Thursday, May 29, 2025
26.5 C
Guwahati
TOP NEWS:

বিশ্বনাথত চাৰিলেনযুক্ত পথ নিৰ্মাণ সংস্থা টি•কে ইঞ্জিনিয়াৰিং কঞ্চট্ৰাকশ্ব’নৰ শোষণ-লুণ্ঠনৰ বিৰূদ্ধে ঠিকাদাৰ সন্থাৰ সভা

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

আজি বিশ্বনাথত চাৰিলেনযুক্ত পথ নিৰ্মাণ সংস্থা টি•কে ইঞ্জিনিয়াৰিং কঞ্চট্ৰাকশ্ব’নৰ শোষণ-লুণ্ঠনৰ বিৰূদ্ধে ঠিকাদাৰ সন্থাৰ সভা

অদ্যাপি ৩০ কোটি টকা লেনাদেনা বাকী টি•কে ইঞ্জিনিয়াৰিং কঞ্চট্ৰাকশ্ব’নৰ

দিশহাৰা বিশ্বনাথৰ শতাধিক ঠিকাদাৰ…… …………………………………………………… ◼️ আজি বিশ্বনাথ জিলাৰ অন্তৰ্গত বিশ্বনাথৰ সাহিত্য সভা ভৱনত জিলাখনৰ প্ৰায় অৰ্দ্ধ শতাধিক চাৰিলেনযুক্ত পথ নিৰ্মাণকাৰী ঠিকাদাৰৰ এখন গুৰুত্বপূৰ্ণ বৈঠক সম্পন্ন হয়৷ বৈঠক খনত সভাপতিত্ব কৰে সংগঠনটোৰ স্থায়ী সভাপতি অজিত মূদৈয়ে৷ উল্লেখ্য যে, বিগত ২০১৬-১৭ চনত উত্তৰ অসমৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাঁইপথৰ জামুগুৰীৰ পৰা গহপুৰলৈকে প্ৰায় ৬৫ কিলোমিটাৰ দৈৰ্ঘৰ পথছোৱা চুবুৰীয়া ৰাজ্য অৰুণাচলৰ পথ নিৰ্মাণ সংস্থা টি•কে ইঞ্জিনিয়াৰিং কঞ্চট্ৰাকশ্ব’ন নামৰ সংস্থা এটাই চাৰিলেনযুক্ত পথ নিৰ্মাণৰ ঠিকা আৱন্টন লাভ কৰিছিল৷ প্ৰায় ১৬ শ কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগা চাৰিলেনযুক্ত পথছোৱাৰ ঠিকা লাভ কৰাৰ পিচত পথ নিৰ্মাণ সংস্থাটোৱে স্থানীয় একাংশ যুৱক চাৱ কন্টেক প্ৰদান কৰিছিল৷ প্ৰথম অৱস্থাত নিয়মিতভাৱে কামৰ বিপীৰতে বিল প্ৰদান কৰিছিল যদিও পৰবৰ্তী সময়ত পথ নিৰ্মাণ সংস্থাটোৱে স্থানীয় ঠিকাদাৰ সকলক বিভিন্ন অজুহাতৰে লেহেমীয়া গতিত বিল পৰিশোধ কৰি অৱশেষত প্ৰায় ৩০ কোটি টকাৰ বিল প্ৰদান নকৰাকৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাঁইপথছোৱা চাৰিলেনযুক্তকৈ নিৰ্মাণ কৰা কাৰ্যৰ পৰা আঁতৰি যায়৷ ফলত পুনৰ পথছোৱাৰ নিৰ্মাণৰ ঠিকা লাভ কৰে ডিচিচি নামৰ আন এটা পথ নিৰ্মাণকাৰী সংস্থাই৷ বৰ্তমানে ডিচিচি নামৰ পথ নিৰ্মাণ সংস্থা এটাই চাৰিলেনযুক্ত পথ নিৰ্মাণ কাৰ্য অব্যাহত ৰাখিছে কিন্তু পূৰ্বে ঠিকা লাভ কৰা টি•কে কঞ্চট্ৰাকশ্ব’নে অদ্যাপিও বকেয়া ধনৰাশি ঠিকাদাৰ সকলক প্ৰদান নকৰাত স্থানীয় ঠিকাদাৰ সকল বাৰুকৈ সমস্যাত পৰিছে৷ বিগত প্ৰায় ডেৰ বছৰে বিশ্বনাথ জিলাৰ প্ৰায় অৰ্দ্ধ শতাধিক ঠিকাদৰে নিজ প্ৰাপ্য ধনৰাশি বিচাৰি বিশ্বনাথ জিলাৰ উপায়ুক্তক সাক্ষাৎ কৰি বহু আৱেদন নিবেদন কৰি আহিছে যদিও কোনো সুফল লাভ কৰা নাই৷ সেয়েহে শেহতীয়াভাৱে উপা়য়ন্তৰহৈ বিশ্বনাথ জিলাৰ অভিভাৱক মন্ত্ৰী পিয়ুষ হাজৰ্কাৰ পোনপটীয়া হস্তক্ষেপত ন্যায় বিচাৰি এক প্ৰস্তাৱ গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে৷ তদুপৰি আজি বিশ্বনাথৰ সাহিত্য সভা ভৱনত অনুষ্ঠিত সভাত চুবুৰীয়া ৰাজ্য অৰুণাচলৰ পথ নিৰ্মাণ সংস্থা টি•কে ইঞ্জিনিয়াৰিং কঞ্চট্ৰাকশ্ব’নৰ পৰা প্ৰাপ্য হিচাপে পাবলগীয়া ৩০ কোটি টকা স্থানীয় ঠিকাদাৰ সকলক মুকলি কৰি দিৱলৈ অনুৰোধ জনাই এক স্মাৰক পত্ৰ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে৷

- Advertisement -

Hot this week

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

‘ব্লুটুথ’ শব্দটোৰ বিষয়ে থূলমুলকৈ

আজিৰ বিশ্বত ব্লুটুথ(Bluetooth) বোলা শব্দটো চিনি নোপোৱা মানুহৰ সংখ্যা...

Britain’s Got Talent শীৰ্ষক ৰিয়েলিটী শ্ব’ত অসমৰ জীয়ৰী বিনীতা চেত্ৰীৰ চূড়ান্ত পৰ্যায়ত প্ৰৱেশ

Britain’s Got Talent শীৰ্ষক ৰিয়েলিটী শ্ব’ত নৃত্য প্ৰদৰ্শনেৰে আকৰ্ষণৰ...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

শিশুৰ ৰোগ আৰু নিৰাময়ৰ উপায়

শিশুৰ জন্ম আৰু লালন-পালন শিশুৰ জন্মৰ ২-৩ ঘণ্টামান পাছৰ পৰাই...

Topics

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই ডাইৰেক্টৰ জেনেৰেল (Director...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ...

Facebook: আজিৰ পৃথিৱীৰ ,জনপ্রিয় এক চচিয়েল নেটৱৰ্কিং সেৱা

ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে  ০৪ ফেব্রুৱাৰী ২০০৪ চনত...

‘ব্লুটুথ’ শব্দটোৰ বিষয়ে থূলমুলকৈ

আজিৰ বিশ্বত ব্লুটুথ(Bluetooth) বোলা শব্দটো চিনি নোপোৱা মানুহৰ সংখ্যা...

Related Articles

Popular Categories

Assam
overcast clouds
24.4 ° C
24.4 °
24.4 °
95 %
2.5kmh
100 %
Thu
25 °
Fri
24 °
Sat
30 °
Sun
27 °
Mon
32 °

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2528

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2534

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2537

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds