গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ কাষৰীয়া ধাইগাওঁ টিলাপাৰাত বন্যহস্তীৰ সন্ত্ৰাস ৷
একে নিশাতে গৃহহীন কৰিলে ১৮ টা পৰিয়ালক।
হয়,যোৱা নিশা প্ৰায় ৭০/৮০ টাৰে গঠিত বৃহৎ বনৰীয়া হাতীৰ জাক এটিয়ে গৃহহীন কৰিলে টিলাপাৰাৰ ১৮টাকৈ পৰিয়ালক ৷ মুকলি আকাশৰ তলত এতিয়া গৃহহাৰা আটাইকেইটা পৰিয়াল ৷
চকুৰ সমুখতে নিঃশেষ হোৱা ঘৰবোৰ দেখি উদবাউল হৈ উঠিছে গাওঁখনৰ ৰাইজ।
সকলোৰে চকুত কেৱল চকুপানী মাথোঁ চকুপানী। তেওঁলোকৰ যে আজি থাকিবৰ কাৰণে এটা ঘৰ, খাবলৈ এমুঠি চাউল আৰু ৰান্ধিবলৈ এপদ সামগ্ৰীও নাই ।
নিশাৰ পৰাই খোৱা লোৱা কৰিব পৰা নাই গাঁও খনৰ লোক সকলে ৷ হাতীৰ আক্ৰমণৰ পিচতে বন বিভাগক খবৰ দিয়া হৈছিল যদিও বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপন কৰিছে ক্ষোভিত ৰাইজে ৷ এনেকি আজি দুপৰীয়া পৰ্যন্ত
কোনেও খবৰ ল’বলৈ নাই অহা বুলি ক্ষোভ ব্যক্ত কৰে আক্ৰান্ত ৰাইজে সম্প্ৰতি অঞ্চলটোৰ
সচেতন মহলৰ মাথোঁ এটাই প্ৰশ্ন ধ্বংসলীলা চলোৱা গাঁৱখনৰ প্ৰতি কি ব্যৱস্থা গ্ৰহণ কৰিব জিলা প্ৰশাসন, জন প্ৰতিনিধি, বন বিভাগ বা চৰকাৰে ৷
কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ
Leave a Reply