♥এটি কণমানি দেৱশিশু। তাইৰ নাম ৰুম্মান আহমেদ। বয়স ১ বছৰ ৩মাহ।
নলবাৰী জিলাৰ ধৰ্মপুৰ সমষ্টিৰ অন্তৰ্গত বুৰিনগৰৰ ৰাজু আহমেদ আৰু আমিনা বেগমৰ একমাত্ৰ কন্যা এই শিশুটি। জন্মৰ পৰাই শিশুটি বৃক্ক ৰোগত আক্ৰান্ত। গুৱাহাটীৰ আয়ুৰসুন্দ্ৰা হাস্পতালত চিকিৎসা কৰি আছিল। কণমানি জনীৰ উন্নত মানৰ চিকিৎসাৰ বাবে চেন্নাইৰ এপ’ল হাস্পতাললৈ উন্নত চিকিৎসাৰ বাবে পৰামৰ্শ দিছে চিকিৎসকে৷
এতিয়ালৈকে বহু লক্ষ টকা খৰচ কৰিলে কণমানি ৰুম্মানৰ নামত পিতৃ-মাতৃয়ে। ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত আছিল পিতৃ ৰাজু আহমেদ কিন্তু বিগত কিছু মাহ ধৰি নিজৰ কণমানি ছোৱালীৰ চিকিৎসাৰ পিছত দৌৰা দৌৰি কৰি নিজৰ কৰ্মক্ষেত্ৰৰ পৰাও বঞ্চিত হ’ব লগা হৈছে।
এতিয়া এই দুৰ্ভগীয়া পৰিয়ালটো যেন অসহায় হৈ পৰিছে। এতিয়াও বহু লাখ টকাৰ প্ৰয়োজন ৰুম্মানৰ চিকিৎসাৰ বাবে। এই পৰিয়ালটো উপায় হীন হৈ কাষ চাপিছে ৰাইজৰ৷ যিয়ে যি পাৰে নিজৰ সামৰ্থ অনুযায়ী কিছু সহায়ৰ হাত আগবঢ়াবলৈ কাতৰ আহ্বান জনাইছে এই অসহায় পৰিয়ালটোৱে। যদি কোনো হৃদয়বান লোকে সহায়ৰ হাত আগবঢ়াব খোজে তেন্তে তলত উল্লেখ কৰা বেংকৰ নম্বৰ আৰু পৰিয়ালৰ নম্বৰত যোগাযোগ কৰিব পাৰিব৷
A/C No: 34937693442
Bank: SBIN0001103
নামঃ Raju Ahmed
যোগাযোগৰ নম্বৰঃ 8011459447
Leave a Reply