বিহালী ৰাংছালী দলনী শ্ৰীশ্ৰী দাংধৰা গজলা সত্ৰৰ নামঘৰ ও নৱ-নিৰ্মিত মনিকূট মুকলি বিধায়ক ৰঞ্জিত দত্তৰ ::
শনিবাৰে বিহালী সমষ্টিৰ ৰাংছালী দলনীৰ শ্ৰীশ্ৰী দাংধৰা গজলা সত্ৰৰ নামঘৰ ও মনিকূট ভাগৰ প্ৰতিষ্ঠা দিৱসত লগত সংগতি ৰাখি স্থানীয় ৰাইজৰ উপস্থিতিত নৱ-নিৰ্মিত নামঘৰ আৰু মনিকূট ভাগৰ শুভ উদ্বোধন কৰে বিধায়ক ৰঞ্জিত দত্তই।
ৰাংছালী দলনীৰ নৱ-নিৰ্মিত নামঘৰ আৰু মনিকূট ভাগৰ নিৰ্মাণৰ বাবে অসম চৰকাৰৰ পুৰাতত্ত্ব বিভাগৰ পৰা ২০,০০,০০০(বিশ লাখ) টকা প্ৰদান কৰা হৈছিল বুলি প্ৰকাশ কৰে বিধায়ক ৰঞ্জিত দত্তই।
উক্ত টকাৰ লগতে স্থানীয় ৰাইজৰ দান বৰঙণিৰে সত্ৰ আৰু নামঘৰটো সুন্দৰ ভাৱে
ৰাইজে নিৰ্মাণ কৰা বুলি প্ৰকাশ কৰে বিধায়ক ৰঞ্জিত দত্তই।
Leave a Reply