নলবাৰীত সততা আৰু শুশ্ৰুষাৰ মনোভাৱেৰে জন্ম হোৱা শুশ্ৰুষা মেডিকেলৰ শুভাৰম্ভ

নলবাৰীত সততা আৰু শুশ্ৰুষাৰ মনোভাৱেৰে জন্ম হোৱা শুশ্ৰুষা মেডিকেলৰ শুভাৰম্ভ

নলবাৰী চহৰৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত ১৪ গৰাকী চিকিৎসকৰ উদ্যোগত গঢ়ি উঠিল এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়।

শিক্ষাৰ নবদ্বীপ খ্যাত নলবাৰী এতিয়া চিকিৎসা খণ্ডতো যথেষ্ট আগবাঢ়ি গৈছে ।

সমান্তৰালকৈ জিলা খনত চিকিৎসকৰ সংখ্যাও বৃদ্ধি হবলৈ লৈছে ।

সেয়ে নলবাৰী যেন চিকিৎসা খণ্ডত অধীক আগুৱাই যাৱ পাৰে, তাৰে পৰিপ্ৰেক্ষিতত ১৪ গৰাকী বিশিষ্ট চিকিৎসকৰ উদ্যোগত জিলা খনৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথৰ সমীপৰ লাওদলত সততা আৰু শুশ্ৰুষাৰ মনোভাৱেৰে জন্ম ল’লে “শুশ্ৰুষা হস্পিতাল”ৰ ।

শনিবাৰে উক্ত চিকিৎসালয়খনৰ শুভাৰম্ভ কৰা হয়।

নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাৰ সভাপতিত্বত এই শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা মঙ্গলদৈ সমষ্টিৰ সাংসদ দিলীপ শইকীয়া,নলবাৰী সমষ্টিৰ বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিৱ জয়ন্ত মল্ল বৰুৱা,ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সাংগাঠনিক সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মা,বিজেপি জিলা সভাপতি ডাঃ মৃগাংক তালুকদাৰ,ডাঃ উমেশ চক্ৰৱৰ্তী,ডাঃ ভূপেশ শৰ্মা,শিল্পী শিমন্ত শিখৰকে প্ৰমুখ্য কৰি শুশ্ৰূষা হস্পিতালৰ পৰিয়ালবৰ্গ আৰু সুধী সমাজ।

উক্ত চিকিৎসালয়খনৰ পৰিয়ালৰ সদস্য ডাঃ গোপাল কলিতাই আত ধৰা সভাত সাংসদ দিলীপ শইকীয়া আৰু বিধায়ক জয়ন্ত মল্ল বৰুৱাই ” নলবাৰী চিকিয়সা খণ্ডত শুশ্ৰূষা হস্পিতালে আৰু অধীক শক্তিশালী কৰিব বুলি মন্তব্য প্ৰকাশ কৰে ।

লগতে চিকিৎসাখনলৈ অহা প্ৰতিগৰাকী ৰোগী বা অন্য লোকক সৎ আচৰণ কৰিব লাগে বুলিও পৰামৰ্শ দিয়ে ।

নলবাৰীৰ পৰা ফইজুল হক চৌধুৰীৰ

Be the first to comment

Leave a Reply

Your email address will not be published.


*