31.3 C
Guwahati
Sunday, January 25, 2026
More

    Trending Now:

    বিশিষ্ট বেহেলাবাদক মিনতি খাউণ্ডৰ দেহাৱসান

    সংগীত নাটক একাডেমী বঁটাপ্ৰাপক বিশিষ্ট বেহেলাবাদক মিনতি খাউণ্ডৰ কালি সন্ধিয়া গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত বার্ধক্যজনিত কাৰণত শিল্পীগৰাকীৰ দেহাৱসান ঘটে। ১৯৪০ চনত জন্মলাভ কৰা যশস্বী...

    শেহতীয়া আপডেটঃ

    বিধায়ক হিচাপে বিহালী বাসীয়ে বিচাৰে প্ৰেমলালক

     

     

    অসম খবৰ বিহালী ২৩ জুলাই :

    আগন্তুক বিধানসভাৰ উপ-নিৰ্বাচনক তৎপৰ হৈছে কংগ্ৰেছ দল।
    আৰম্ভ কৰিছে কংগ্ৰেছ দলে সমষ্টি দখলৰ ৰণ কৌশল । ইফালে অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙে অলপতে গুৱাহাটীত বাহৰ পাতি আগন্তুক উপ নিৰ্বাচনৰ বাবে ৰণকৌশল প্ৰস্তুত কৰি ৰাজ্য খনৰ কংগ্ৰেছ দলৰ নেতা, বিধায়ক সকলৰ সৈতে ইখনৰ পিছত সিখন সভা অনুষ্ঠিত কৰি পুনৰ ৰাওনা হ’ল দিল্লীলৈ।

     

    ইফালে ৰাজ্যত লোক সভা নিৰ্বাচনৰ পিছত ৫ টাকৈ বিধান সভা সমষ্টিৰ খালী হৈ পৰে। এই ৫ টা সমষ্টিৰ বিধায়ক কেইজন সাংসদ হিচাপে নিৰ্বাচিত হোৱাত খালী হৈ আছে এতিয়া এই সমষ্টি ৫ টা বিধান সভা সমষ্টি।

    ইফালে চলিত বৰ্ষৰ
    ছেপ্টেম্বৰ মাহত উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াই ।
    অৱশ্যে বৰ্তমানলৈকে নিৰ্বাচনৰ দিন ঘোষণা কৰা নাই যদিও পৰবৰ্তী সময়ত নিৰ্বাচন আয়োগেহে উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰিব । আনহাতে এই উপ নিৰ্বাচনক লৈ ৰাজ্যৰ খনৰ ৰাজনৈতিক দল সমূহে আৰম্ভ কৰিছে নিজৰ নিজৰ দলীয় কাম কাজ।
    আন আন ৰাজনৈতিক দলৰ লগতে কংগ্ৰেছ দলেও আৰম্ভ কৰিছে উপ নিৰ্বাচনৰ ৰণ-কৌশল।
    কংগ্ৰেছ দলৰ মতে
    এই বাৰ উপ- নিৰ্বাচনত কংগ্ৰেছ দলে কাৰো সৈতে মিত্ৰতা নকৰি অকলে নিৰ্বাচনত যুজঁ দিয়াৰ সিদ্ধান্ত লৈছে। ইয়াকে লৈ বিৰোধী ঐক্য মঞ্চৰ একাংশ ৰাজনৈতিক দলে কংগ্ৰেছ দলক কঠোৰ সমালোচনা কৰিছে যদিও কংগ্ৰেছ দলে বৰ্তমানলৈকে কোনো মতামত ব্যক্ত কৰা নাই। আনহাতে কংগ্ৰেছৰ দলৰ হাই কামাণ্ডৰ হাতত আগন্তুক ৫ টা বিধান সভাৰ উপ-নিৰ্বাচনৰ বাবে প্ৰতিটো সমষ্টিৰ পৰা কেইবাজনো নেতাৰ নাম সহ এখন তালিকা হাতত পৰা বুলি এক বিশেষ সূত্ৰে প্ৰকাশ। বিশেষকৈ পাঁ‌চটা সমষ্টিৰ সম্ভাব্য প্ৰাৰ্থীৰ ভিতৰত আছে ,
    প্ৰবীণ বড়ো, সঞ্জীৱ ৱাৰি, দেৱজিৎ বসুমতাৰী, গিৰীশ বৰুৱা, জ্যোতিৰ্ময় বৈশ্য, ভাস্কৰ সৰকাৰ, ব্ৰজেনজিৎ সিংহ, তানজিল হুছেইন, জুৱেৰুল বক্সি, ছফিকুৰ ৰহমান, কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ভূপেন বৰা, দিলীপ বৰুৱা,প্ৰেমলাল গঞ্জু, মনোজ গৌতম, হীৰক দাস, ধ্ৰুৱজ্যোতি পুৰকায়স্থ, বিশ্বজিৎ দাস।

    ইফালে এই পাঁচটা সমষ্টিৰ তালিকাৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ সমষ্টি হিচাপে বিবেচিত হৈছে
    উত্তৰ অসমৰ ৭৭ নং বিহালী বিধান সভা সমষ্টি। উল্লেখযোগ্য যে এই সমষ্টিটো বিজেপি দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰা আৰু যিটো সময়ত বিজেপি দলে দলীয় টিকট দিবলৈ মানুহ বিচাৰি পোৱা নাছিল সেই সময়ত বিহালী সমষ্টিৰ বলিষ্ঠ নেতা তথা সমাজ সেৱক ৰঞ্জিত দত্তক টিকট প্ৰদান কৰিছিল বিজেপি দলে। কিন্তু যি টিকট প্ৰদান কৰিলে বিজেপি দলে তাৰ পিছত আৰু ৰৈ নাথাকিল বিধায়ক ৰঞ্জিত দত্ত। দত্ত সমষ্টিৰ পৰা ৪ বাৰকৈ বিধায়ক হৈ বিজেপিৰ সন্মান ৰক্ষা কৰাৰ লগতে ৰাজ্যত বিজেপিৰ উত্থানৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰি এক জাগৰণ সৃষ্টি কৰিছিল ৰঞ্জিত দত্তই।
    উত্তৰ অসমৰ জ্যেষ্ঠ বিজেপি নেতা গৰাকীয়ে দলটোৰ গুৰুত্বপূৰ্ণ ৰাজ্যিক সভাপতিৰ দৰে পদ, তাৰ পিছত কেবিনেট মন্ত্ৰী,৪ বাৰকৈ বিধায়ক হৈ বৰ্তমানৰ শোণিতপুৰ লোক সভা সমষ্টিৰ সাংসদ হিচাপে নিৰ্বাচিত হ’ল ৰঞ্জিত দত্ত । ৰঞ্জিত দত্তৰ দখলত থকা সমষ্টিটোৰ ওপৰত বিশেষ চকু কংগ্ৰেছ দলৰ । কাৰণ এই সমষ্টিটোত ৰঞ্জিত দত্তৰ হাতৰ পৰা গুচি যোৱাৰ পাছত দ্বিতীয় জন তেনে শক্তিশালী নেতা বিজেপি দলত যিহেতু নাই। তাক এতিয়া কংগ্ৰেছ দলে সুযোগ হিচাপে লৈ সমষ্টিটো দখল কৰিবলৈ আৰম্ভ কৰিছে নতুন নতুন ৰণ কৌশল ।
    আনহাতে ৰঞ্জিত দত্তৰ পিছতে আন এজন জনপ্ৰিয় নেতা আছে প্ৰেমলাল গঞ্জু। আচলতে প্ৰেমলাল গঞ্জু হৈছে কংগ্ৰেছ দলৰ। প্ৰেমলাল গঞ্জু এনে এজন নেতা, যাৰ আছে বহু গুণ। প্ৰতিটো জাতি-জনগোষ্ঠীৰ বুকুৰ আপোন, প্ৰতিটো জাতি-জনগোষ্ঠীৰ ভাষা সুন্দৰ ভাৱে ক’ব পাৰে, প্ৰতিটো জাতি -জনগোষ্ঠীৰ সাংস্কৃতিক মঞ্চত ওতপ্ৰোত ভাৱে জৰিত হৈ থকা এজন নেতা। ইফালে কংগ্ৰেছ দলে এই জনপ্ৰিয় নেতা গৰাকীক ২০২৪ চনৰ লোক সভা নিৰ্বাচনত শোণিতপুৰ লোক সভা সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ কৰাইছিল।
    এই সমষ্টিটোৰ উপ-নিৰ্বাচনৰ ক্ষেত্ৰত বিজেপি দলৰ ভিতৰত সঘনাই প্ৰাৰ্থীত্ব কেন্দ্ৰিক সংঘাত সৃষ্টি হোৱা দেখা গৈছে‌। এই প্ৰাৰ্থীত্ব কেন্দ্ৰিক সংঘাতৰ মাজতে এতিয়া কংগ্ৰেছ দলে সুযোগ গ্ৰহণ কৰিছে। কিন্তু তাৰ তুলনাত কংগ্ৰেছ দলত তেনে কোনো প্ৰাৰ্থীত্ব কেন্দ্ৰিক সংঘাত নাই । একপ্ৰকাৰে কংগ্ৰেছ দলৰ নেতা হিচাপে সমষ্টিটোৰ কংগ্ৰেছ কৰ্মী, জনপ্ৰিয় নেতা তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক প্ৰেমলাল গঞ্জুক সমষ্টিটোৰ দায়িত্ব অৰ্পণ কৰিছে।
    ইফালে এই দায়িত্ব তথয দায়বদ্ধতা ৰাখি কংগ্ৰেছ নেতা প্ৰেমলাল গঞ্জুয়ে আগন্তুক উপ নিৰ্বাচনৰ বাবে দিনে নিশাই দলৰ আৰু ৰাইজৰ কাষত থিয় হৈ সাংগঠনিক কাম-কাজত ব্যস্ত থকা পৰিলক্ষিত হৈছে। তাৰ সমান্তৰালকৈ বিজেপি দলেও ভাগে ভাগে সভা-সমিতি আয়োজন কৰিছে যদিও দৈনিক বিজেপি কৰ্মী সকলৰ মাজত নতুন নতুন সংঘাত সৃষ্টি হোৱাহে দেখা গৈছে। আকৌ কোনো কোনো বিজেপি কৰ্মীয়ে ইজনৰ ভুল বুলি সিজনক সামাজিক মাধ্যমত সমালোচনা কৰাও পৰিলক্ষিত হৈছে। তাৰ বিপৰীতে কংগ্ৰেছ দলে সুন্দৰ
    ভাৱে চলাই গৈছে প্ৰচাৰ অভিযান। আমি সমষ্টিৰ ১৭ খন গাওঁ পঞ্চায়ত ঘূৰি জনসাধাৰণৰ মতামত গ্ৰহণ কৰা তথ্য অনুসৰি কংগ্ৰেছ দলৰ জনপ্ৰিয় নেতা প্ৰেমলাল গঞ্জু আগন্তুক উপ-নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো সমষ্টিটোৰ জনসাধাৰণে মনে-প্ৰাণে বিচাৰে।
    সমষ্টিটোৰ অধিকাংশ লোকে গঞ্জুক উপযুক্ত তথা যোগ্য ব্যক্তি বুলি বুলি প্ৰকাশ কৰিছে ।

    উল্লেখযোগ্য যে চলিত ২০২৪ চনৰ লোক সভা নিৰ্বাচনত শোণিতপুৰ সমষ্টিৰ পৰা কংগ্ৰেছৰ দলৰ পৰা প্ৰতিদ্বন্দিতা কৰি এক চমক দেখুৱাবলৈ সক্ষম হৈছিল নেতা গৰাকীয়ে।
    পূৰ্বৰ তুলনাত বিহালী সমষ্টিৰ কংগ্ৰেছ দলক অধিক শক্তিশালী কৰি বিগত বিধান সভা নিৰ্বাচনত ২১,৭৩৫ টা  ভোটৰ বিপৰীতে এই বাৰ শোণিতপুৰ লোকসভা সমষ্টিত প্ৰতিদ্বন্দিতা আগবঢ়াই প্ৰেমলাল গঞ্জুয়ে পূৰ্বৰ তুলনাত আৰু বিজেপিৰ তুলনাত ৪৩,৫৯৫ টা হাজাৰ ভোট লাভ কৰিবলৈ সক্ষম হৈছিল কংগ্ৰেছ প্ৰাৰ্থী প্ৰেমলাল গঞ্জুয়ে। য’ত সমষ্টিটোৰ পৰা বিধায়ক ৰঞ্জিত দত্তই প্ৰতিদ্বন্দিতা কৰিছিল। কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ’ল ৯ টাকৈ বিধান সমষ্টিত কংগ্ৰেছ দলৰ এজনো বিধায়ক নোহোৱাৰ লগতে জিলা সমিতিৰ শক্তিশালী ভূমিকা নথকাৰ পিছতো কংগ্ৰেছ দলৰ নেতা গৰাকীয়ে ৪,১৪,৩৮০ টা ভোট লাভ কৰি কংগ্ৰেছ দলৰ সন্মান ৰক্ষা কৰিছিল। কিন্তু এইজন নেতাকে পুনৰ বিহালী সমষ্টিৰ ৰাইজে আগন্তুক বিধায়ক হিচাপে নিৰ্বাচন কৰিবলৈ মনত আশা পুহি ৰাখিছে।
    —————————————-

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
    • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
    • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
    • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
    • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
    • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
    • FREE BIRD | ZUBEEN GARG |
    • Herowa Chanda- Trailer

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 30 seconds