♦অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰা হ’ল শ্ৰীশ্ৰীনাগ পঞ্চমী পূজা|
নলবাৰী জিলাৰ দেহাৰকুছি মনসা পীঠ আৰু বৰখালা ঠাকুৰাণী থানত ৰাজহুৱা শ্ৰীশ্ৰীনাগ পঞ্চমী পুজা বাতিল কৰি অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰা হ’ল শ্ৰীশ্ৰীনাগ পঞ্চমীপূজা।
মহামাৰী ক’ৰোনা সংক্ৰমণ ৰোধৰ লগতে চৰকাৰে বান্ধি দিয়া ক’ভিড প্ৰটকল মানি দেহাৰকুছি মনসাপীঠ আৰু বৰখালা ঠাকুৰাণী থান পৰিচলনা সমিতিৰ সিধান্ত মৰ্মে সমিতিৰ বিষয়ববীয়া সকলে অনুষ্টুপীয়াকৈ কেৱল মাত্ৰ পূজাভাগহে অনুষ্ঠিত কৰে।
উল্লেখযোগ্য যে হাজাৰ হাজাৰ ভক্ত সমাগম হোবা পুজাস্থলীত নাই কোনো জাকজমকতা নাই কোনো ভক্তৰ সমাবেশ। যোৱাবছৰো ক’ৰোনা মহামাৰীৰ বাবে বাতিল কৰা হৈছিল ৰাজহুৱা শ্ৰীশ্ৰীনাগ পঞ্চমী পূজা।
Leave a Reply Cancel reply