ফাৰ্মাছিষ্টৰ পাঠ্যক্ৰম সম্পন্ন কৰা শিক্ষাৰ্থীৰ ইনটাৰ্নশ্বিপৰ বাবে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী আৰপুৰ

ফাৰ্মাছিষ্টৰ পাঠ্যক্ৰম সফলভাবে সম্পন্ন কৰাৰ পিছতো এই পৰ্যন্ত ইনটাৰ্নশ্বিপৰ সুবিধা লাভ কৰা নাই ৰাজ্যৰ প্ৰায় ৩ হাজাৰ ফাৰ্মাছিষ্টৰ শিক্ষাৰ্থীয়ে। অসম ফাৰ্মাচী কাউঞ্চিলৰ ভুল নীতিৰ বাবে পাঠ্যক্ৰম সম্পন্ন কৰাৰ পিছতো ইনটাৰ্নশ্বিপৰ সুবিধা লাভ নকৰাত হতাশ হৈ পৰিছে ৰাজ্যৰ ডি ফাৰ্ম উত্তীৰ্ণ হাজাৰ হাজাৰ মেধাৱী ছাত্ৰ-ছাত্ৰী। ফলশ্ৰুতিত এই সকল মেধাৱী ছাত্ৰ-ছাত্ৰী বঞ্চিত হৈছে ফাৰ্মাছিষ্টৰ পঞ্জীয়নৰ পৰা।একেদৰে পাঠ্যক্ৰম সম্পন্ন কৰাৰ পিছতো নিযুক্তি তথা স্ব-নিৰ্ভৰশীলৰ পৰাও বঞ্চিত হৈছে ছাত্ৰ-ছাত্ৰী সকল। উল্লেখযোগ্য যে, অসম ফাৰ্চামী কাউঞ্চিলৰ উৰ্ধতম কৰ্তৃপক্ষৰ লগত ছাত্ৰ-ছাত্ৰী সকলে বাৰম্বাৰ যোগাযোগ স্থাপন কৰাৰ পিছতো এই পৰ্যন্ত লাভ কৰা নাই কোনো সু-ফল। সেয়েহে এই সকল শিক্ষাৰ্থীয়ে মুখ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিছাৰি শীঘ্ৰে ইনট্ৰানশ্বিপৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে। উল্লেখযোগ্য যে,অসম ফাৰ্মাচী কাউঞ্চিলৰ অদুৰদৰ্শীতাৰ বাবে বিগত দুইবছৰ ধৰি বন্ধ হৈ আছিল নতুন ফাৰ্মিছিষ্ট সকলৰ পঞ্জীয়নৰ প্ৰক্ৰিয়া। অৱশেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ হস্তক্ষেপত প্ৰায় দুবছৰৰ পিছত পুনৰ আৰম্ভ হৈছে নতুন ফাৰ্মাছিষ্টৰ পঞ্জীয়নৰ প্ৰক্ৰিয়া। কিন্তু বন্ধ হৈ আছে ইনটাৰ্নশ্বিপৰ ব্যৱস্থা। অসম পঞ্জীভুক্ত ফাৰ্মাছী ইউনিয়ন চমুকৈ আৰপুৰ সভাপতি মুছাহিদ আহমেদে এক বিজ্ঞপ্তি মোগে শীঘ্ৰে এই সমস্যটো সমাধান কৰি ছাত্ৰ-ছাত্ৰী সকলক উপকৃত কৰিবলৈ মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছে। আনহাতে আৰপুৰ মুখ্য উপদেষ্টা ডাঃ কামাল হাছানে ছাত্ৰ-ছাত্ৰী সকলৰ জীৱনক লৈ হেতালি নেখেলিবলৈ অসম ফাৰ্মাচী কাউঞ্চিলক আহ্বান জনাইছে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*