
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ প্ৰত্যেকতো জাতি জনগোষ্ঠী উন্নয়নৰ হকে ভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷ একেদৰে সংখ্যালঘু উন্নয়নৰ বাবে বহুত নতুন আঁচনি আৰু প্ৰদক্ষেপ গ্ৰহণ কৰিছে৷ সংখ্যালঘু উন্নয়ণ বিভাগৰ মন্ত্ৰীৰ উদ্যোগত তথা সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ সহযোগত ৪৬ জন ছাত্ৰ-ছাত্ৰীক প্ৰায় ৯০% বিনামূলীয়াকৈ UPSC/APSC পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে গুৱাহাটীত পাঠদান দিয়া ব্যৱস্থা কৰিছে। বুধবাৰে সংখ্যালঘু উন্নয়ন বৰ্ডৰ উপাধ্যক্ষ ৰাজবীৰ সিঙৰ নেতৃত্বত এটা দলে ছাত্ৰ-ছাত্ৰী সকলক সাক্ষাৎ কৰি তেওঁলোকৰ প্ৰস্ততি তথা সুবিধা অসুবিধাৰ বুজ লোৱা লগতে হোষ্টেল সমূহ পৰিদৰ্শন কৰি সন্তোষ প্ৰকাশ কৰে। তেওঁলোকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিভাগীয় মন্ত্ৰী চন্দমোহন পাটোৱাৰী, সংখ্যালঘু উন্নয়ন ব’ৰ্ড তথা উন্নয়ন ব’ৰ্ডৰ অধ্যক্ষ, উপাধ্যক্ষসহ সদস্য, আয়ুক্ত, সচিৱ আৰু সকলো বিষয়াবৰ্গক ধন্যবাদ জ্ঞাপন কৰে।
Leave a Reply Cancel reply