31.3 C
Guwahati
Sunday, October 19, 2025
More

    শেহতীয়া আপডেটঃ

    পাৰিজাত একাডেমীত কেৰিয়াৰ সজাগতা সভা সম্পন্ন

    গুৱাহাটী,২২ জানুৱাৰী: অসম ডন বস্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ  যান্ত্রিক অভিযান্ত্রিক বিভাগৰ উদ্যোগত ২০জানুৱাৰীত গুৱাহাটীৰ মহানগৰীৰ কাষৰীয়া পামহি(গড়চুক)স্থিত পাৰিজাত একাডেমীত  এখন কেৰিয়াৰ সজাগতা সভা  অনুষ্ঠিত  হয় ।

     পাৰিজাত একাডেমীৰ প্ৰতিষ্ঠাপক উত্তম টেৰণে আদৰণী ভাষণ আগবঢ়োৱা সভাখন সঞ্চালনা কৰে পাৰিজাত একাডেমীৰ অধ্যক্ষ  দীপাঞ্জলী ভাগৱতীয়ে আৰু কেৰিয়াৰ সজাগতা সভাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা তথা অসম ডন বস্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ মুৰব্বী ড° বুলজিৎ বুঢ়াগোহাঁই , সহকাৰী অধ্যাপক লীনা এইছ নেমাদে  আৰু  সহকাৰী অধ্যাপক কমলদীপ কলিতা ।

             ড° বুলজিৎ বুঢ়াগোহাঁয়ে  হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত শিক্ষাৰ্থীসকলে অধ্যয়ন কৰিব পৰা আই.টি.আই.ৰ বিভিন্ন ট্রেড আৰু পলিটেকনিকৰ তিনি বছৰীয়া বিভিন্ন ডিপ্লমা পাঠ্যক্রমৰ বিষয়ে  আলোচনা কৰাৰ লগতে উচ্চতৰ মাধ্যমিকৰ কলা, বিজ্ঞান , বাণিজ্য শাখা  বা বৃত্তিমুখী (vocational) যিকোনো শাখাতে শিক্ষা কৰি নিজৰ দক্ষতা প্রকাশ কৰিব পাৰিলে শিক্ষাৰ্থীসকলে সুন্দৰ কেৰিয়াৰ গঢ়াৰ সুবিধা লাভ কৰিব পাৰে সেই বিষয়ে বিষদ বাখ্যা আগবঢ়ায় । ড° বুঢ়াগোহাঁয়ে  বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষা তথা নিযুক্তিৰ বাবে আয়োজন কৰা সাক্ষাৎকাৰবোৰত  সাধাৰণ জ্ঞানৰ প্রয়োজনীয়তাৰ বিষয়ে উল্লেখ কৰে ।

     ড° বুলজিৎ  বুঢ়াগোহাঁয়ে  সভাখনত অংশগ্রহণ কৰা শিক্ষাৰ্থীসকলৰ বিভিন্ন প্রশ্নৰ উত্তৰ দিয়ে,লগতে  প্ৰতি শনিবাৰে বিয়লি ৬বজাৰৰ পৰা ৯বজালৈ ফোনযোগে (৯৪৩৫১৮৮৬৩০) বিনামূলীয়াকৈ আগবঢ়োৱা কেৰিয়াৰ পৰামৰ্শৰ বিষয়েও অৱগত কৰে ।

         আন এগৰাকী সমল ব্যক্তি  লীনা এইছ নেমাদে শিক্ষাৰ্থীসকলক দক্ষতা ভিত্তিক শিক্ষাৰ ওপৰত গুৰুত্ব দিবলৈ কয়। তেওঁ শিক্ষাৰ্থীসকলক এনে কেৰিয়াৰৰ পথ বাছনি কৰিবলৈ আহ্বান জনায় যাতে গোটেই জীৱনটো সুন্দৰ ভাবে পাৰ কৰিব পাৰে । লগতে তেওঁ গুৰুত্ব আৰোপ কৰে যে শিক্ষাৰ্থীসকলে সদায় তথ্যৰ পৰিৱৰ্তে জ্ঞান উন্নতিৰ বাবে চেষ্টা কৰিব লাগে।  সভাখনৰ আৰু এগৰাকী সমল ব্যক্তি কমলদীপ কলিতাই প্ৰযুক্তি ভিত্তিক শিক্ষণ ব্যৱহাৰৰ বিষয়ে বক্তব্য প্ৰদান কৰাৰ লগতে শিক্ষাৰ্থীসকলৰ শৈক্ষিক দিশত ইণ্টাৰনেটৰ সঠিক ব্যৱহাৰৰ বিষয়ে অৱগত কৰে। কলিতাই জীৱনত উচ্চাকাংক্ষা গুৰুত্ব থকাৰ কথা বুজাই দিয়াৰ লগতে কেইজনমান শিক্ষাৰ্থীয়ে সোধা প্ৰশ্নৰ উত্তৰ  প্রদান কৰে।

        পাৰিজাত একাডেমীৰ শিক্ষাৰ্থী তথা শিক্ষক-শিক্ষয়ত্রীসকলো উপস্থিত থকা সভাখনত একাডেমীৰ প্ৰতিষ্ঠাপক সঞ্চালক উত্তম টেৰণে কেনেদৰে  পাৰিজাত একাডেমীখন কেনেকৈ প্ৰতিষ্ঠা কৰি বৰ্তমান অৱস্থা পাইছেহি তাৰ বিষয়ে আইমণি টুমুঙে উল্লেখ কৰাৰ লগতে কেৰিয়াৰ সজাগতা সভাখনৰ যোগেদি  শিক্ষাৰ্থীসকল যথেষ্ট উপকৃত হ’ব বুলি অভিমত প্ৰকাশ কৰে ।

    https://www.youtube.com/watch?v=qUBJFf8TQxo

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds