বিশ্বনাথ চাৰিআলিত স্বেচ্ছাসেৱী সংগঠন ৱাৰিৱৰ্ছৰ উদ্যোগত নাৰী দিৱস উদযাপন
বিশ্বনাথ চাৰিআলি ৮ মাৰ্চ :
সমগ্ৰ দেশৰ লগতে বিশ্বনাথ চাৰিআলিত ৱ’ৰিয়ৰছৰ সৌজন্যত উদযাপন কৰা হয় বিশ্ব নাৰী দিৱস ।
বিশ্বনাথ জিলা ৱাৰিৱৰ্ছৰ উপদেষ্টা সূৰ্য নাৰায়ণ পাণ্ডে সভাপতিত্বত অনুষ্ঠিত হোৱা অনুষ্ঠানটোত সভাৰ উদ্দেশ্য বাখ্যা আগবঢ়াই বিশ্বনাথ জিলাৰ সম্পাদক অৰ্জুন চেত্ৰীয়ে।
বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বহু কেইগৰাকী মহিলা।
ইফালে
বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা মহিলা সকলে
মহিলাৰ সবলীকৰণ,ধৰ্ষণৰ বিৰুদ্ধে প্ৰতিবাদ কৰি দোষীক উপযুক্ত শাস্তি দিবৰ বাবে সাহসী হ’বলৈ সজাগতা অনা তথা আত্মৰক্ষাৰ বাবে সমৰ কলা প্ৰশিক্ষণৰ বাবে বিনামূলীয়া প্ৰশিক্ষণৰ শুভাৰম্ভ তথা সংস্কাৰমূলক মানৱ গঢ়াৰ বাবে উৎকৰ্ষ সাধনৰ বাবে মাতাজী ধ্যান কেন্দ্ৰৰ সহযোগত যোগধ্যান শিবিৰ আদি বিষয় সামৰি সাৰুৱা বক্তব্য প্ৰদান কৰে প্ৰবক্তা তথা বিবেকানন্দ কেন্দ্ৰৰ সদস্যা,নীলাক্ষী খাউণ্ড আৰু আল্পনা দাস ওজাই ।
শিক্ষক প্ৰিন্স চামচুল হকে নাৰী দিৱসৰ ওপৰত মন্তব্য প্ৰদান কৰে।
ইফালে এই অনুষ্ঠানত বিশেষ ভাৱে সহযোগিতা আগবঢ়াই ৱাৰিৱৰ্ছৰ বিশ্বনাথ জিলাৰ সহকাৰী সম্পাদিকা ববী শইকীয়া লগতে অঞ্জলি বৰুৱা পৰামৰ্শ আৰু জিলা খনৰ ৱাৰিৱৰ্ছৰ সদস্য সদস্যা সকলে।
ইফালে ৱাৰিৱৰ্ছৰ অধ্যক্ষ উৎপল শিৱমৰ এটি সুন্দৰ কবিতা আবৃত্তিৰে সোণত সুৱগা কৰি তুলিলে সভা খন
৷ৱ’ৰিয়ৰছৰ নুৰপুৰ আঞ্চলিকৰ সভানেত্ৰী জয়ন্তী শৰ্মাই এটি স্বৰচিত কবিতা আবৃতিৰে অতি কম শব্দত নাৰীৰ অনুভৱ ব্যক্ত কৰে অনুষ্ঠানত ।
সম্পাদক অৰ্জুন চেত্ৰীয়ে নতুনকৈ অহা সদস্য সকলক ৱ’ৰিয়ৰছৰ উদ্দেশ্য আৰু লক্ষ্যৰ বিষয়ে অৱগত কৰি তেওঁলোকক ব’ৰিয়ৰছৰ মজিয়ালৈ উষ্ম আদৰণি জনাই৷
উপদেষ্টা মহেন্দ্ৰ হাজৰিকা মধুৰ আৰু উদগণি মূলক বক্তব্য ৰখাৰ লগতে ইউক্ৰেইনত হৈ থকা যুদ্ধৰ ওপৰত লিখা এটি স্বৰচিত কবিতা পাঠৰে সভাৰ সৌষ্ঠব বৃদ্ধি কৰে৷
পূৰবী বৰাই মহিলাক শাৰীৰিক আৰু মানসিক দুয়ো দিশতে শক্তিশালী হ’বলৈ ধ্যান আৰু আচাৰ ব্যৱহাৰ তথা ৰোগমুক্ত শৰীৰৰ প্ৰয়োজন বুলি বক্তব্য দাঙি ধৰে৷
অনুষ্ঠানত উপস্থিত থকা অভিনেতা খঞ্জন বৰাই তেওঁৰ ভাষণত মহিলা সবলহ’বলৈ স্বনিৰ্ভৰশীল হ’ব লাগিব বুলি কোৱাৰ উপৰিও স্বকীয় গুণৰে আগবাঢ়ি স্বাৱলম্বী হোৱাৰ বাবে উদগনি দিয়ে৷
সভাৰ শেষত সভাপতি পাণ্ডেই মহিলাই ১ মে গখন সুস্থ ঘৰ তাৰ পিছত ওচৰ চুবুৰীয়া,সমাজ আৰু ক্ৰমান্বয়ে আগবাঢ়ি সবল নেতৃত্বৰে সৎ নিকা সমাজ সৃষ্টি কৰি আদৰণীয় হৈ পৰিব আৰু বিশ্বনাথ ৱ’ৰিয়ৰছ সদায় আগবাঢ়ি যাব পাৰিব সুন্দৰ বক্তব্যৰে শলাগ শৰাই আগবঢ়াই।
Leave a Reply