– উৰ্ম্মিলা বৰগোহাঁই

অতি সাম্প্ৰতিক ভাৰতৰ অন্য ৰাজ্যৰ লগতে অসমতো ধাৰাবাহিক ভাৱে নাৰী নিৰ্যাতন, ধৰ্ষণ, হত্যা, অপহৰণ হ’ব ধৰিছে ।কলিকতা আৰ, জি, কৰ মেডিকেলৰ ভয়ংকৰ নাৰকীয় কাণ্ড,আমাৰ ৰাজ্যৰ নগাঁৱৰ ধিং, তেজপুৰ, লখিমপুৰ, গোৱালপাৰা আদি বিভিন্ন ঠাইত নাৰীৰ ধৰ্ষণ, নিৰ্যাতনৰ বলি হৈছে। নাৰীয়ে ঘৰৰ বাহিৰত খোজ দিয়াৰ লগে লগে ভয়, শংকাৰে সময় অতিবাহিত কৰিব লগীয়া হৈছে! বাহিৰতো বাদেই নাৰী আৰু কিশোৰী সকল ঘৰতে সুৰক্ষিত নহয়। সাত বছৰীয়া অকণমানি জনী ককাৰ হাতত, বোৱাৰী শহুৰ হাতত, ভাগিনীজনী মোমায়েকৰ হাততে ধৰ্ৰরণৰ বলি হৈছে। নাৰী কতো নিৰাপদ নহয় কিয়? নিৰাপদ শব্দৰ অৰ্থ বিচাৰি বৰ্তমান হাবাথুৰি খাব লগা হৈছে। সেই প্ৰাচীন কালৰ পৰাই নাৰীৰ ওপৰত চলি আহিছে শোষণ, উৎপীড়িন, নিৰ্যাতন। বৰ্তমানেও ই ধাৰাবাহিক ভাৱে চলি অহাটো চৰম পৰিতাপৰ কথা। অতীতৰ পৰাই নাৰীক নিজ সুবিধাৰ বাবে খটোৱাই থকা হৈছে। মহাকাব্য ৰামায়ণ আৰু মহাভাৰতৰ সীতা, দ্ৰৌপদীৰ চৰিত্ৰ দুটা গভীৰ ভাৱে বিশ্লেষণ কৰিলে দেখা যায় যে, দুয়োটা চৰিত্ৰই গোটেই জীৱন দুখকে সাৱটি থকা। নিজ স্বাৰ্থৰ সিদ্ধি বাবে যুধিষ্ঠিৰে দ্ৰৌপদীক বাজি লগাবলৈও কুন্ঠাবোধ কৰা নাছিল। অন্যহাতে সীতাদেৱী মহাসতী হৈও ৰামে সতীত্বৰ প্ৰমাণৰ বাবে অগ্নি পৰীক্ষা দিবলৈ বাধ্য কৰোৱাইছিল।


সেই প্ৰাচীন পৰম্পৰা আজিও সমাজত বৰ্তি আছে। নাৰী আজিও মুক্ত হ’ব পৰা নাই নিৰ্যাতনৰ পৰা। নাৰীৰ ওপৰত জাপি দিয়া কু-সংস্কাৰ, অন্ধবিশ্বাস, বাল্য – বিবাহ, পৰ্দাপ্ৰথা, সতী দাহ প্ৰথা ইংৰাজসকলৰ শাসন কালত লৰ্ড বেন্টিংছে নিষিদ্ধ কৰিছিল যদিও বৰ্তমানেও আমাৰ দেশৰ কিছুমান ভিতৰুৱা গাঁৱত আজিও কু-সংস্কাৰ, অন্ধবিশ্বাস বোৰ প্ৰচলিত হৈ আছে।
আজিৰ শিক্ষাৰ প্ৰসাৰতাৰ কালতো যৌতুকৰ বাবে বোৱাৰী হত্যা, মাতৃগৰ্ভৰ ভ্ৰণ পৰীক্ষা কৰি কন্যা সন্তানৰ ভ্ৰণ হত্যা কৰা অতি জঘন্য তথা অমানৱীয় কাম চলি থকাতো অতি পৰিতাপৰ আৰু দুৰ্ভাগ্যজনক ঘটনাই নহয় অতি লজ্জ্বাজনকো। নাৰীৰ ওপৰত চলা নানা মানসিক, শাৰীৰিক উৎপীড়িন আৰু অত্যাচাৰে প্ৰমাণ কৰে যে পুৰুষ প্ৰধান সমাজত নাৰীসকল কিমান নিৰাপদ! সমাজত নাৰীসকল এতিয়াও ভোগৰ সামগ্ৰী সদৃশ হৈয়ে আছে। আজি দানৱৰূপী পুৰুষৰ ওচৰত পাঁচ বছৰীয়া শিশু এগৰাকীও নিৰাপদ নহয়। পুৰুষৰ পাশৱিক হাতোৰাৰ পৰা এতিয়াও নাৰী মুক্তি হ’ব পৰা নাই।ধৰ্মৰ মহান বাণী প্ৰচাৰ কৰা নিজকে ভগৱান বুলি ভবা ব্যভিচাৰী, বিকৃত যৌনৰোগী পূজাৰীসকল , নাৰকীয় ধৰ্ষণকাৰী সকল ইয়াৰ জ্বলন্ত উদাহৰণ নহয় নে? ধৰ্মক দোহাই দি এইসকল ধাৰ্মিক, পুজাৰী ৰূপী ভণ্ড পুৰুষে নাৰী – কিশোৰীক কি দৰে যৌন শোষণ কৰিছে! নাৰীসকলে এনেবোৰ ঘটনাৰ পৰাই শিক্ষা লওক—-ধৰ্মৰ নামত চলি অহা অন্ধবিশ্বাস, কুসংস্কাৰ বশৱৰ্তী নহ’বলৈ।

কিছুদিনৰ আগতে বৰমাৰ ছোৱালী বায়ে বৰমাক সুধা শুনিছিলোঁ যে বাহঁত স্কুল – কলেজলৈ বা আন ঠাইলৈ ফুৰিবলৈ যাওঁতে চিন্তা হৈছিল নে? বৰমাৰ উত্তৰ আছিল তেওঁলোকে কোনো দিন চিন্তা নকৰিছিল। বৰঞ্ছ দৃঢ় বিশ্বাস আছিল নিৰ্দিষ্ট সময়ত ঘৰ পাবহি বুলি। বাই কৈছিল তেওঁৰ ছোৱালী জনী আন ঠাইলৈ নালাগে স্কুলৰ পৰা ঘৰ আহি নোপোৱালৈকে চিন্তা হৈ থাকে। এই চিন্তা কেৱল বাৰে নহয়। বৰ্তমান আমাৰ দেশৰ, আমাৰ ৰাজ্যৰ প্ৰতিগৰাকী কন্যা সন্তানৰ মাতৃৰে চিন্তাৰ বিষয়। পুৱা ঘৰৰ পৰা ওলাই যোৱা ছোৱালীজনী পুনৰ নিৰাপদে ঘূৰি আহিব নে? কিয় আমি নাৰীসকল নিৰাপত্তাহীনতাত ভূগিছোঁ? পুৱাৰ বাতৰি কাকতখন হাতত ল’লেই বৰ বৰ আখৰেৰে লিখা থাকে পঞ্চাশ উৰ্ধ পুৰুষৰ কামনাৰ বলি নাবালিকা, ধৰ্ষণ আৰু হত্যাৰ বাতৰি। এনে বাতৰিয়ে উদঙাই দিছে বৰ্তমান সমাজত নাৰী মুঠেই নিৰাপদ নহয়।এতিয়া ঘৰৰ চাৰিবেৰৰ মাজতো কন্যা সন্তানক অকলে এৰি যাব নোৱাৰি। কাষৰ অতি আপোন বুলি ভৱা ঘৰৰ পুৰুষ বা যুৱকৰ লুলুপ দৃষ্টি আপোনাৰ বা আপোনাৰ কন্যা সন্তানৰ ওপৰত।


নাৰীসকল যুগে যুগে লাঞ্ছিতা – বঞ্চিতা, অৱহেলিত হৈয়ে থাকিব নেকি? নিজ প্ৰাপ্য, অধিকাৰ, সমমৰ্যদা আদায় কৰিব লাগিব। সাম্প্ৰতিক নাৰীৰ সমমৰ্য্যদা, সমঅধিকাৰ
নাৰী স্বাধীনতা হকে, নাৰী নিৰ্যাতন, শোষণ – উৎপীড়নৰ বিৰুদ্ধে আমাৰ দেশত ভালে কেইটা নাৰী সংগঠন গঠন হৈছে। নাৰী ওপৰত চলা নানা দুষ্কাৰ্য, হত্যা, ধৰ্ষণ, নিৰ্যাতন, অপহৰণৰ বিৰুদ্ধে মাত মাতি আহিছে। নাৰীৰ প্ৰগতি, মুক্তিৰ কাৰণে সভা সমিতি পাতি নানা প্ৰস্তাৱ গ্ৰহণ কৰি আন্দোলনৰ কাৰ্যসূচী লৈ নানা বাতৰি কাকতত, প্ৰচাৰ পত্ৰিকাত বিবৃতি প্ৰচাৰ কৰিছে। এই খিনি কৰিবলৈ যাওঁতে সমাজৰ প্ৰতিগৰাকী নাৰী শিক্ষিতা হোৱাতো একান্তই বাঞ্ছনীয়। যেতিয়ালৈকে প্ৰতিগৰাকী নাৰী শিক্ষিতা নহয়, নিজৰ অধিকাৰ বিষয়ে সচেতন নহয়, তেতিয়ালৈকে মাত্ৰ কেইটামান মুষ্টিমেয় সংগঠনে তেওঁলোকৰ প্ৰাপ্য আধিকাৰ আদায় কৰাতো সম্ভৱ নহয়।
নাৰীসকল কেৱল পুৰুষৰ দ্বাৰাই নিৰ্যাতন নহয়। বহু সময়ত নাৰীসকল নাৰীৰ দ্বাৰা নিৰ্যাতিতা, লাঞ্ছিতা হয়। বোৱাৰী হত্যা বিষয়ে আঙুলিয়ালে দেখা যায় যে বোৱাৰী গৰাকীক যৌতুকৰ বাবে শাহু বা ননদ গৰাকীয়ে নিৰ্যাতন কৰি হত্যা পৰ্যন্ত কৰে তথা আত্মহননৰ বাবে বাধ্য কৰায়। বনকৰা ছোৱালীজনীও নিৰ্যাতিতা হয় ঘৰৰ গৃহিনী গৰাকীৰ হাতত। এনে উদাহৰণ সমাজত প্ৰায়ে দৃষ্টিগোচৰ হয়। নাৰীয়ে যদি নাৰীৰ মোল নুবুজোঁ তেন্তে পুৰুষ সকলে কি বুজিব?


বৰ্তমান সমাজ ব্যৱস্থাত আধুনিকতাৰ এঢাপ আগবাঢ়িবলৈ ধৰিছে। নাৰীৰ ওপৰতে হয়তো এই আধুনিকতাৰ প্ৰভাৱ বিশেষকৈ পৰিছে। নাৰীসকল স্বল্প বস্ত্ৰ পৰিধান কৰি অতি আধুনিক হ’ব খোজে। ফলত নাৰীৰ শত্ৰু বাঢ়িবলৈ ধৰিছে। যুৱতী আৰু নাৰীসকল পুৰুষ আৰু যুৱকৰ অশালীন ব্যৱহাৰৰ সন্মুখীন হোৱাৰ প্ৰধান কাৰণ হৈছে তেওঁলোকে পৰিধান কৰা অমাৰ্জিত পোছাক। অপ্ৰিয় হ’লেও সত্য যে বৰ্তমান উৎসৱ বা বিভিন্ন অনুষ্ঠান বোৰত দেখিবলৈ পোৱা যায় আমাৰ প্ৰায় ভাগ অসমীয়া মহিলাই নিজা জাতীয় পোছাক মেখেলা চাদৰ পৰিধান কৰিবলৈ এৰি অমাৰ্জিত পোছাক পৰিধান কৰিবলৈ লৈছে । অতি আধুনিকা বুজাবলৈ যোৱা যুৱতী- নাৰী সকলে ওপৰ অংশত এবেগেত আৰু তলৰ অংশত এবেগেত কাপোৰৰ পোছাক পিন্ধি মহানগৰীৰ চিটিবাছ, পদপথত নিশা দহ বজালৈকে বাৰ, নৈশক্লাব, ডিষ্কুথেকত দেখা যায়। যুৱতী সকলক এনে পোছাক পৰিধানত পিতৃ-মাতৃয়ে বাধা দিব লাগিব। সন্তানক পলমকৈ নিশা ঘৰত সোমোৱাৰ কৈফিয়ৎ বিচাৰিব লাগিব পিতৃ-মাতৃয়ে।

আনহাতে গ্লেমাৰ বিচাৰি একাংশ যুৱতীয়ে নগ্নদেহ প্ৰদৰ্শন কৰা, কথাছবিৰ কোনো গানত বৰষুণত তিতি নাচি নাচি দেহৰ ভাঁজ দেখুৱাইছে। নগ্নতা বা শৰীৰ প্ৰদৰ্শনত তীব্ৰ প্ৰতিবাদ কৰিলেও “ফেশ্বন শ্বো” দৰ্শকৰ আগ শাৰীত আসন পুৰাই আমিবোৰে হাত চাপৰি বজাই বাহঃ বাহঃ দিওঁ।


সম অধিকাৰ, সমমৰ্যদা আৰু স্বাধীনতা, সুৰক্ষা নাৰীকহে লাগে। সেয়ে এই ক্ষেত্ৰত নাৰীয়ে মূখ্য ভূমিকা ল’ব লাগিব। যিকোনো পৰিস্থিতিতে সাহসেৰে যঁজিব পৰা ক্ষমতা থাকিব লাগিব। শেষতীয়াকৈ নাৰী নিৰ্যাতন আৰু ধৰ্ষণ কাণ্ডৰ দোষীৰ উচিৎ শান্তি বিচাৰি শশ পুৰুষ – মহিলাই একেলগে প্ৰতিবাদ কৰাতো শুভ লক্ষণ। অপৰাধীৰ কোনো জাতি নাই। গতিকে সকলো ৰাইজে দোষীৰ শাস্তি বিচাৰি একত্ৰিত হ’লে নিশ্চয় এনেবোৰ অনৈতিক কাৰ্য্য কৰিবলৈ ভয় খাব। আমি আশাবাদী এনে এখন সমাজৰ, য’ত নাৰী চিৰ পূজিতা হ’ব ।নিৰ্যাতন বিহীন, অন্ধবিশ্বাস, উৎপীড়িন বিহীন নিকা সমাজ। যিখন সমাজে নাৰীক দিব পূৰ্ণ মৰ্যদা আৰু সুৰক্ষা।

Be the first to comment

Leave a Reply

Your email address will not be published.


*