অ.জা.যু.ছা.প বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত “কা” বাতিলৰ দাবীত উপায়ুক্ত কাৰ্যালয় সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ

অ.জা.যু.ছা.প বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত “কা” বাতিলৰ দাবীত উপায়ুক্ত কাৰ্যালয় সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ

অসম খবৰ , বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ , ১৫ ডিচেম্বৰ ঃ

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে নাগৰিকত্ব সংশোধনী আইন “কা” বাতিলৰ দাবীত ধৰ্ণা কাৰ্যসূচী সমগ্ৰ ৰাজ্যখনৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত বিশ্বনাথ জিলা উপায়ুক্ত কাৰ্যালয় সন্মুখত নাগৰিকত্ব সংশোধনী আইন “কা” বাতিলৰ দাবী জনাই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে । কাৰ্যসূচীত উপায়ুক্ত কাৰ্যালয় সন্মুখত বৰ্তমান চৰকাৰ বিৰুদ্ধে অসম চৰকাৰ হায় হায় , নৰেন্দ্ৰ মোদী হুছিয়াৰ , হিমন্ত বিশ্ব শৰ্মাৰ কাম নাই আদি শ্লোগান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদী কাৰ্যসূচীত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য নাছিৰ আহমেদ, জিলা সভাপতি কমলজিত দত্ত উপসভাপতি অমৰজ্যোতি বৰা সাধাৰণ সম্পাদক দিগন্ত বৰুৱা, যুটিয়া সম্পাদক নিহাৰ শইকীয়াকে আদি কৰি জিলাৰ বহু বিষয়ববীয়াৰ লগতে আঞ্চলিক সমিতিৰ বহু সদস্য উপস্থিত থাকে ৷

Be the first to comment

Leave a Reply

Your email address will not be published.


*