31.3 C
Guwahati
Sunday, November 9, 2025
More

    শেহতীয়া আপডেটঃ

    মাজুলীত তপন কুমাৰ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

    লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যৰ ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযানে ক্রমাৎ গতি লাভ কৰিছে। বিজেপি নেতা তথা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি মাজুলীত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। তেওঁ বিজেপি সমর্থক আৰু মিত্ৰ দলৰ কৰ্মীসকলৰ সৈতে এটি চাইকেল ৰেলীত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে গড়মূৰৰ মিনি ষ্টেডিয়ামৰ পৰা মহৰিচুকলৈ প্ৰায় ১৫ কিলোমিটাৰ পথ চাইকেল চলাই নির্বাচনী প্ৰচাৰৰ আৰম্ভ কৰে। ইয়াৰ পাছত তেওঁ নামনি মাজুলী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজিত নির্বাচনী সভাত অংশ লয়।

    মন্ত্ৰী ৰণোজ পেগু, বিধানয়ক ভূবন গাম আৰু মিত্ৰ দলৰ কার্যকৰ্তাসকলে এই সভাত অংশগ্ৰহণ কৰে। একেদৰে যোৰহাট সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে বিধায়ক অখিল গগৈ আৰু দলীয় কৰ্মীসকলৰ সৈতে শিৱসাগৰ তথা ডিমৌ সমষ্টিত প্ৰচাৰ চলায়। তেওঁ শিৱসাগৰ আৰু ডিমৌ সমষ্টিৰ অন্তৰ্গত ১৪খন নির্বাচনী সভাত অংশ লয়। শিৱসাগৰৰ ৰাজীৱ ভৱনত সংবাদ মেল সম্বোধন কৰি ৰাইজলৈ গোহাৰি নামৰ এখন পত্ৰিকা উন্মোচন কৰে।

    বিৰোধী মিত্ৰজোঁটৰ হৈ বিজেপি চৰকাৰৰ কামকাজক সমালোচনা কৰি মহা অভিযোগ নামা উন্মোচন কৰে। তেওঁ সংবাদ মেলত বিজেপিয়ে চৰকাৰী তন্ত্ৰক নিৰ্বাচনৰ নামত ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে। অহা ৭ মে’ত হ’বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে বৰপেটা লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্রার্থী তথা অগপ নেতা ফণীভূষণ চৌধুৰীয়ে ভৱানীপুৰ সৰভোগ বিধানসভা সমষ্টিত প্ৰচাৰ চলায়। মন্ত্ৰী ৰণজিৎ‍ কুমাৰ দাসৰ সৈতে তেওঁ নিৰ্বাচনী প্ৰচাৰ চলাই ৰাইজৰ সৈতে মত-বিনিময় কৰে। সৰভোগৰ আহোম পথাৰ, চাফা, কামাৰ আদি অঞ্চলত অনুষ্ঠিত ৰাজহুৱা সভাতো তেওঁ অংশ লয়। ইয়াৰ পাছত তেওঁ বৰপেটা ৰোডতো নির্বাচনী প্ৰচাৰ চলায়। ইপিনে, বৰপেটা সমষ্টিৰ চি পি এম দলৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰে পাকা বেটবাৰী সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলায়।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds