শ্ৰী শ্ৰী অশ্বক্লান্ত দেৱলয়াত চতুৰ্থ বিষ্ণু মহা-যজ্ঞৰ আয়োজন

উত্তৰ গুৱাহাটীঃ ঐতিহাসিক শ্ৰী শ্ৰী অশ্বক্লান্ত দেৱালয়ত শ্ৰী শ্ৰী বিষ্ণু মহাযজ্ঞৰ আয়োজনৰ প্ৰস্তুতি। দলৈ লক্ষেশ্বৰ শৰ্মাৰ সভাপতিত্বত আজি দেওবাৰে দেৱালয়ত এখন যজ্ঞৰ আয়োজন সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। সভাত চতুৰ্থ বিষ্ণু মহা-যজ্ঞৰ আয়োজন সন্দৰ্ভত বিস্তৃত আলোচনা কৰা হয়।

৪ৰ্থ মহা-যজ্ঞ ভাগ ২০২৫ বৰ্ষৰ ৭, ৮ আৰু ৯ মাৰ্চত অনুষ্ঠিত হ’ব। সভাত দিলীপ শৰ্মা, হেমেন শৰ্মা, অখিল ভট্টাচাৰ্য ,সাংবাদিক মুকুটেশ্বৰ গোস্বামী আৰু আন বহুতো বিশিষ্ট ব্যক্তিৰ উপস্থিতি দেখা গৈছিল। আলোচনাত অনুষ্ঠানটোৰ সফলতা নিশ্চিত কৰাৰ বাবে প্ৰস্তুতিৰ মুখ্য দিশবোৰ সামৰি লোৱা হৈছিল। ৪ৰ্থ বিষ্ণু মহাযজ্ঞৰ উদ্দেশ্য হৈছে আধ্যাত্মিক পৰম্পৰাবজাই ৰাখি ভক্তপ্ৰাণ ৰাইজৰ মঙ্গলাৰ্থে, দেশত শান্তি সম্প্ৰীতি আৰু প্ৰগতিৰ কামনাৰে আয়োজন কৰা হ’ব।

Be the first to comment

Leave a Reply

Your email address will not be published.


*