কিছু মিঠা প্ৰবঞ্চনাৰে

– জুপিতৰা নাথ

ৰাধা হৈ
তোমাৰ বাঁহীলৈ বাট চোৱাৰ হাহাকাৰ
অথবা
ঘড়ীৰ কাটাত টোপনি সামৰি ৰখা নিশা
কোনোটোৱেই নাছিল
আমাৰ প্ৰেমৰ সহচৰ
মোৰ কৃষ্ণ!

সপোনৰ ঝুলনাত দুলি থাকোঁতে
দিঠকৰ কঠিন ঘণ্টাধ্বনিয়ে জোকাৰি যোৱা
ক’লা দিনবোৰ আমাৰ হ’ব নেকি ৰাধা!
-বুলি সুধি ৰৈ যায় কৃষ্ণ৷

জন্মৰেপৰা ধুমুহা
মোৰ আগে পিছে উৰি ফুৰা বিষাক্ত পখিলা
বুলি হতাশাত ডুবি থকা কৃষ্ণক
ৰাধাই ‘সোণ’ বুলি মাতিব নোৱাৰে তেতিয়াও!
অথচ বুকুত শত বৃন্দাবনসম ভালপোৱা!


দেশৰ কথা পাহৰিবলৈ কৃষ্ণৰ নাই আহৰি

ৰাধাই হাঁহি হাঁহি পাহৰাবলৈও নহয় সৰল প্ৰেয়সী!

ৰাধা
ৰাউচি জুৰি বৈ থকা কান্দোন
অথচ নুশুনি
ৰাধা
গৰজি গৰজি বোবা হোৱা আকাশ!

কৃষ্ণই বাঁহীত কি সামৰি থয়
ৰাধাই নাজানে
কিয় নাজানে
কৃষ্ণইও নুবুজে!

বুজা নুবুজাৰ অজস্ৰ ঋতুৰ
ৰং বিৰঙী সম্ভাৱনাৰে
বোৱতী প্ৰেমৰ যমুনা!

মোৰ ক’লীয়া কৃষ্ণ
এই জনমত হেৰুওৱা বাঁহীৰ সপোনটোও ভাঙিলা
গঢ়িলা কেৱল
জোনবাইযেন চেঁচা ভালপোৱা
বেলিযেন পূৰঠ ভালপোৱা!

সৌৱা চোৱা
গছে ,পাতে ,বতাহে ,বৰষুণে
মিঠা প্ৰবঞ্চনা!

Be the first to comment

Leave a Reply

Your email address will not be published.


*