স্বেচ্ছাসেৱী সংগঠন সুবিধাই বিহালীত প্ৰদান কৰিছে সুবিধা : ডিজিটেল শ্ৰেণী কোঠাৰ শুভাৰম্ভ বিধায়ক ৰঞ্জিত দত্তৰ :
বিশ্বনাথ ৪ এপ্ৰিল :
বিহালীত স্বেচ্ছাসেৱী সংগঠন সুবিধাই ছাত্ৰ ছাত্ৰীক ৰাইজক কৰি দিছে
সুবিধা ৷ বৰ্তমান মানৱ সভ্যতা বিপদাপন্ন তেনে সময়তে মানৱ সভ্যতাক সুৰক্ষিত কৰাৰ স্বাৰ্থত আগুৱাই আহিছে সুবিধা নামৰ এটা স্বেচ্ছাসেৱী সংগঠন। সুবিধা নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে বিহালী সমষ্টিৰ অসম অৰুণাচল সীমান ঠাণ্ডাপানী বিহমাৰী অঞ্চলত বিভিন্ন উন্নয়ন কাম কাজৰ জৰিয়তে ৰাইজক সুবিধা কৰি দিয়া সুবিধা নামৰ স্বেচ্ছাসেৱী সংগঠনটো
এতিয়া ৰাইজৰ মাজত চৰ্চাৰ লাভ কৰিছে।

ইফালে সুবিধা নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে সোমবাৰে বিহালী সমষ্টিৰ লালপুখুৰী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ সুবিধা হোৱাকৈ প্ৰদান কৰিছে এটা ডিজিটেল শ্ৰেণী কোঠাৰ সা- সামগ্ৰী, লগতে ছাত্ৰ ছাত্ৰী সকল ক্ৰীড়া ক্ষেত্ৰত আগুৱাই নিয়াৰ বাবে খেলৰ সা-সামগ্ৰী, শ্ৰেণী কোঠাৰ পাঠ্য পুথি থোৱা সুবিধা বিশুদ্ধ খোৱা পানী, মহিলা সকলৰ সুবিধা হোৱাকৈ বিহালীত একমাত্ৰ বিদ্যুৎ চালিত চিলাই প্ৰশিক্ষণ কেন্দ্ৰ সুবিধা কৰি দিয়ে স্বেচ্ছাসেৱী সংগঠনটোৱে। এই কেন্দ্ৰ লগতে ডিজেল শ্ৰেণী কোঠা শুভাৰম্ভ কৰে বিধায়ক ৰঞ্জিত দত্তই।
এই অনুষ্ঠানত উপস্থিত থাকে স্বেচ্ছাসেৱী সংগঠনৰ প্ৰকল্প পৰিচালক মনোৰঞ্জন তিৱাৰী, বিশ্বনাথ চাৰিআলি ইচ ডি এফ চি( HDFC) বেংকৰ শাখা পৰিচালক পাৰ্থ প্ৰতীম শৰ্মা,
সমন্বয়ক অভিনাশ পাণ্ডে আৰু সমীৰ বৰুৱা, লগতে ক্ষেত্ৰত সহায়ক হৰেন ভূমিজ, মৌচুমী ডেকা, পিতাৰ আইন, পূৰৱী ইনটিপি, বিহমাৰী সমাজ সেৱক তথা সচেতন যুৱক ইমৰান হুছেইন, দীপক চাহুকে ধৰি অঞ্চলটো শতাধিক লোক উপস্থিত থাকে।
Leave a Reply Cancel reply