Monday, July 28, 2025
26.9 C
Guwahati
TOP NEWS:

বিশ্বনাথত বিদ্যুৎ লাগি এজন শ্ৰমিকৰ মৃত্যু

- Advertisement -

বিশ্বনাথত বিদ্যুৎ লাগি এজন শ্ৰমিকৰ মৃত্যু

মঙলবাৰে বিশ্বনাথৰ ফলফলিত সংঘটিত হল এক কৰুণ ঘটনা।এজন লোকৰ ঘৰত শ্ৰমিক হিচাপে কাম কৰি থকা সময়তে এজন যুৱক বৈদ্যুতিক তাৰত লাগি মৃত্যু হয়। উল্লেখ যে বিশ্বনাথৰ ফলফলিৰ ৰাম চকল ভকত নামৰ লোক জনৰ গৃহ নিৰ্মানৰ কাম চলি আছিল। গৃহ নিৰ্মানৰ কামত কেইবাগৰাকী শ্ৰমিকে কিছু দিনৰ পৰা নিৰ্মান কাৰ্যত লাগি আছিল।আজিও আন দিনৰ দৰে নিৰ্মানৰ কাৰ্যত তিনিজন শ্ৰমিকে বিদ্যুত সংযোগ কৰি লোৰ কাম কৰি আছিল।কিন্তু হঠাৎ তিনিজন শ্ৰমিকৰ মাজত এজন শ্ৰমিকৰ দেহত বিদ্যুৎ সংযোগ হৈ কাম কৰি থকা স্থানতে ঢলি পৰে।লগে লগে আন এজন শ্ৰমিকে বিদ্যুত সংযোগ হৈ পৰি যোৱা যুবকক স্পৰ্শ কৰিবলৈ লওতে তেওঁৰ দেহতো বিদ্যুত লাগে। লগে লগে তৃতীয়জন শ্ৰমিকে উক্ত ঘটনা প্ৰত্যক্ষ কৰি বিদ্যুত সংযোগৰ চুইট্চ অফ কৰে আৰু মাটিত পৰি যোৱা শ্ৰমিক জনক বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত লৈ আনে যদিও চিকিৎসকে শ্ৰমিক জনৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে।মৃত্যু হোৱা যুবক জন পাভৈ কমল পুৰৰ দেবজিৎ কাচেৰ বুলি চিনাক্ত কৰা হৈছে।অতি দৰিদ্ৰ পৰিয়ালৰ দেবজিৎ কাচেৰ নিজ পিতৃৰ অসুস্হতাৰ বাবে পৰিয়াল চলাবলৈ শ্ৰমিক হিচাপে কাম কৰিবলৈ আহি এই দৰে কৰুণ মৃত্যুক সাবটি লবলগীয়া হয়।ইতিমধ্যে বিশ্বনাথ জিলা দণ্ডাধীশে মৃতদেহটো নিৰীক্ষণ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে বিহালীলৈ প্ৰেৰণ কৰিছে।

Hot this week

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন কোনে দখল কৰিব :

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন...

Bajaj Finance’s Financial Literacy initiative ‘Arthsutra Samvad’ Reaches Assam’s Heartland

  The Pan-India Financial Literacy programme aims to promote...

Topics

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন কোনে দখল কৰিব :

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন...

সুভাংশু শুক্লাসহ অন্য ৩ গৰাকী মহাকাশচাৰীৰ পৃথিৱী অভিমুখে ওভতনি যাত্রা

AXIOM-4 অভিযানৰ সুভাংশু শুক্লাসহ অন্য ৩ গৰাকী মহাকাশচাৰীৰ পৃথিৱী...

Samsung India Begins Pre Orders for Galaxy Z Fold7, Galaxy Z Flip7 – The Most Advanced Galaxy Z series yet

New Delhi, July 14, 2025: Samsung, India’s largest consumer electronics...

Related Articles

Popular Categories

Assam
few clouds
27.9 ° C
27.9 °
27.9 °
84 %
1.6kmh
14 %
Mon
28 °
Tue
34 °
Wed
33 °
Thu
33 °
Fri
34 °