বিশ্বনাথৰ কমলাকান্ত ক্ষেত্ৰত শতাধিক প্ৰতিযোগীৰ অংশগ্ৰহণ
বিশ্বনাথত অসম সাংস্কৃতিক মহাসংগ্ৰামৰ জিলা পৰ্যায়ৰ প্ৰতিযোগিতাৰ শুভাৰম্ভ
বিশ্বনাথ চাৰিআলি, ৫ জানুৱাৰী :
বৰ্ণাঢ্য কাৰ্যসূচীৰে আজিৰে পৰা বিশ্বনাথত অনুষ্ঠিত হৈছে অসম সাংস্কৃতিক মহাসংগ্ৰাম-২০২৩-২৪ৰ জিলা পৰ্যায়ৰ প্ৰতিযোগিতা। উখল মাখল বিশ্বনাথৰ কমলাকান্ত ক্ষেত্ৰত আজি পুৱা ১০ বজাৰ পৰা শুভাৰম্ভ হোৱা এই জিলা পৰ্যায়ৰ সাংস্কৃতিক প্ৰতিযোগিতাত জিলাখনৰ তিনিওটা সমষ্টি ক্ৰমে গহপুৰ, বিহালী আৰু বিশ্বনাথৰ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে । নিৰ্দ্ধাৰিত কাৰ্যসূচী অনুসৰি আজি পুৱা জাতীয় সংগীতেৰে কাৰ্যসূচীৰ পাতনি মেলা হয়। ইয়াৰ পিছতেই জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, ড০ ভূপেন হাজৰিকা আৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে ক্ৰমে বিশ্বনাথৰ জিলা আয়ুক্ত ডাঃ নেহা যাদৱ, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দিগন্ত বৈশ্য, আৰক্ষী অধীক্ষক শুভাশীষ বৰুৱা প্ৰমুখ্যে বিশিষ্ট অতিথি সকলে । জিলা আয়ুক্ত ডাঃ নেহা যাদৱে প্ৰতিযোগী, বিচাৰক প্ৰমুখ্যে আমন্ত্ৰিত অতিথি সকলক উদ্দেশ্যি আদৰণি ভাষণ প্ৰদান কৰা শুভ আৰম্ভণি অনুষ্ঠানটিত বিশ্বনাথ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দিগন্ত বৈশ্য, বিশ্বনাথৰ আৰক্ষী অধীক্ষক শুভাশীষ বৰুৱা, অতিৰিক্ত জিলা আয়ুক্ত তথা গহপুৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি লুকুমনি বৰা, সহকাৰী আয়ুক্তদ্বয় ক্ৰমে বিচিত্ৰা দাস, চয়নিকা হাজৰিকা প্ৰমুখ্যে বিশিষ্ট অতিথি সকলে অংশগ্ৰহণ কৰা অনুষ্ঠানটিত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰি বিশ্বনাথ চাৰিআলি পৌৰ সভাৰ পৌৰপতি অমৰজ্যোতি বৰঠাকুৰে গ্ৰামাঞ্চলৰ সুপ্ত প্ৰতিভাক উলিয়াই অনাৰ বাবে অসম চৰকাৰে অসম সাংস্কৃতিক মহাসংগ্ৰামৰ দৰে প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে বুলি মন্তব্য কৰে।

আজিৰ শুভাৰম্ভণি অনুষ্ঠানৰ পিছতে অনুষ্ঠিত হয় বিষ্ণুৰাভা সংগীত, ভূপেন্দ্ৰ সংগীত আৰু ৰবীন্দ্ৰ সংগীত প্ৰতিযোগিতা ।একেদৰে কাইলৈ পুৱাৰ পৰা অনুষ্ঠিত হ’ব পৰম্পৰাগত নৃত্য আৰু বিহু নৃত্য প্ৰতিযোগিতা। আনহাতে ১৭ জানুৱাৰী, ২০২৪ তাৰিখে জ্যোতি সংগীত প্ৰতিযোগিতাৰে বিশ্বনাথত অসম সাংস্কৃতিক মহাসংগ্ৰামৰ জিলা পৰ্যায়ৰ প্ৰতিযোগিতাসমূহৰ সামৰণি পৰিব ।





