আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে ৰঙাপৰাত সপ্তম ৰাজ্যিক ভিত্তিক শক্তি উত্তোলনৰ প্ৰতিযোগিতা

ৰঙাপৰাঃ শোণিতপুৰ জিলাৰ ৰঙাপৰাত আজিৰে পৰা অনুষ্ঠিত হৈছে সপ্তম অসম ৰাজ্যিক ভিত্তিক শক্তি উত্তোলন প্ৰতিযোগিতা। ৰঙাপৰাৰ চাই পাৱাৰ ফিটনচ জীমৰ উদ্যোগত, শোণিতপুৰ জিলাৰ শৰীৰ চৰ্চা সন্থাৰ সৌজন্যত আৰু ৰঙাপৰা ক্ৰীড়া সন্থাৰ সহযোগতত শক্তি উত্তোলনৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়।

পুৱা ১০ বজাত গোপীনাথ বৰদলৈ পথত থকা আগ্ৰৰৱালা সমিতিৰ ভৱনৰ চৌহদত পতাকা উত্তোলন কৰে ক্ৰমে অসম পাৱাৰ লিফটাৰ এচোছিয়েনৰ সভাপতি মঞ্জুৰ আলি, শোণিতপুৰ জিলাৰ দেহশ্ৰী সন্থাৰ সভাপতি হেমন্ত লহকৰ, উদযাপন সমিতিৰ সভাপতি জ্যোতিময় পাল, চাই পাৱাৰ ফিটনচ জীমৰ সভাপতি শুশান্ত দাস আৰু ৰঙাপৰা ক্ৰীড়া সন্থাৰ সভাপতি বিৰোজ শইকীয়াই।

ইয়াৰ পিছতেই আগ্ৰৰৱালা সমিতিৰ ভৱনত শক্তি উত্তোলনৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়।অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে অসমীয়া জাতীয় ঐক্য মঞ্চৰ সভাপতি সুৰেন্দ্ৰ কুমাৰ ডেকাই।উদ্ধোধনী অনুষ্ঠানত ১৭ অসম ৰাইফেলছৰ মেজৰ মুমগেনৰ নেতৃত্বত এটি বাদ্য যন্ত্ৰ দলে সুমধুৰ সংগীত পৰিৱেশন কৰে।অনুষ্ঠানত সদৌ অসম শক্তি উত্তোলক সন্থাৰ সভাপতি ভৱজ্যোতি গোস্বামী, সম্পাদক অনুপ চেতিয়া, শোণিতপুৰ জিলা শক্তি উত্তোলক সন্থাৰ সভাপতি হেমন্ত লহকৰ ,সম্পাদক বিভুত ডেকা তথা বহু গন্য মান্য বেক্তি অংশগ্ৰহণ কৰে।

 

সভাত কালি নিশা গৌহাটীত মৃত্যু হোৱা জেষ্ট ক্ৰীড়া সংঘটক জুন বৰকাকতীৰ স্মৃতিত এক মিনিট মৌন শোকসভা অনুষ্ঠিত কৰা হয়। প্ৰতিযোগিতাত বিভিন্ন জিলাৰ পৰা ৩৪৮ জন খৈলুৱৈ অংশ গ্ৰহণ কৰাৰ লগতে ৪৩ গৰাকী আন্তঃৰাষ্ট্ৰীয় পৰিচালকে পৰিচালনা কৰিব বুলি চাই পাৱাৰ ফিটনচ জীমৰ সম্পাদক ছালামত দেৱানে সংবাদ মাধ্যমক জানিব দিয়ে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*