জনপ্ৰিয় কণ্ঠশিল্পী, গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালিকা তথা যুতিমালা এণ্ড টাই ফকছ্ বেণ্ডৰ প্ৰতিষ্ঠাপিকা যুতিমালা বুঢ়াগোহাঁইৰ সৈতে অন্তৰংগ বাৰ্তালাপ

জনপ্ৰিয় কণ্ঠশিল্পী, গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালিকা তথা যুতিমালা এণ্ড টাই ফকছ্ বেণ্ডৰ প্ৰতিষ্ঠাপিকা যুতিমালা বুঢ়াগোহাঁইৰ সৈতে অন্তৰংগ বাৰ্তালাপ

‘আজিৰ যুগত সংগীত কেৱল মনোৰঞ্জন নহয়, সংগীত এক শিক্ষা৷ মোৰ দৃষ্টিত বৰ্তমান সময়ত গীতৰ কথা, সুৰ, সংগীত ইত্যাদি বহু উচ্চ মানদণ্ডৰ হৈছে’
অসমৰ সাংস্কৃতিক জগতত যুৱ প্ৰজন্মৰ মাজত এনে কিছু উজ্জ্বল প্ৰতিভা আছে যি সকলে কৰ্ম দক্ষতাৰে নিজৰ জাতীয় ঐতিহ্য, পৰম্পৰা আৰু সাংস্কৃতিক ক্ষেত্ৰখনত অভূতপূৰ্ব বৰঙণি আগবঢ়াই আহিছে৷ আজি আমি তেনে এগৰাকী অতি প্ৰতিভাৱান আহোম ৰমণী যুতিমালা বুঢ়াগোহাঁইক সাক্ষাৎকাৰৰ মজিয়ালৈ আদৰি আনিছোঁ৷ টাই আহোম জাতীয় জীৱনৰ পৰা বিলুপ্তিৰ পথলৈ ধাৱমান হ’ব ধৰা টাই আহোমৰ আপুৰুগীয়া গীত-মাত সমুহকে ধৰি টাই আহোম সাংস্কৃতিক ঐতিহ্য আৰু পৰম্পৰাক সুৰক্ষিত ভাৱে সংৰক্ষণ আৰু বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ মানসেৰে অহৰহ ভাৱে কাম কৰি অহা যুতিমালা বুঢ়াগোহাঁই নামেই যাৰ পৰিচয় ৷ লণ্ডনৰ ‘Times Square’ ত নাম সনিবিষ্ঠ হোৱা অসমৰ প্ৰথম গৰাকী টাই আহোম ৰমণী যুতিমালাই Gupshup Music Award – 2017 (Best Debut Singer Female), Gupshup Music Award – 2024 (Best Singer) গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃ মহাবিদ্যালয় সপ্তাহত স্বৰ্ণ, “Achiever’s Award – 2019” আৰু জয়মতী বঁটা (Art and Culture 2022) ইত্যাদি বঁটাৰে সন্মানিত হোৱাৰ উপৰি বিশ্বনাথ মহাবিদ্যালয়ত তিনিবাৰকৈ শ্ৰেষ্ঠ কণ্ঠশিল্পী হিচাপে বিবেচিত হোৱাৰ লগতে বেংককত টাই আহোম সাংস্কৃতিক পৰম্পৰাৰে’ North East India Festival’ত প্ৰতিনিধিত্ব কৰে। অসম ইউথ অলিম্পিকতো যুতিমালাই টাই আহোম সংগীতক প্ৰতিনিধিত্ব কৰে৷ অসমৰ অন্যতম এগৰাকী প্ৰতিভাৱান আহোম ৰমণী তথা কণ্ঠশিল্পী,গীতিকাৰ,সুৰকাৰ,সংগীত পৰিচালিকা তথা যুতিমালা এণ্ড টাই ফকছ্ বেণ্ডৰ প্ৰতিষ্ঠাপিকা যুতিমালা বুঢ়াগোহাঁইৰ সৈতে হোৱা আমাৰ অন্তৰংগ বাৰ্তালাপ সহৃদয় পাঠক-পাঠিকা সকললৈ আগবঢ়োৱা হ’ল…

সাক্ষাৎ গ্ৰহণঃ দেৱজিত বৰা, কবিতা বুঢ়াগোহাঁই

দেৱজিত বৰা, কবিতা বুঢ়াগোহাঁইঃ আপোনাৰ জন্ম, পঢ়া শুনা ,পৰিয়াল আৰু ওপজা ঠাইখনৰ সন্দৰ্ভত চমুকৈ কওকচোন?

যুতিমালা বুঢ়াগোহাঁইঃ মোৰ জন্ম লখিমপুৰ জিলাৰ বিহপুৰীয়া নামৰ এখন সৰু অঞ্চলত। মোৰ স্কুলীয়া শিক্ষা গ্ৰহণ বিহপুৰীয়া শঙ্কৰদেৱ শিশু বিদ্যা নিকেতনত, তাৰ পৰাই মই মেট্ৰিক পৰীক্ষাত ৩টা বিষয়ত লেটাৰ মাৰ্কসহ প্ৰথম বিভাগত উৰ্ত্তীণ হওঁ। উল্লেখ্য যে সেই সময়ৰ পৰাই আমাৰ নিকেতনত সংগীত বিভাগটো Elective Subject হিচাপে প্ৰথমবাৰ অন্তৰ্ভুক্ত হৈছিল। তাৰ বাবে মই নিকেতনৰ শিক্ষক শিক্ষয়িত্ৰী আৰু প্ৰধান আচাৰ্যৰ ওচৰত সদায়ে কৃতজ্ঞ।


বিদ্যালয়ৰ শিক্ষাৰ পিছত আমি গোটেই পৰিয়ালটো, আমাৰ ককাদেউতাৰ ঘৰ, বিশ্বনাথ চাৰিআলিলৈ আহো আৰু বিশ্বনাথ কলেজত মোৰ Higher Secondary আৰু B.Sc ডিগ্ৰী সমাপ্ত কৰোঁ। কলেজীয়া দিনত মোৰ গুৰু আছিল ‘শব্দম’ নামৰ এটা প্ৰতিষ্ঠানৰ অলকানন্দা বৰা বাইদেউ, বিজন বৰা ছাৰ আৰু অঞ্জন ছাৰ। তেওঁলোকৰ তত্বাৱধানতেই মই তিনিটা বছৰ ঐতিহ্যমণ্ডিত বিশ্বনাথ কলেজত শ্ৰেষ্ঠা গায়িকাৰ সন্মান লাভ কৰিছিলো লগতে গুৱাহাটী বিশ্ববিদ্যালয়ত বিশ্বনাথ কলেজৰ হৈ প্ৰতিনিধিত্ব কৰি সেইবাৰৰ শ্ৰেষ্ঠ মহাবিদ্যালয়ৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিলো।


তাৰ পিছত Audiography and Sound Engineering ৰ অধ্যয়নৰ বাবে গুৱাহাটী জ্যোতিচিত্ৰবনৰ কেম্পাচত অৱস্থিত (বৰ্তমান চাংসাৰিত) Dr Bhupen Hazarika Regional Government Film and Television Institute (DBHRGFTI) লৈ আহো আৰু তাতেই মই মোৰ Sound Engineering Diploma Course প্ৰথম বিভাগ Distinction সহ সমাপ্ত কৰোঁ।
তাৰ পিছত কৰ্মসূত্ৰে কিছু মাহ মুম্বাই আৰু গুৱাহাটীতে কিছু বছৰ থাকি বৰ্তমান Masters in Performing Arts বিভাগত অধ্যয়ণ কৰি শিক্ষা সম্পূৰ্ণ কৰোঁ ৷

আমাৰ পৰিয়ালটো এটা যৌথ পৰিয়াল বুলি কলেও ভুল নহ’ব, মোৰ মা দেউতা, মোৰ ডাঙৰ বা, আইতা আমি প্ৰায় ওচৰা ওচৰিকৈ থাকোঁ। মইহে কৰ্মসূত্ৰে বৰ্তমান গুৱাহাটীত।

মোৰ জন্ম যদিও বিহপুৰীয়াৰ দৰে এটা সৰু অঞ্চলত, তথাপি সেই সৰু ঠাইখনৰ মানুহবোৰৰ মধুৰ স্মৃতিবোৰ আজিও মই মোৰ সৈতে কঢ়িয়াই লৈ ফুৰিছো। নিশ্চিত ভাৱে মোৰ ওপজা ঠাই বিহপুৰীয়াতে মোৰ জীৱনৰ ঘাই শিপাডাল পৰিপুষ্ট হৈছে। বিহপুৰীয়া মোৰ সংগীত জীৱনৰো আৰম্ভণি। মোৰ পঢ়াশালি, সুৰাঙ্গন মইনা পাৰিজাত আৰু মৌচাকৰ সাংস্কৃতিক পৰিৱেশ আজিও মোৰ চকুত জিলিকি আছে। সৰুতে গীতৰ শিক্ষা দিয়া বাবা দা, পাপু দা, প্ৰণৱ দা, চন্দন দা, মিনু দা, ৰজনী দা, ডিম্বেশ্বৰ দা, ৰমা দা হঁতৰ ওচৰত মই চিৰকৃতজ্ঞ। মোক স্কুলীয়া জীৱনত সহায় কৰা মোৰ প্ৰতিজন শিক্ষাগুৰু আৰু মোক উৎসাহ যোগোৱা প্ৰতিজন ব্যক্তি আজিও মোৰ বৰ আপোন। বিহপুৰীয়াৰ পৰা গুছি অহাৰ মূহুৰ্তটো মনত পৰিলে আজিও মোৰ চকু সেমেকি যায়। কিন্তু উপায় নাই, জীৱনত আগুৱাই যাবলৈ এনে কিছুমান মূহুৰ্তৰ সন্মুখীন হোৱাটো স্বাভাৱিক। যদিও মই আজিকালি বিহপুৰীয়ালৈ খুব কম যাওঁ, কিন্তু বিহপুৰীয়াৰ প্ৰতি এই টান মোৰ আজীৱন থাকিব।

দেৱজিত বৰা, কবিতা বুঢ়াগোহাঁইঃ প্ৰথমে সংগীতৰ প্ৰতি কিদৰে আৰু কেনেকৈ আকৰ্ষিত হৈছিল ?

যুতিমালা বুঢ়াগোহাঁইঃ আগৰ প্ৰশ্নৰ উত্তৰত মই যিহেতু কৈছোঁ যে বিহপুৰীয়া ঠাইখনৰ পৰাই মোৰ সংগীতৰ আৰম্ভণি। সৰুতে স্কুলত বিভিন্ন প্ৰতিযোগিতা কৰিছিলোঁ, খেলা ধূলা, ছবি অঁকা, গান গোৱা, বক্তৃতা, কবিতা আবৃত্তি ইত্যাদি বিষয়ত মই প্ৰায়ে স্থান পাইছিলো, সেই সময়তে মোৰ বা দীপশিখা বুঢ়াগোহাঁইক গান শিকাবলৈ কেইজন মান দাদা আহিছিল। তাইক গান গোৱা দেখি মোৰ গীতৰ প্ৰতি ধাউতি বাঢ়িল। মা-দেউতাইয়ো মোৰ এই আগ্ৰহ দেখি গান শিকিবলৈ দিলে, লাহে লাহে মইনা পাৰিজাতৰ প্ৰতিযোগিতা সমূহত মই স্থান লাভ কৰিলোঁ, প্ৰথমে স্কুল তাৰ পিছত জিলা ভিত্তিক, অসম ভিত্তিক বহুতো প্ৰতিযোগিতা যেতিয়া জিকিবলৈ ধৰিলো তেতিয়া মোৰ মা দেউতাৰ লগতে শিক্ষকসকলে মোক আৰু উৎসাহিত কৰিলে, তেতিয়াৰে পৰা সংগীত মোৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিল।

দেৱজিত বৰা, কবিতা বুঢ়াগোহাঁইঃ আপুনি এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী হিচাপে বৰ্তমানলৈকে কিমান সন্তষ্টি বা আত্মসন্তুষ্টি অনুভৱ কৰি আহিছে ?

যুতিমালা বুঢ়াগোহাঁই: জনপ্ৰিয় হয়নে নহয় এই বিষয়ে মই বিশেষ নাজানো। কিন্তু এটা কথা স্পষ্ট যে গীত গাই মই খুবেই সুখী। গীত সদায় গাই আহিছোঁ, গাই আছোঁ আৰু গাই যাম। ৰাইজে যদি মোৰ গীত শুনি ভাল পাইছে এইয়া মোৰ বাবে আশীৰ্বাদ।

দেৱজিত বৰা, কবিতা বুঢ়াগোহাঁইঃ বৰ্তমানলৈকে আপোনাৰ মুক্তি পোৱা গীতৰ সংখ্যা কিমান ? তাৰ ভিতৰত কেইটামান উল্লেখনীয় গীতৰ কথা থোৰতে কওকচোন?

যুতিমালা বুঢ়াগোহাঁইঃ গীতৰ সংখ্যা কিমান মই সঠিককৈ হিচাপ কৰা নাই যদিও মোৰ YouTube Channel ‘Jutimala Music’ ত বৰ্তমান হয়টো ৩৫+ গান আছে।

তাৰ ভিতৰত মোৰ জীৱনৰ প্ৰথমটো টাই আহোম গীত প’ কাও চাওলুং গীতটি মোৰ বাবে খুব বিশেষ, যিহেতু এই গীতটিৰ যোগেদিয়েই মোৰ টাই আহোম সংগীত যাত্ৰা আৰম্ভ হৈছিল। শেহতীয়াকৈ চলিম চুলেইমান জীৰ প্ৰজেক্ট ভূমি ২০২২ ত, অনুৰাগ দাৰ সংগীতেৰে, বিবেক হৰিহৰণ জীৰ সৈতে গোৱা কাঁচিয়লি গীতটিয়ে ৰাইজৰ অফুৰন্ত সমাদৰ লাভ কৰিছে। মাতৃদিৱসত মুকলি কৰা ” আই ” গীতটি মোৰ এটি খুবেই ব্যক্তিগত গীত বুলি মই ভাবোঁ।
যিহেতু প্ৰতিটো গীতেই নিজৰ সৃষ্টি গতিকে প্ৰত্যেকটো গীতৰ লগতে বহুতো স্মৃতি জড়িত হৈ থাকে।

দেৱজিত বৰা, কবিতা বুঢ়াগোহাঁইঃ শ্ৰোতাৰ ৰুচিবোধ সন্দৰ্ভত বৰ্তমান আপোনাৰ ধাৰণা কেনে?

যুতিমালা বুঢ়াগোহাঁইঃ ৰুচি বুলি কলে মোৰ বোধেৰে সকলোৰে সম্পূৰ্ণ ব্যক্তিগত অনুভৱ। ব্যক্তিভেদে, সময় সাপেক্ষে, ঠাইভেদে জীৱনশৈলী, চিন্তাধাৰাও ভিন্ন । গতিকে মই ভালপোৱা ধৰণৰ গীত বা সংগীত আন এজন ব্যক্তিয়ে ভাল পাবও পাৰে নাপাবও পাৰে। কিন্তু এটা কথা আমি সংগীত শিল্পী সকলে মন কৰা উচিত যে আমাৰ সৃষ্টিৰাজিৰে আমি সমাজত কেনে ধৰণৰ প্ৰভাৱ পেলাইছো বা আমাৰ ক্ষেত্ৰখনৰ বিষয়ে আমাৰ কিমান দখল বা জ্ঞান আছে। কিয়নো সৃষ্টিবোৰ চিৰকাল থাকি যাব আৰু সুস্থিৰ, পৰিপক্ক সৃষ্টিয়ে সমাজখনো সুস্থিৰ নিকা কৰি ৰাখিব।

দেৱজিত বৰা, কবিতা বুঢ়াগোহাঁইঃ আপোনাৰ দৃষ্টিত সাম্প্ৰতিক অসমীয়া সংগীত জগতখনত কেনেধৰণৰ গীতে প্ৰাধান্য পোৱা পৰিলক্ষিত হৈছে ?

যুতিমালা বুঢ়াগোহাঁইঃ আজিৰ যুগত সংগীত কেৱল মনোৰঞ্জন নহয়, সংগীত এক শিক্ষা। মোৰ দৃষ্টিত বৰ্তমান সময়ত গীতৰ কথা, সুৰ, সংগীত ইত্যাদি বহু উচ্চ মানদণ্ডৰ হৈছে। বহু দৰ্শকে এনেবোৰ গীত আদৰিও লৈছে। এইয়া এক ভাল লক্ষণ। কিন্তু তুলনামুলক ভাবে আমি দেখা পাওঁ যে কিছুমান নিম্ন মানদণ্ডৰ গীতেহে বিপুল দৰ্শক পাবলৈ সক্ষম হয়। মই ভাৱো ভাল কামবোৰ অধিক প্ৰচাৰ আৰু প্ৰসাৰ হ’ব লাগে। এই ক্ষেত্ৰত ৰাইজৰ লগতে শিল্পী সকলৰো কৰণীয় আছে।

দেৱজিত বৰা,কবিতা বুঢ়াগোহাঁই: কেনেধৰণৰ গীত পৰিৱেশন কৰাৰ ক্ষেত্ৰত সততে আপুনি অধিক আগ্ৰহ অনুভৱ কৰি আহিছে ?

যুতিমালা বুঢ়াগোহাঁইঃ মই সদায় গীতৰ কথাক প্ৰাধান্য দি আহিছোঁ। দ্বিতীয়তে গীতৰ কথাৰ লগত সুৰৰ সামঞ্জস্য থকাটো আৱশ্যকীয়। সংগীতৰ ক্ষেত্ৰতো গীত সাপেক্ষে মই বাদ্য যন্ত্ৰৰ বাছনিৰ ক্ষেত্ৰতো গুৰুত্ব দিওঁ। যিবোৰ গীতে সমাজৰ প্ৰতি এক ধনাত্মক বাৰ্তা কঢ়িয়াব পাৰে তেনেবোৰ গীত গাবলৈ মই সদায় প্ৰস্তুত।

দেৱজিত বৰা, কবিতা বুঢ়াগোহাঁইঃ সংগীতক লৈ ভবিষ্যত পৰিকল্পনা সম্পৰ্কত কি ক’ব ?

যুতিমালা বুঢ়াগোহাঁইঃ বৰ্তমান মই টাই আহোম সংগীতক ৰাইজৰ আগত পৰিচয় কৰাবলৈ চেষ্টা কৰি আছোঁ। শেহতীয়াকৈ আমি Jutimala and the Tai folks নামৰ এটা Ethno-Rock বেণ্ড আৰম্ভ কৰিছোঁ আৰু আমি আশাবাদী যে সমগ্ৰ টাই জনগোষ্ঠীৰ লগতে অসমৰ সাংস্কৃতিক উন্নয়নৰ ক্ষেত্ৰত এই প্ৰচেষ্টাই এক বিশেষ ভূমিকা ল’ব। পৰবৰ্তী সময়ত বিলুপ্তিৰ সন্মুখীন হোৱা থলুৱা গীতৰ লগতে স্বৰচিত গীতসমূহো যাতে দৰ্শকৰ মাজলৈ আগবঢ়াই দি অনাগত প্ৰজন্মৰ বাবে অসমৰ এই আপুৰুগীয়া সংস্কৃতি ৰাখি থৈ যাব পাৰো তাৰে চেষ্টা অব্যাহত ৰাখিম।

দেৱজিত বৰা, কবিতা বুঢ়াগোহাঁইঃ আপুনি অলপতে বেংকক আৰু থাইলেণ্ড ভ্ৰমণ কৰিছিল ৷ এই ভ্ৰমণৰ উদেশ্য কি আছিল ? ভ্ৰমণ সম্পৰ্কত আপোনাৰ অভিজ্ঞতা আৰু অনুভৱ কেনেধৰণৰ ৷ চমুকৈ কওকচোন?

যুতিমালা বুঢ়াগোহাঁইঃ মই আমাৰ Jutimala and the Tai Folks টিমটোৰ সৈতে বেংকক, থাইলেণ্ডলৈ গৈছিলো নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ অনুষ্ঠানৰ বাবে। যিহেতু আপোনালোক জ্ঞাত যে অসমৰ তাই আহোম সকল এক বৃহৎ টাই কাদাই গোষ্ঠীয় লোক। টাই মূলীয় দেশ সমূহৰ লগত টাই আহোম সকলৰ সংস্কৃতিৰ সাদৃশ্য আছে। ভাৰতৰ সৈতে থাইলেণ্ডৰ এক ভ্ৰাতৃত্ববোধৰ বান্ধোন গঢ়াৰ প্ৰতি লক্ষ্য ৰাখি শ্যামকানু মহন্ত ডাঙৰীয়াই আয়োজন কৰা উক্ত অনুষ্ঠানত টাই আহোম গীতক প্ৰতিনিধিত্ব কৰিবলৈ আমাৰ দল টো গৈছিলো।


নিশ্চয়কৈ বেংককৰ অভিজ্ঞতা খুবেই ভাল। কিছু কিছু সময়ত অনুভৱ কৰিছিলোঁ যে ভাৰতীয় হিচাপে আমি বহুতো শিকিব লগীয়া আছে। বেংককত প্ৰায় এক সপ্তাহ আছিলোঁ, কিন্তু ইমান ডাঙৰ চহৰ লগতে ইমান বোৰ যান বাহন থকাৰ পিছতো কোনো ধৰণৰ বিশৃ্ংখল পৰিবেশ দেখা নাছিলোঁ। তাৰ মানুহে বিশেষ প্ৰয়োজন নহলে হৰ্ণ নবজাই। গতিকে শব্দ প্ৰদূষণ একেবাৰে নাই। এবাৰলৈ ভাবিছিলো যে ইয়াৰ গাড়ী বোৰত হৰ্ণ নাথাকে নেকি?

কিন্তু কথাটো হ’ল তাৰ চৰকাৰেই নহয়, মানুহবোৰো দায়িত্বশীল। ৰাস্তাৰ দাঁতিত লেতেৰা জাবৰ যোথৰ দেখা নাছিলোঁ। ট্রেফিক আইন মানি চলাৰ বাবে দুৰ্ঘটনা বোৰো ইমান নহয় গতিকে যান বাহন বোৰ দেখিবলৈ একেবাৰে নতুন যেন লাগে। মানুহবোৰ খুব কৰ্মী। লগতে লক্ষ্য কৰিছিলোঁ যে ৰাতি বহুত পলম হলেও ঠাইখন একেবাৰে নিৰাপদ। এই বিষয়ে তাত থকা প্ৰবাসী ভাৰতীয় সকলেও কৈছিল।
এনেধৰণৰ পৰিৱেশ এটা অতি সোনকালে ভাৰততো হওঁক তাৰে আশা কৰিছোঁ।

দেৱজিত বৰা, কবিতা বুঢ়াগোহাঁইঃ অতি ব্যস্ততাৰ মাজতো কিছু সময় ব্যয় কৰি অতি আন্তৰিকতাৰে আমাক সাক্ষাৎকাৰটি প্ৰদান কৰাৰ বাবে আপোনালৈ আমাৰ তৰফৰ পৰা অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ৷
যুতিমালা বুঢ়াগোহাঁইঃ আপোনালোকলৈও ধন্যবাদ। মোৰ দৰে এগৰাকী সামান্য সংগীত কৰ্মীৰ প্ৰতি আপোনালোকৰ আগ্ৰহ দেখি আনন্দিত হলোঁ৷

Be the first to comment

Leave a Reply

Your email address will not be published.


*