Saturday, July 26, 2025
26.5 C
Guwahati
TOP NEWS:

নীলা ৰঙৰ আধাৰ কাৰ্ড, কেনেকৈ, কোনে পাব?

ৰঙৰ পাৰ্থক্যৰ উপৰিও সাধাৰণ আধাৰ কাৰ্ড বা বগা আধাৰ কাৰ্ডৰ সৈতে নীলা আধাৰ কাৰ্ডত কিছু পাৰ্থক্য আছে

- Advertisement -

⬆️ নীলা ৰঙৰ এখন আধাৰ কাৰ্ড। এইখন কাৰ্ডৰ বিষয়ে হয়তু আপুনি জানে বা নাজানিবও পাৰে। এইখন কাৰ্ডখন যোৱা তিনি বছৰ আগতে প্ৰৱৰ্তন কৰা হৈছে। যিসকলে আবেদন কৰিছিল বহুতে ইতিমধ্যে নীলা ৰঙৰ আধাৰ কাৰ্ডখন লাভ কৰিছে। কিন্তু যিসকলে এই কাৰ্ডৰ বিষয়ে নাজানে বা পোৱা নাছিল তেওঁলোকৰ বাবে এই প্ৰতিবেদন।

নীলা ৰঙৰ আধাৰ কাৰ্ডখন কি, কাক দিয়া হৈছে এইখন কাৰ্ড, এই কাৰ্ডখন পাবলৈ আপুনি কি কৰিব লাগিব, সাধাৰণতে ব্যৱহাৰ কৰা বগা কাৰ্ডৰ সৈতে পাৰ্থক্য কি বা বিশেষ বিশেষত্ব আছে নেকি?ভালদৰে পঢ়ক

নীলা আধাৰ কাৰ্ড প্ৰকৃততে শিশুসকলৰ বাবে চৰকাৰে জাৰী কৰা এক বিশেষ পৰিচয় পত্ৰ। যি পৰিচয় পত্ৰ বা কাৰ্ড শিশুৰ পাঁচ বছৰ বয়সলৈকে বৈধতা। শিশুৰ বাবে নীলা ৰঙৰ আধাৰ কাৰ্ড ২০১৮ চনত প্ৰৱৰ্তন কৰা হৈছিল।

ৰঙৰ পাৰ্থক্যৰ উপৰিও সাধাৰণ আধাৰ কাৰ্ড বা বগা আধাৰ কাৰ্ডৰ সৈতে নীলা আধাৰ কাৰ্ডত কিছু পাৰ্থক্য আছে। প্ৰথমতে, এই আধাৰ কাৰ্ডত চকুৰ স্কেনৰ কোনো তথ্য নাই। দ্বিতীয়তে, এই আধাৰ কাৰ্ডৰ ম্যাদ উকলিছে। শিশু এটি পাঁচ বছৰ বয়সলৈকে এই আধাৰ কাৰ্ডৰ বৈধতা থাকিব। শিশুটোৰ অভিভাৱকে বৈধতা উকলি যোৱাৰ সময়ত সাধাৰণ আধাৰ কাৰ্ডৰ বাবে আবেদন কৰিব লাগিব।

নৱজাতক আৰু পাঁচ বছৰৰ তলৰ শিশুৰ অভিভাৱকে এই কাৰ্ডখনৰ বাবে আবেদন কৰিব পাৰে। তাৰ বাবে, আপুনি প্ৰথমে আধাৰ নামভৰ্তি কেন্দ্ৰলৈ যাব লাগিব। নামভৰ্তি পত্ৰ পূৰণ কৰিব লাগিব। শিশুটোৰ জন্মৰ প্ৰমাণপত্ৰ, পিতৃ-মাতৃৰ আধাৰ কাৰ্ড নম্বৰ আৰু মোবাইল নম্বৰ।

শিশুটোৰ আধাৰ কাৰ্ড নম্বৰ পিতৃ-মাতৃৰ আধাৰ কাৰ্ডৰ সৈতে সংযুক্ত কৰা হ’ব। পিছত, যেতিয়া ম্যাদ উকলি যায়, সাধাৰণ আধাৰ কাৰ্ডৰ বাবে প্ৰযোজ্য হ’লে চৰকাৰে শিশুটোৰ বায়োমেট্ৰিক তথ্যৰ সৈতে এখন নতুন আধাৰ কাৰ্ডৰ বাবে নিৰ্দেশ দিব।

Hot this week

Nokia 5G phone launch at 200MP camera 6000mAh battery and 65w charging

Nokia 5G phone: The Nokia N73 5G represents a remarkable...

ASSAM RIFLES RECOVERS HEROIN AND METHAMPHETAMINE WORTH ₹76 Cr IN JIRIBAM DISTRICT, MANIPUR

■ In a significant blow to drug trafficking, Assam...

Topics

সুভাংশু শুক্লাসহ অন্য ৩ গৰাকী মহাকাশচাৰীৰ পৃথিৱী অভিমুখে ওভতনি যাত্রা

AXIOM-4 অভিযানৰ সুভাংশু শুক্লাসহ অন্য ৩ গৰাকী মহাকাশচাৰীৰ পৃথিৱী...

Samsung India Begins Pre Orders for Galaxy Z Fold7, Galaxy Z Flip7 – The Most Advanced Galaxy Z series yet

New Delhi, July 14, 2025: Samsung, India’s largest consumer electronics...

এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাঃ দুয়োটা ইঞ্জিনেই বিকল হৈছিল

এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাঃ দুয়োটা ইঞ্জিনেই বিকল হৈছিল বিমান দুৰ্ঘটনাৰ...

অতিথিসকলক মাননি প্ৰদানৰ প্ৰয়োজনীয়তা –   ড° বুলজিৎ বুঢ়াগোহাঁই

          আজি-কালি সাংস্কৃতিক, শিক্ষামূলক, সামাজিক, ক্ৰীড়া আৰু ব্যৱসায়িক ক্ষেত্ৰৰ...

Related Articles

Popular Categories

Assam
moderate rain
25.9 ° C
25.9 °
25.9 °
91 %
2kmh
97 %
Sat
33 °
Sun
31 °
Mon
28 °
Tue
32 °
Wed
32 °