31.3 C
Guwahati
Saturday, January 24, 2026
More

    Trending Now:

    বিশিষ্ট বেহেলাবাদক মিনতি খাউণ্ডৰ দেহাৱসান

    সংগীত নাটক একাডেমী বঁটাপ্ৰাপক বিশিষ্ট বেহেলাবাদক মিনতি খাউণ্ডৰ কালি সন্ধিয়া গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত বার্ধক্যজনিত কাৰণত শিল্পীগৰাকীৰ দেহাৱসান ঘটে। ১৯৪০ চনত জন্মলাভ কৰা যশস্বী...

    শেহতীয়া আপডেটঃ

    বিশ্বনাথৰ এগৰাকী কনিষ্ঠ সাহিত্যিক চন্দ্ৰসিং ৰংপীলৈ একলম

     

    সাহিত্য হৈছে এক সাধনা ৷ এই সাধনাত বহু কম লোকে নিমগ্ন হোৱা দেখা যায় ৷ জ্ঞান পিপাসু লোকেহে কোনো ধৰনৰ পাৰিশ্ৰমিক নোহোৱাকে নিৰৱে সাহিত্যৰ সাধনাত ৰত হয় ৷ যি দৰে মম নিজে গলি আনক পোহৰাই তোলে ৷ সেইদৰেই সাহিত্য সাধকে নিজস্ব সাধনাৰে জগতক উদ্ভাষিত কৰি তোলে ৷ অথচ নিজৰ দুখ -বেদনা আৰু কষ্টক সংগোপনে মনৰ কোনত সাচি থয় ৷ সচাই সাহিত্যিকৰ মৰ্ম বেদনা কেইজনে জানিবলৈ চেষ্টা কৰে ? হয় , এয়া এক নিৰ্মম বাস্তৱ সত্য ৷ যদিও প্ৰকৃতিৰ বৈচিত্ৰময় ৰহস্য ভেদ কৰিব পৰা অজান মুলুকলৈ যোৱা সাহিত্যিকৰ এক চাৰিত্ৰিক বৈশিষ্ট্য ৷ এনেদৰেই উজাই যোৱা এগৰাকী জনজাতীয় মুলৰ কাৰ্বি সম্প্ৰদায়ৰ এগৰাকী যুৱক চন্দ্ৰসিং ৰংপী ৷ নিচেই কম বয়সৰ পৰাই সাহিত্য চৰ্চাৰ ধাৰা অব্যাহত ৰাখিছে ৷ এসময়ৰ সন্ত্ৰাসজৰ্জৰ অসম অৰুণাচল সীমান্তৱৰ্তীৰ ১ নং দিলীচাং গাওঁৰ অতি দৰিদ্ৰ পৰিয়ালত জন্ম গ্ৰহন কৰা চন্দ্ৰসিং ৰংপী এতিয়া এগৰাকী সুসাহিত্যিক ৰূপে পৰিচিত ৷ পিতৃ দিন হাজিৰা কৰা লোক আৰু মাতৃ ঘৰখন ইত্যাদি দিশত চোৱাচিতা কৰা এগৰাকী নিৰক্ষৰ মহিলা ৷ পৰিস্থিতিয়ে দুখ বেদনাৰ দিশলৈ ঠেলি দিলেও মনৰ ঐকান্তিক প্ৰচেষ্টাত দুই পুত্ৰক পঢ়াই শুনাই যোগ্যবান কৰি তুলিলে ৷ হয়তো তেওঁলোকৰ বাবে এয়া আছিল এক প্ৰত্যাহ্বান ৷ যদিও হাজাৰ প্ৰত্যাহ্বানক নেওচি অনুকুল অৱস্থালৈ অনা পিতৃ মাতৃৰ ঐকান্তিক প্ৰচেষ্টাক শলাগ লবই লাগিব ৷ এক শুভ ক্ষণ ১৯৯৪ চনৰ ১০ জুলাই তাৰিখে জন্মগ্ৰহণ কৰে চন্দ্ৰসিং ৰংপীয়ে ৷পিতৃৰ নাম ঁ মহৰী ৰংপী আৰু মাতৃৰ নাম চাৰণে বেপী ৷ দুখ দৰিদ্ৰৰ মাজত ডাঙৰ দীঘল হোৱা চন্দ্ৰসিঙে বাল্যকালতো কঠিন সংগ্ৰামৰ মাজত জীৱন অতিবাহিত কৰিছিল ৷ পখিলা খেদা বয়সত ক্ষুধাৰ তাড়নাত মাতৃৰ লগত বজাৰত বিভিন্ন ধৰনৰ শাকপাচলি বেচি জীৱন নিৰ্বাহ কৰিবলগা হৈছিল ৷ আনকি কিশোৰ বয়সত চন্দ্ৰসিঙে বজাৰত নাৰিকলৰ টুকুৰাও বেচি কঠিন পৰিস্থিতিৰ সৈতে যুঁজ দিছিল ৷ এনে এক দুঃসময়ৰ মাজত ক্ষিণ আশা লৈ স্থানীয় দিলীচাং প্ৰাথমিক বিদ্যালয়ত নামভৰ্তি কৰি শিক্ষাৰ জীৱন পাতনি মেলে ৷ বাল্য কালৰ পৰা মেধাৰ পৰিচয় দিয়া কিশোৰ গৰাকী পিছলৈ ঘুৰি চাবলগীয়া নহ’ল ৷ নিজৰ একানপটীয়া চেষ্টাত বালিচাং মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা শিক্ষা সাং কৰে ৷ আৰু বালিচাং উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰা পঢ়ি হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয় ৷ পৰ্যায় ক্ৰমে দলংগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰাও উচ্চতৰ মাধ্যমিক পৰীক্ষা উত্তীৰ্ণ হৈ বিশ্বনাথ মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে ৷ এইদৰে কঠিন পৰিস্থিতিৰ মাজতো হাৰ নামানি নিজৰ ঐকান্তিক প্ৰচেষ্টাত আইনৰ ডিগ্ৰী লবলৈ মন মেলি অৱশেষত আৰ্থিক দৈন্যতাৰ বাবে সেয়া সম্ভৱ হৈ নুঠিল ৷ অৱশ্যে চতিয়া নৰ্মাল স্কুলৰ পৰা D.El.Ed সম্পুৰ্ণ কৰে ৷ চন্দ্ৰসিঙে মেট্ৰিক পৰীক্ষা উত্তীৰ্ণ হোৱাৰ পাছৰে পৰাই নিজা খৰছৰ বাবে টিউচন আদি কৰিব লগা হৈছিল ৷ ইফালে পঢ়ি থকাৰ সময়ছোৱাত আমৰি কাৰ্বি ছাত্ৰ সন্থাৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ সাংগঠনিক তথা সমাজসেৱা মুলক কাম কৰাৰ বাবেও বেচ যত্নপৰ হৈছিল ৷ সন্থাৰ সাংগঠনিক কামকাজৰ মাজত সমাজসেৱাৰ কাৰ্যতো আত্মনিয়োগ কৰে ৷ আমৰি কাৰ্বি ছাত্ৰ সন্থাৰ যোগেদি কাৰ্বি সমাজৰ মাজত বিশেষকৈ শৈক্ষিক সজাগতাৰ ওপৰত কাম কৰাৰ লগতে জনগোষ্ঠীটোৰ উত্তৰণত বিভিন্ন ধৰণৰ কাৰ্যসুচী হাতত লয় ৷ পিছলৈ তেওঁৰ কাৰ্য দক্ষতাৰ স্বীকৃতি স্বৰূপে অতি কম বয়সতে অবিভক্ত শোণিতপুৰ জিলা আমৰি কাৰ্বি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ পদত অধিষ্ঠিত হবলৈ সক্ষম হয় ৷ সমাজসেৱাৰ প্ৰতি অদম্য হেপাহ থকা যুৱকজনে ২০১২ চনত দিলীচাং যুৱক সংঘৰ সাধাৰণ সম্পাদকৰ পদৰ দৰে গুৰুদায়িত্ব লৈ কাৰ্বি জাতীয় উৎসৱ , পাৰ্বন তথা সাংস্কৃতিক দিশত কাম কৰিব লয় ৷ জনগোষ্ঠীয় কলা কৃষ্টি বিকাশ তথা প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে সাংস্কৃতিক কাৰ্যসুচী লৈ কাম কৰি জাতীয় সংহতি স্থাপনৰ বাবে প্ৰাণপণে চেষ্টা কৰে ৷ কেৱল সিমানে নহয় ; এই ধাৰা অব্যাহত ৰখা যুৱক জনে কাৰ্বি সংসাৰী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা পদৰ আসন অলংকিত কৰে ৷ সাহিত্যৰ সংগঠক ৰূপেও বিশ্বনাথ জিলা কাৰ্বি সাহিত্য সভাক তেওঁৰ প্ৰচেষ্টাত পুনৰ উজ্জীৱিত হয় ৷ আৰু ২০১৯ চনত বিশ্বনাথ জিলা কাৰ্বি সাহিত্য সভাৰ সাধাৰণ সম্পাদকৰ পদৰ দৰে গুৰু দায়িত্ব লৈ কাৰ্বি সাহিত্যৰ উত্তৰণত কাম কৰে ৷ ভাল বক্তা হিচাবেও সুখ্যাতি লাভ কৰা যুৱ সাহিত্য সংগঠক জনে Karbi Anglong Singging Supar Star ত এংকৰ হিচাবে সেৱা আগবঢাই ৷ আনকি উত্তৰ পুব ভাৰতৰ সৰ্ব বৃহৎ আৰু আটাইতকৈ পুৰণি কাৰ্বি যুৱ মহোৎসৱত বিশ্বনাথৰ পৰা পোন প্ৰথমবাৰৰ বাবে ২০২১ চনত এংকৰ দৰে গুৰুত্বপুৰ্ণ দায়িত্ব পালন কৰি সুনাম আৰ্জে ৷ ইয়াৰ উপৰিও ছাত্ৰ সংগঠনৰ কাৰ্যকালত গ্ৰীষ্মকালীন বন্ধৰ সময়ছোৱাত দলংগুৰি , বালিচাং , ভেলৌগুৰি , চেলাইখাতি আদি অঞ্চলত ছাত্ৰছাত্ৰীক বিনামূলীয়াকৈ পাঠদান কৰাৰ সমান্তৰালকৈ হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ অনুত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকলকো বিনামুলীয়াকৈ পাঠদান কৰাই পুনৰ পৰীক্ষাত অৱতীৰ্ণ কৰোৱাইছিল ৷ এনে কাৰ্যত ৰাইজৰ পৰা যথেষ্ট সমাদৰ লাভ কৰে ছাত্ৰ নেতা গৰাকীয়ে ৷ আনহাতে সততে জাতীয় জ্বলন্ত সমস্যাৰাজি অভাৱ অভিযোগৰ সন্দৰ্ভত আমৰি কাৰ্বি ছাত্ৰ সন্থাই মাত মাতি অহা কেইবাবাৰো পথ অৱৰোধ , ৰেলপথ অৱৰোধ , মহকুমা বন্ধৰ দৰে কাৰ্যসুচী তেওঁৰ নেতৃত্বত ৰূপায়িত হৈছিল ৷ মহকুমা বন্ধ ঘোষণাৰ দৰে কাৰ্যসুচী ৰূপায়ণ কৰিব যাওঁতে শোণিতপুৰ জিলা আমৰি কাৰ্বি ছাত্ৰ সন্থাৰ ৬৫ জনকৈ সংগঠনৰ নেতা কৰ্মী সকলে গ্ৰেপ্তাৰ হবলগীয়া হৈছিল ৷ শোণিতপুৰ জিলা আমৰি কাৰ্বি ছাত্ৰ সন্থাৰ উথথানেই চৰ্চিত হৈছিল সমগ্ৰ জিলাখনত ৷ এনেদৰেই বিপ্লৱী ধাৰাৰ মাজেৰেই সমানে সাহিত্য চৰ্চা কৰি কেইবাখনো মুল্যবান গ্ৰন্থ আৰু কবিতা পুথি
    প্ৰকাশ কৰি উলিয়াই ৷ ইয়াৰ ভিতৰত ২০১৩ চনতেই প্ৰথম কাৰ্বি ভাষাৰ কবিতা পুথি হল “ইথাক আমানাই ”সফল পুৰ্বক প্ৰকাশ পাই ৷ ২০১৪ চনত আন এখন “লাৰ তামন“ নামৰ কবিতা পুথি প্ৰকাশ কৰে ৷ ইয়াৰ পাছত পৰ্যায়ক্ৰমে “লংৰি আহাৰচি” , “চেংৱে কাংজে আমিহি ” “মিৰলিন আচেংৱে” আৰু “ চিক্ল কাংজিৰ থেকদেত আজ” নামৰ এই পৰ্যন্ত সৰ্বমুঠ ৫ খনকৈ কবিতা পুথি প্ৰকাশ কৰিবলৈ সক্ষম হয় ৷ পিছলৈ আৰু উভতি চাব লগা নহল ৷ “ জি. কে. ফৰ কিডচ ” আৰু “ এ হৰিফাইং ড্ৰিম ৱিথ এ বিট ফান ” নামৰ দুখন ইংৰাজী ভাষাত গ্ৰন্থ প্ৰকাশ কৰি সাহিত্যিক হিচাবে প্ৰতিষ্ঠা লাভ কৰে ৷ সম্প্ৰতি চন্দ্ৰসিঙে লেখা গ্ৰন্থ আৰু কবিতা পুথি সমুহ পঢ়ুৱৈ সমাজৰ মাজত ব্যাপক জনপ্ৰিয়তা লাভ কৰে ৷ ইয়াৰ উপৰিও বিভিন্ন কাকত , আলোচনীত প্ৰবন্ধ , কবিতা আদি নিয়মিত লেখা মেলা কৰি আছে ৷ উল্লেখ্য যে কাৰ্বি সমাজৰ মাজত সাহিত্যিক সংখ্যা আঙুলিৰ মুৰত লেখিব পৰা ৷ সাহিত্য পৰ্যায়ৰ লেখামেলা কৰা বা সাহিত্যৰ প্ৰতি অনিহা প্ৰকাশ কৰে কাৰ্বি সমাজৰ প্ৰায় সংখ্যক শিক্ষিত লোকে ৷ এনে এক পৰিবেশৰ মাজতেই অসম অৰুণাচল সীমান্তৱৰ্তীৰ বিশ্বনাথৰ সুসাহিত্যিক গৰাকীয়ে কাৰ্বি সমাজৰ সাহিত্যৰ বিশেষ অৱদান আগবঢ়াই ৷ আৰু জিলাখনত সৰ্বত্ৰে জনপ্ৰিয়তা লাভ কৰে ৷ শেহতীয়াকৈ সংবাদিকৰ প্ৰতি আকৰ্ষিত হোৱা সাহিত্যিক গৰাকী সংবাদসেৱাও কৰি আছে ৷ তেওঁৰ নিজা তত্বাৱধানত “বিশ্বনাথ কাৰ্বি লাইভ” নামৰ ৱেভ পৰ্টেলৰ যোগেদি উত্তৰপুৱক সামৰি সংবাদ সেৱা পৰিবেশন কৰি এক উচ্চস্তৰীয় সংবাদ প্ৰতিষ্ঠান হিচাবে গঢ় দিবলৈ সক্ষম হৈছে ৷ বৰ্তমান বিশ্বনাথ কাৰ্বি লাইভে জনপ্ৰিয়তা শীৰ্ষত ৷ কাৰ্বি আংলঙতো এই চেনেলৰ যথেষ্ট প্ৰভাৱ আছে ৷ এই দৰেই সাহিত্য , সংবাদসেৱা , তথা ৰাজহুৱা সেৱাৰ প্ৰতি নিজকে উৎসৰ্গা কৰি কাম কৰি আছে ৷ যদিও কম বয়সত সাহিত্যিক হিচাবে প্ৰতিষ্ঠা লাভ কাৰ্বি সমাজৰ নাই বুলি কলেও বঢ়াই কোৱা নহ’ব ৷ একাধিক জাতীয় সংগঠন , অনুষ্ঠান , প্ৰতিষ্ঠানে তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে বিভিন্ন সময়ত সম্বৰ্দ্ধিত হয় ৷ কাৰ্বি আংলংৰ ডিফুতো “ জামবিলি লিটাৰেৰি ফাউণ্ডেচনে আয়োজন কৰা অনুষ্ঠানত “বেষ্ট পয়েম এৱাৰ্ড ” লাভ কৰে ৷ বিশ্বনাথতো অনুষ্ঠিত হোৱা নেপালী সাহিত্য সভাই বিশিষ্ট কবি হিচাবে সম্বৰ্ধনা জনাই , ৷ তদুপৰি কাৰ্বি যুৱ মহোৎসৱত যুৱ কবি হিচাবে চন্দ্ৰসিং বিশেষভাবে সম্বৰ্দ্ধিত হয় ৷ সম্প্ৰতি কাৰ্বি ভাষাত দুখন গ্ৰন্থ অতি শীঘ্ৰেই প্ৰকাশ পাব বুলি সাহিত্যিক গৰাকীয়ে জানিব দিয়ে ৷

    লেখকঃ ৰমেশ চন্দ্ৰ চৰেণ
    বিশ্বনাথ চাৰিআলি

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
    • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
    • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
    • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
    • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
    • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
    • FREE BIRD | ZUBEEN GARG |
    • Herowa Chanda- Trailer

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 30 seconds