শিৱসাগৰৰ ঐতিহাসিক শিৱদলত অহা ২৫ ফেব্ৰুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈকে ৪ দিনীয়া কাৰ্য্যসূচীৰে শ্ৰীশ্ৰী মহা শিৱৰাত্ৰি পূজা আৰু মেলা

শ্ৰীশ্ৰী মহা শিৱৰাত্ৰি পূজা আৰু মেলাৰ কাৰ্য্যসূচীৰ উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকিব শিৱসাগৰ সমষ্টিৰ সন্মানীয় বিধায়ক অখিল গগৈ আৰু যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ।

শ্ৰীশ্ৰী মহা শিৱৰাত্ৰিত শেষৰ দিনা বিশেষ আকৰ্ষণ জনপ্ৰিয় কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ গীতৰ শৰাই। উক্ত দিনাৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকিব অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাকে ধৰি থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই নাজিৰা সমষ্টিৰ বিধায়ক তথা বিৰোধী দলপতি দেবব্ৰত শইকীয়া আৰু শিৱসাগৰৰ সমাজ জীৱনৰ বিভিন্ন গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকিব বুলি শিৱসাগৰ দল উন্নয়ন পৰিষদৰ সম্পাদক বসন্ত গগৈয়ে সংবাদ মাধ্যমৰ আগত এই কথা ব্যক্ত কৰে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*