মুকালমুৱাৰ বামুনবড়ীত নৈশ ফুটৱলত কন্ঠশিল্পী নাহিদ আফ্ৰিনৰ সংগীতানুষ্ঠান

মুকালমুৱাৰ বামুনবড়ীত নৈশ ফুটৱলত কন্ঠশিল্পী নাহিদ আফ্ৰিনৰ সংগীতানুষ্ঠান

নলবাৰী জিলাৰ পশ্চিম বৰক্ষেত্ৰীত আজিৰে পৰা পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে নৈশ ফুটৱল প্ৰতিযোগিতা ৷

বামুনবড়ী মুলাঘাটা মিলন সংঘৰ উদ্যোগত বামুনবড়ী খেলপথাৰত অনুষ্ঠিত ফুটবল খেলখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে কন্ঠশিল্পী নাহিদ আফ্ৰিনে ৷

নৈশালোকৰ তলত অনুষ্ঠিত প্ৰতিযোগিতাৰ প্ৰথমখন খেলত অংশগ্ৰহণ কৰে সোণাপুৰ স্পোৰ্টচ ক্লাৱ আৰু আছাম অৰিয়ৰছ গুৱাহাটী দলে ৷

ফ্লাড লাইটৰ তলত দুয়ো দলৰ খেলুৱৈৰ ভৰিৰ যাদু চাৱলৈ খেলপথাৰ ভৰি পৰে অঞ্চলটোৰ ক্ৰীড়াপ্ৰেমী ৰাইজেৰে ৷ খেল উদ্বোধন হোৱাৰ পূৰ্বে নাহিদ আফ্ৰিনৰ সংগীতানুষ্ঠানে দৰ্শকক মুহিত কৰি তোলে ৷

অনুষ্ঠানটো আঁত ধৰে উদ্যোগতা সমিতিৰ মুখ্য আহ্বায়ক ইউচুফ হুছেইন তালুকদাৰে ৷

নলবাৰীৰ পৰা ফইজুল হক চৌধুৰীৰ প্ৰতিবেদন

Be the first to comment

Leave a Reply

Your email address will not be published.


*