অৱসৰপ্ৰাপ্ত শিক্ষক, শিল্পী, কৃষক নেতা বীৰেন্দ্ৰ কলিতাৰ মৃত্যু, ঘগ্ৰাপাৰ অঞ্চলত শোকৰ ছাঁ

♦ নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত দলুৱা গাৱঁৰ স্বৰ্গীয় ভৰত কলিতা আৰু স্বৰ্গীয় ভাগ্য কলিতাৰ ডাঙৰ পুত্ৰ  বিষ্ণু জ্যোতি হাইস্কুলৰ প্ৰতিস্থাপক তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক, নাট্যকাৰ, অভিনেতা, নাগৰা নামৰ পাঠক গীতিকাৰ, সমাজ কৰ্মী, কৃষক নেতা বীৰেন্দ্ৰ কলিতাৰ মৃত্যু হয়। দীৰ্ঘদিন ধৰি মধুমেহৰোগ হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ আই চি উ ত চিকিৎসাধীন হৈ থাকি যোৱা ১৬ জুলাই শুক্ৰবাৰে মৃত্যু হয়।

১৯৫৪ চনত জন্ম গ্ৰহন কৰা কলিতাই জীৱনৰ ৬৫ বসন্তত অঞ্চলটোৰ বাবে বহু মহান অৱদান আগবঢ়াই অঞ্চলবাসীক কন্দুৱাই আঁতৰি যোৱাত ম্ৰিয়মান হৈ পৰে সমগ্ৰ অঞ্চল।

বৃহত্তৰ দলুৱা অঞ্চলক শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই নিবলৈ ১৯৭৮চনত সেই অঞ্চলৰ শিক্ষানুৰাগী ব্যক্তিৰ লগত আলোচনা কৰি বিষ্ণুজ্যোতি এম ই স্কুল প্ৰতিষ্ঠা কৰি প্ৰতিষ্ঠাপক প্ৰধানশিক্ষক ৰূপে কাৰ্য নিৰ্বাহ কৰিছিল। তদুপৰি ১৯৮২চনত বিষ্ণুজ্যোতি হাইস্কুল আৰু ১৯৯৭চনত বিষ্ণুজ্যোতি উচ্চতৰ মাধ্যমিক বিদ্যালয় স্থাপনৰ তেখেতৰ অৱদান যথেষ্ঠ আছিল।

আনহাতে বনভাগ মহাবিদ্যালয়, পূবনলবাৰী সাংস্কৃতিক পৰিষদ, ঘগ্ৰাপাৰ হৰিমন্দিৰ, দলুৱা হৰিমন্দিৰ, ঘগ্ৰাপাৰ হাইস্কুল আদি নিৰ্মাণত তেখেতৰ অগ্ৰণী ভূমিকা আছিল। জানিব পৰামতে স্বৰ্গীয় কলিতা নাগৰা নাম পৰিবেশন কৰা পাঠক আছিল।

কীৰ্তন-দশমৰ পৰা ভগৱানৰ মহত্বৰ নাম লিখি নাম পৰিবেশন কৰিছিল। সমাজৰ লগতে অভিনয় কৰা, নাটক লিখা, কবিতা লিখা আদিতো তেখেতেৰ দখল অতুলনীয় আছিল। তদুপৰি ভাল ফুটবল, ভলিবল খেলুৱৈ হিচাপেও পৰিচিত আছিল।

তেখেত জ্যেষ্ঠ নাগৰিক সন্মিলনৰ লগতো জড়িত আছিল। সৰুৰে পৰাই দুখীয়া নিচলা কৃষক সকলৰ ন্যাৰ্য্যৰ হকে সদায় মাত মাতি আহিছিল। তেখেতৰ মৃত্যুত বৃহত্বৰ ঘগ্ৰাপাৰ অঞ্চলৰ ৰাইজে এজন অভিভাৱক হেৰুৱাই শোকত ভাঙি পৰিছে। তেখেতৰ মৃত্যুত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, দল সংগঠন,স্থানীয় বিধায়ক তথা সেইঅঞ্চলৰ ৰাইজে শোক প্ৰকাশ কৰে। মৃত্যুৰ সময়ত তেখেতে পত্নীৰ সতে এজন পুত্ৰ দুগৰাকী কন্যা নাতি নাতিনী আৰু অনেক গুণমুগ্ধক এৰি থৈ যায়।

Be the first to comment

Leave a Reply

Your email address will not be published.


*