নৱ গঠিত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বিহালী আঞ্চলিক সমিতিৰ উদ্যোগত আৰু সদৌ ৰাংছালী আৰ্থ সামাজিক উন্নয়ন সমিতিৰ সহযোগত ৰাংছালী ৰংগমঞ্চ প্ৰাঙ্গত ড০ ভূপেন হাজৰিকা দশম বাৰ্ষিক মৃত্যু তিথি উদযাপন।
ৰাংছালী ৰংগমঞ্চ প্ৰাঙ্গত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বিহালী আঞ্চলিক সমিতিৰ উদ্যোগত আৰু সদৌ ৰাংছালী আৰ্থ সামাজিক উন্নয়ন সমিতিৰ সহযোগত ড০ ভূপেন হাজৰিকা দশম বাৰ্ষিক মৃত্যু তিথি উপলক্ষ্যে বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ন কৰা হয়।
বন্তি প্ৰজ্বলন কাৰ্যসূচী শুভাৰম্ভ কৰে ৰাংছালীৰ জ্যেষ্ঠ শিক্ষক তথা সমাজসেৱক ধৰণী দাসে।
ইয়াৰ পিছতে জ্যেষ্ঠ সমাজসেৱক শুকদেৱ বৰুৱাই ভূপেন হাজৰিকাৰ কীৰ্তিৰাজিৰ ওপৰত এক সুন্দৰ বক্তৃতা প্ৰদান কৰে।
অনুষ্ঠানটিত উপস্থিত থকা বসন্ত হাজৰিকাৰ,নিৰঞ্জন দাস, সঞ্জীৱ দাস,চিৰাজ হাজৰিকা,লোকপ্ৰিয় উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষয়িত্ৰী বিজ্ঞান দাস,বিহালী আঞ্চলিক ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সভাপতি বিবেক দাস ,যুৱ অধ্যাপক জয়ন্ত হাজৰিকা, প্ৰাক্তন আছু কৰ্মী অবনী হাজৰিকা,চৰকাৰী গাঁও বুঢ়া নৱকান্ত বণিয়া,নিজ বিহালী গাঁও পঞ্চায়তৰ উপ-সভানেত্ৰী প্ৰিয়দা বণিয়াকে আদি কৰি বহুকেইজন বিশিষ্ট ব্যক্তি ক পৰিষদৰ তৰফৰ পৰা একোখন কৈ ফুলাম গামোচাৰে আদৰণি জনাই সংগঠনৰ তৰফৰ পৰা ।
ইয়াৰ পিছত পুনৰ ভূপেন হাজৰিকা কৰ্ম জীৱনৰ ওপৰত নিৰঞ্জন দাস, বিবেক দাস আৰু বিজ্ঞান দাসকে আদি কৰি বহুকেইজন বিশিষ্ট ব্যক্তিয়ে বহু গুৰুত্বপূৰ্ণ বক্তৃব্য আগবঢ়ায়।
সমগ্ৰ কাৰ্যসূচী ৰ আত ধৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বিহালী আঞ্চলিক সমিতি আৰু বিশ্বনাথ জিলা সমিতিৰ উপদেষ্টা পুতুল দাসে।
কাৰ্যসূচী ৰ সফল ৰূপায়ন ত সক্ৰিয় ভূমিকা গ্ৰহণ কৰে পৰিষদৰ বিহালী আঞ্চলিক ৰ সভাপতি পল্লব বৰুৱা, সাধাৰণ সম্পাদক জিন্টু দাস , বিত্ত সম্পাদক নয়ন ৰিয়ান দাসকে আদি কৰি সকলো সদস্যই ।
শেষত ভূপেন হাজৰিকাদেৱৰ ৰচিত বহু আস্থাহীনতাৰ বিপৰীতে শীৰ্ষক গীতটি পৰিবেশনৰে কাৰ্যসূচী ৰ সফল সমাপন কৰা হয়।
Leave a Reply