31.3 C
Guwahati
Tuesday, September 23, 2025
More

    শেহতীয়া আপডেটঃ

    বিহালী প্ৰেছ ক্লাব নতুন সমিতিক দায়িত্ব অর্পণ

    বিহালী প্ৰেছ ক্লাব
    নতুন সমিতিক দায়িত্ব অর্পণ

    বিহালী ১৯ জুন :

    ১৯৯৫ চনত গঠন হোৱা বিহালী প্ৰেছ ক্লাবৰ ২০২৩-২৪ বৰ্ষৰ
    বাবে গঠন হোৱা নতুন সমিতিখনক দেওবাৰে দায়িত্ব অর্পণ কৰা হয়।
    বিহালী সমষ্টিৰ বেদেতী অমিয় ভৱনত প্ৰাক্তন সম্পাদক খগেন মটকৰ
    আহ্বান মর্মে প্ৰাক্তন সভাপতি দীপক শৰ্মাই দায়িত্ব অর্পণ সভাখনত সভাপতিত্ব কৰে।

    সভাত পুৰণা সমিতিৰ হৈ সম্পাদক খগেন মটকে নৱ-নির্বাচিত সভাপতি দীপক শৰ্মা আৰু সম্পাদক শ্ৰীমন্ত দাসৰ হাতত প্ৰেছ ক্লাবৰ যাবতীয়
    নথি-পত্র জমা দি দায়িত্ব অর্পণ কৰে।

    সভাত বিশ্বনাথ চাৰিআলিত দুৰ্ঘটনাত পতিত হৈ নিজউ-১৮ৰ ফটো
    সাংবাদিক নির্বাণ নয়ন হাজৰিকাৰ মৃত্যু ঘটাত গভীৰ শোক প্ৰকাশ কৰি নবীন সাংবাদিকগৰাকীৰ আত্মাৰ
    চিত্ৰশান্তি কামনা কৰি ১ মিনিট সময় মৌন প্রার্থনা কৰা হয়। সভাত দিগন্ত কুমাৰ দাস, মহেন্দ্র পগাগ, শ্রীমন্ত
    দাসে বক্তব্য দাঙি ধৰে।
    অসমৰ বিভিন্ন প্রান্তত শেহতীয়াভাৱে সাংবাদিকক একাংশ লোকে আক্রমণ কৰা,
    ভাবুকি প্ৰদান কৰি অহা কাৰ্যক সভাই তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে এনে লোকক কঠোৰ শাস্তি প্রদান
    কৰিবলৈ বিহালী প্ৰেছ ক্লাবে আৰক্ষী প্ৰশাসনক দাবী জনায়।

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.