শিশু বাটিকা প্ৰশিক্ষণ শিবিৰ সফলতাৰে সম্পন্ন

বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ শিশু শিক্ষা সমিতি, অসমৰ শিশু বাটিকা বিভাগৰ দ্বাৰা আয়োজন কৰা ১০ দিনীয়া শিশু বাটিকা প্ৰশিক্ষণ বৰ্গৰ সফল সামৰণি হয়৷ সমাপণ অনুষ্ঠানৰ বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে বিদ্যা ভাৰতীৰ ৰাষ্ট্ৰীয় সংগঠন মন্ত্ৰী গোবিন্দ চন্দ্ৰ মহন্তই। শিশু শিক্ষা সমিতি, অসমৰ সাধাৰণ সম্পাদক জগন্নাথ ৰাজবংশী, শিশু শিক্ষা সমিতি, অসমৰ সভাপতি কুলেন্দ্ৰ কুমাৰ ভাগৱতী, শিশু শিক্ষা সমিতি, অসমৰ সংগঠন মন্ত্ৰী নীৰৱ ঘেলানী, পূৰ্বোত্তৰ ক্ষেত্ৰৰ সংগঠন মন্ত্ৰী ডঃ পবন তিৱাৰী, পূৰ্বোত্তৰ ক্ষেত্ৰৰ সাধাৰণ সম্পাদক জগদীন্দ্ৰ ৰায়চৌধুৰী, জনজাতি শিক্ষা সংস্থানৰ সম্পাদক অভিজিৎ পায়েং, শিশু বাটিকাৰ ক্ষেত্ৰৰ সংযোজক আনন্দ সূত্ৰধৰ আৰু প্ৰান্তীয় সংযোজিকা বৰ্ণালী দেৱী। শিশু শিক্ষা সমিতি উত্তৰ অসম প্ৰান্তৰ প্ৰচাৰ প্ৰমুখ মুকুটেশ্বৰ গোস্বামীয়ে জানিবলৈ দিয়া মতে বন্দনাৰে আৰম্ভ কৰা অনুষ্ঠানত গোবিন্দাই চন্দ্ৰ মহন্তই শিশুৰ সমগ্র বিকাশৰ বাবে শিশু বাটিকাৰ আচাৰ্য সকলৰ কৰণীয় বিষয়ে সুন্দৰ বৰ্ণনা প্ৰদান কৰে। সাধাৰণ সম্পাদক জগন্নাথ ৰাজবংশী য়ে সকলোলৈকে শুভাশীষ জনায়।


প্ৰশিক্ষণৰ বৃত্ত পাঠ কৰে প্ৰান্তীয় সংযোজিকা বৰ্ণালী দেৱীয়ে। এটা সুন্দৰ গীত পৰিৱেশন কৰি সকলোকে মুগ্ধ কৰে শংকৰদেৱ শিশু নিকেতন, সোণাৰিৰ আচাৰ্য মৌচুমী গগৈয়ে। শৈক্ষিক দিশ সম্পৰ্কে ,ব্যৱস্থা সম্পৰ্কে আৰু সমগ্র ১০ দিনীয়া প্ৰশিক্ষণৰ অনুভৱ ব্যক্ত কৰে ক্ৰমে মৃদুষ্মিতা ভট্টাচাৰ্য, লুইচা বৰগোঁহাই আৰু ৰূপা খনিকৰ আচাৰ্যায়ে।


অনুষ্ঠানৰ আঁত ধৰি আগুৱাই নিয়ে অনামিকা ডেকা আৰু চিনাকি আৰু আদৰণি পৰ্বৰ আঁত ধৰে লাবন্য দেৱীয়ে। অসম প্ৰকাশন ভাৰতীৰ নতুনকৈ গঢ়ি তোলা প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰথম পৰ্যায়ৰ এই বৰ্গত চাৰিখন জিলাৰ ৫খন প্ৰভাৱী শিশু বাটিকা নিকেতনৰ মুঠ প্ৰশিক্ষাৰ্থী আছিল ২০ গৰাকী।

পুৱা অগ্নিহোত্ৰমে আৰম্ভ হোৱা দিনচৰ্যাৰ সামৰণি পৰে নিশা অনৌপচাৰিক সত্ৰৰে। বিভিন্ন বিষয়ৰ মৰ্গদৰ্শন কৰে গুজৰাট শিশু বিশ্ববিদ্যালয়ৰ পূৰ্ব কুলপতি দিব্যাংশু ডাবে, আনন্দ সূত্ৰধৰ, বৰ্ণালী দেৱী, মণিকা বৰদলৈ, কমলা গোস্বামী, নিশা কলিতা, সবিতা শৰ্মা, নৃপেন দত্ত, ভৱানী বৰা, মনমিতা ৰায়, ৰিজু বৰ্মন আচাৰ্যায়ে। বিভিন্ন বিষয়ৰ লগতে খেল আৰু স্বৰসাধনায়ো প্ৰতিদিনে অভ্যাস হৈছিল।

Be the first to comment

Leave a Reply

Your email address will not be published.


*