৰ চৰকাৰে এনে মহান ব্যক্তি সকলৰ বিষয়ে নৱ প্ৰজন্মক চিনাকি কৰি দিয়াৰ প্ৰয়াসক বিশেষভাৱে ধন্যবাদ জনাই নৱ প্ৰজন্মক এনে মহান ব্যক্তি সকলৰ আদৰ্শেৰে অনুপ্ৰাণিত হবলৈ আহ্বান জনালে। অতিৰিক্ত জিলা আয়ুক্ত হৃদয় কুমাৰ দাস, সমাজকৰ্মী জমিৰ আহমেদে নাতিদীৰ্ঘ ভাষন প্ৰদান কৰা এই দেশভক্তি দিৱসৰ কাৰ্যসুচীত সহকাৰী আয়ুক্ত তথা জিলা তথ্য আৰু জনসংযোগ বিষয়া পুষ্পাংকৰ পাতিৰ, বিশ্বনাথ চাৰিআলি পৌৰ সভাৰ কাৰ্যবাহী বিষয়া প্ৰয়াসী গৌতমৰ লগতে বিশ্বনাথৰ জ্যেষ্ঠ নাগৰিক, বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়ৰ শিক্ষক, ছাত্ৰ ছাত্ৰী, অভিভাৱক, বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া আৰু জিলা প্ৰশাসনৰ কৰ্মচাৰীসকলৰ উপৰিও বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ বিষয়ববীয়া প্ৰতিনিধি আদি উপস্থিত আছিল।

    ৰচনা প্ৰতিযোগিতাৰ বিজয়ীক বঁটা প্ৰদান

    অসম চৰকাৰৰ নিৰ্দেশনা অনুসৰি দেশভক্ত তৰুণ ৰাম ফুকনৰ ওপৰত তিনিটা বিষয়ত আৰু তিনিটা শাখাত অনুষ্ঠিত কৰা জিলা ভিত্তিক ৰচনা প্রতিযোগিতাৰ বিজয়ী সকলৰ নাম সমুহ ঘোষণা কৰাৰ লগতে আজিৰ অনুষ্ঠানতে বিজয়ী সকলক বঁটাসমূহ প্ৰদান কৰা হয়। অসমীয়া, ইংৰাজী, হিন্দী, বাংলা, আৰু বড়ো মাধ্যমত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা। ঘোষিত ফলাফল অনুসৰি (ক) শাখাত
    (ৰচনাৰ বিষয় : ‘তৰুণৰাম ফুকন: জীৱন আৰু কৃতিত্ব)
    (Tarunram Phukan: His Life and Achievements)
    প্ৰথম স্হান লাভ কৰে চাৰিআলি একাডেমী উঃ মাঃ বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী কংকণা বসুমতাৰীয়ে। একেদৰে দ্বিতীয় স্হান আদৰ্শ বিদ্যালয়, সাকোমঠাৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী অনুষ্কা বাঢ়ৈ আৰু তৃতীয় স্হান লাভ কৰে কুমলীয়া এম ই স্কুল(এ)ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী মঞ্জুৱাৰা খাতুনে। সেইদৰে (খ) শাখাত (ৰচনাৰ বিষয় : ‘ভাৰতৰ স্বাধীনতা সংগ্ৰামত তৰুণৰাম ফুকনৰ ভূমিকা)
    (Role of Tarunram Phukan in India’s Freedom Struggle) প্ৰথম স্হান তৰুণ চন্দ্ৰ ভট্টাচাৰ্য সোঁ. চি. ছে. স্কুলৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ হৃষিকেশ খতিৱৰাই, দ্বিতীয় স্হান প্ৰতাপগড় চাহ বাগিছা আদৰ্শ বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰী ৰশ্মি পাইকে আৰু তৃতীয় স্হান লাভ কৰে বিহালী চিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী অঞ্জু ওৰাঙে। একেদৰে (গ) শাখাত (ৰচনাৰ বিষয় : অসমীয়া সাহিত্যলৈ তৰুণৰাম ফুকনৰ অৱদান) (Contributions of Tarunram Phukan to Assamese Literature) বিহালী স্নাতক মহাবিদ্যালয়ৰ স্নাতক পঞ্চম ষান্মাসিকৰ ছাত্ৰ ৰিয়ন বৰাই প্ৰথম স্হান, পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ৰ স্নাতক প্ৰথম ষান্মাসিকৰ ছাত্ৰ লক্ষ্যমণি দাসে দ্বিতীয় স্হান আৰু বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ বি.এছ. চি. দ্বিতীয় বৰ্ষৰ ছাত্ৰী মিছা কুমাৰী সিঙে তৃতীয় স্হান লাভ কৰে। বিজয়ী ছাত্র-ছাত্রীসকলক আজিৰ ‘দেশভক্তি দিৱস’ৰ কাৰ্যসূচীত প্ৰমাণ পত্ৰ আৰু গ্ৰন্হৰে পুৰষ্কৃত কৰা হয়।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds