31.3 C
Guwahati
Tuesday, November 11, 2025
More

    শেহতীয়া আপডেটঃ

    মাতৃৰ স্মৃতিত প্ৰতিষ্ঠা কৰা জালুকবাৰীৰ হেমলতা ধাবাঃ শিক্ষিত যুৱতীসহ ডেৰকুৰিৰো অধিকক দিছে কৰ্মসংস্থাপন; জনগোষ্ঠীয় খাদ্য সম্ভাৰৰে অন্তৰ জয় কৰিছে খাদ্যৰসিকক

    জালুকবাৰীঃ বিগত কেইটামান দিনত গুৱাহাটী পৌৰ নিগমে গুৱাহাটীৰ বিভিন্ন অঞ্চলত হোটেল, ৰেস্তোৰাঁ, ধাবাত অভিযান চলায় কেইবাখনতো খাদ্যৰ অনুপযোগী মাংস আদি জব্দ কৰাৰ লগতে অতি অস্বাস্থ্যকৰ পৰিবেশত খাদ্য প্ৰস্তুত কৰা ধৰা পেলাইছে। আনকি তেনে কেইবাখনো হোটেল, ৰেস্তোৰাঁ, ধাবা পৌৰ নিগমৰ অভিযানকাৰী দলে ছিল কৰাৰ লগতে বুজন পৰিমাণৰ জৰিমণা পৰ্যন্ত সংগ্ৰহ কৰিছে। ইয়াৰ মাজতে আন বহু ধাবাৰ দৰে গুৱাহাটীৰ জালুকবাৰীৰ সমীপৰ গোটানগৰৰ তথা হোটেল ৰেডিচন হোটেল ব্লুৰ বিপৰীত দিশত ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে থকা হেমলতা ধাবাই নিজৰ স্বকীয় বৈশিষ্ট্যৰে খাদ্যৰসিক গ্ৰাহক ৰাইজৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে। ৰেস্তোৰাঁৰ পাছতে বৰ্ত্তমান ধাবাই পলমকৈ হ’লেও অসমত জনপ্রিয়তা লাভ কৰিছে। বিশেষকৈ গুৱাহাটীত একাংশ ধাবাই অতি অস্বাস্থ্যকৰ পৰিবেশত পাছফালে বা চুকত খাদ্য প্ৰস্তুত কৰাৰ বিপৰীতে হেমলতা ধাবাই গ্ৰাহকে দেখাকৈ ৰন্ধন প্ৰস্তুত কৰি আহিছে। উল্লেখ্য যে হোটেল, ৰেস্তোৰাঁ আৰু লাইন হোটেলৰ সংমিশ্রণত সৃষ্টি হোৱা ধাবাই গ্ৰাহকৰ চাহিদা পূৰণ কৰাৰ উপৰি ধাবাসমূহ কর্মসংস্থাপনৰ থলী হৈ পৰিছে।

    বিগত দুটা দশকৰ পূৰ্বৰে পৰা ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ধাবা গঢ় লৈ উঠা পৰিলক্ষিত হৈছে। এইখিনিতে উল্লেখ্য যে গুৱাহাটীৰ একাংশ মধ্যবিত্ত আৰু উচ্চ মধ্যবিত্ত তথা আর্থিকভাৱে স্বচ্ছল লোকে সপ্তাহৰ ব্যস্ততাৰ অন্তত বন্ধৰ সময়ত দৈনন্দিন ৰুটিনৰ পৰা ফালৰি কাটি অৱসৰ বিনোদনৰ বাবে পৰিয়ালসহ সন্ধিয়াৰ পূৰ্বে ওলাই আহে আৰু নিশা ঘৰত গৈ আহাৰ ৰান্ধি খোৱাৰ সলনি ধাবাত পচন্দৰ আহাৰ খাই ঘৰলৈ উভতি যায়। বর্তমান গুৱাহাটী মহানগৰীত যান-জট, বাহন ৰাখিবৰ পাৰ্কিঙৰ অভাৱ আদিৰ বাবেই বহু খাদ্যৰসিক লোকসকলে চৌহদতে পার্কিঙৰ সুবিধা থকা বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা ধাবলৈ ঢাপলি মেলে। এই সন্দৰ্ভত হেমলতা ধাবাৰ স্বত্বাধিকাৰী তথা এন এফ ৰে’লৱেৰ কৰ্মৰত অভিযন্তা আৰু এন এফ ৰেলৱে এছ চি এম্পলয়িজ ইউনিয়নৰ সভাপতি ৰিংকুমণি বৈশ্যই জনোৱা মতে, তেঁও জামছেদপুৰত অভিযান্ত্রিক মহাবিদ্যালয়ত বি ই পঢ়ি থাকোঁতে (১৯৯৫-২০০০ চন) তেওঁ তাত থকা ধাবাসমূহৰ প্ৰতি এটা দুৰ্বলতা অনুভৱ কৰিছিল।

    পৰৱৰ্তী সময়ত ইংলেণ্ডৰ মানচেষ্টাৰ বিশ্ববিদ্যালয়ত এম বি এ পঢ়ি থাকোঁতেও সেই দুবছৰত তাৰ ধাবা, হোটেল বা ৰেস্তোৰাঁসমূহৰ অভিজ্ঞতা লাভ কৰে। ২০০৪ চনত ছিংগাপুৰৰ এটা আন্তঃৰাষ্ট্ৰীয় প্রতিষ্ঠানত অভিযন্তা হিচাপে কৰ্মৰত হৈ থাকোঁতেও বৈশ্যই তাৰ ধাবাসমূহত খাদ্যৰ জুতি লৈছিল। কিন্তু ২০০৫ চনৰ জানুৱাৰী মাহত মাতৃ তথা এন এফ ৰে’লৱেৰ মালিগাঁৱস্থিত সদৰ কাৰ্যালয়ত কৰ্মৰত হেমলতা বৈশ্যই মালিগাঁৱত সংঘটিত এটা পথ দুর্ঘটনাত দুর্ভাগ্যজনকভাবে মৃত্যুক আঁকোৱালি লোৱাৰ পাছত তেঁও অভিযন্তাৰ চাকৰি বাদ দি ছিংগাপুৰৰ পৰা মালিগাঁৱলৈ গুচি আহে।

    কিছুদিন পিছতে তেঁও মাতৃৰ স্মৃতি যুগমীয়া কৰি ৰাখিবৰ বাবে আৰু মনত ধাবাৰ প্ৰতি থকা দুৰ্বাৰ হেঁপাহৰ বাবে গোটানগৰৰ বিজু কুমাৰ নামৰ শুভাকাংক্ষী লোক এজনৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা এবিঘা মাটি লীজত লৈ ২০০৫ চনৰ ১৪ মে’ৰ দিনা ‘হেমলতা ধাবা’ নামেৰে ধাবা এখন আৰম্ভ কৰে। পৰিকল্পিতভাৱে আৰম্ভ কৰা ধাবাখনত ৰিংকুমণি বৈশ্যই দেশ-বিদেশত লাভ কৰা অভিজ্ঞতাৰ আধাৰত ৰান্ধনি, পৰিচাৰিকাৰ পৰা আৰম্ভ কৰি সকলোতে নিষ্ঠাৱান আৰু অভিজ্ঞতাসম্পন্ন কর্মী নিয়োগ কৰে। বিশেষকৈ গুৱাহাটীৰ হোটেল ‘নন্দন’ৰ তেতিয়াৰ মুখ্য ৰান্ধনি বৰপেটাৰ ভবেন ডেকাক মুখ্য ৰান্ধনি ৰূপে নিয়োগ কৰাৰ লগতে স্নাতক ডিগ্রীধাৰী কামিনী পাটোৱাৰীক পৰিচালক, প্রদীপ বসুক তত্ত্বাবধায়ক, কৰুণা কলিতাকে ধৰি কেইবাজনকো তেতিয়াই সহায়ক ৰূপে নিয়োগ কৰিছিল। প্ৰথমাবস্থাত এবছৰমান বৈশ্যই ধাবাখন নিজে চোৱাচিতা কৰিছিল যদিও ২০০৬ চনত তেওঁ এন এফ ৰে’লৱেত অভিযন্তা হিচাপে নিযুক্তি পোৱাত আৰু তাৰ কিছুদিন পিছতে বিবাহপাশত আবদ্ধ হোৱাত দৈনিক আহিব নোৱৰা হয় যদিও পৰিচালকসহ সকলোৱে সেৱাৰ মনোভাবেৰে গ্ৰাহকক আপ্যায়ন কৰাত ধাবাত গ্ৰাহকৰ সমাগম বৃদ্ধি পাবলৈ ধৰে। বৈশ্যই জনোৱা মতে, বৰ্তমান ধাবাত মুঠ কৰ্মচাৰীৰ সংখ্যা হ’ল ৩৫ জন। ইয়াৰে ১০ জনী যুৱতী। ইয়াৰে মুখ্য ৰান্ধনিকে ধৰি বিশেষ দক্ষতা থকা ৰান্ধনি হ’ল ৭ জন। পুৱা ১০ বজাৰ পৰা নিশা ১০ বজালৈ খোলা থকা ধাবাখনত থলুৱা অসমীয়া খাদ্যসম্ভাৰকে ধৰি বঙালীসহ আন ভাৰতীয় আৰু চাইনীজ আহাৰ গ্ৰাহকৰ চাহিদা অনুযায়ী যোগান ধৰা হয়। আনকি সময়ে সময়ে বিদেশী পৰ্যটকৰ উপৰি আন ৰাজ্যৰ পৰা অহা দেশীয় পর্যটকেও ধাবাখনলৈ খাব আহে।

    দেশ-বিদেশত লাভ কৰা অভিজ্ঞতাৰ আধাৰত বৈশ্যই জনগোষ্ঠীয় খাদ্যক জনপ্ৰিয় কৰাৰ লক্ষ্যৰে আৰম্ভ কৰিছে পূৰ্বাঞ্চল থালি। ইয়াক আমিষ আৰু নিৰামিষ দুয়োটাতে উপলব্ধ হয়। গ্ৰাহকৰ সন্তুষ্টিক মুখ্য অগ্রাধিকাৰ দি সদায় উচিত দামত গুণগত মানৰ খাদ্য গ্ৰাহকক যোগান ধৰি অহা হৈছে আৰু মানৰ ক্ষেত্ৰত কোনোদিনে আপোচ কৰা নাই। ইয়াৰ সমান্তৰালভাৱে বৈশ্যই ধাবাত নিয়োজিত কৰ্মচাৰীসকলৰ খোৱা-লোৱা, স্বাস্থ্য, থকা আৰু শিক্ষাৰ ক্ষেত্ৰটো লক্ষ্য ৰাখি আহিছে। ধাবাৰ প্ৰবন্ধকদ্বয় মতিউৰ ৰহমান আৰু দীপক হালৈয়ে জানিবলৈ দিয়া মতে বৰ্ত্তমান একে সময়তে ধাবা চৌহদত ২৫০ জন লোকে বহি আহাৰ গ্ৰহণ কৰিব পৰাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ ভিতৰত নতুনকৈ পুনৰ্নিৰ্মাণ কৰা মূল হলটোত একেলগে ১০০ জন লোকে বহি আহাৰ গ্ৰহণ কৰিব পাৰে। বৃহত্তৰ জালুকবাৰী অঞ্চলৰ সচেতন লোকসকলে ব্যক্ত কৰা অনুসৰি ধাবা স্থাপনৰে নিবনুৱাক কর্মসংস্থাপন দিয়া আৰু অসমীয়া থলুৱা খাদ্যসম্ভাৰক জনপ্ৰিয় কৰাত অভিযন্তা আৰু এন এফ ৰে’লৱে এছ চি এম্পলয়িজ ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ সভাপতিৰ দৰে গুৰুত্বপূৰ্ণ পদবীত অধিষ্ঠিত হৈও ৰিংকুমণি বৈশ্যই যি প্রয়াস কৰিছে, সেয়া অতুলনীয়। ইয়ে ৰাজ্যখনৰ পৰ্যটনৰ লগত জড়িত লোকসকলক বহুখিনি উপকৃত কৰাৰ লগতে উঠি অহা চামে ৰিংকুৰ আদৰ্শ গ্ৰহণ কৰিলে নিবনুৱা সমস্যাবে ভাৰাক্ৰান্ত ৰাজ্যত কিছুসংখ্যক নিবনুৱা সংস্থাপন হোৱাৰ লগতে অসমীয়া থলুৱা খাদ্যসম্ভাৰে দেশ-বিদেশত জনপ্রিয়তা লাভ কৰাৰ থল আছে। ইফালে সমগ্ৰ ধাবা চৌহদটোক এক অসমীয়া অনুকূল পৰিবেশ গঢ় দিবলৈ সক্ষম হোৱা বৈশ্যই শিশুৰ মনোৰঞ্জনৰ বাবে বিভিন্ন সামগ্ৰীৰ সুবিধা দিয়াৰ উপৰিও বাহিৰৰ পৰা অহা লোকসকলেও যাতে অসমৰ কৃষ্টি-সংস্কৃতি, লোককলা আদিৰ বিষয়ে এক সম্যক ধাৰণা লব পাৰে তাৰ বাবে কেবাটাও খিলঞ্জীয়া জনগোষ্ঠীৰ বহু সম্পদ ধাবা চৌহদত প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। উল্লেখ্য যে যোৱা ১৪ মে’ত, ১৯ টা বৰ্ষ অতিক্ৰম কৰাৰ প্ৰাকক্ষণত ধাবাৰ প্ৰবেশদ্বাৰত এখন ‘যিমান পাৰা সিমান নিয়া’ নামৰ এখন বিপনী স্থাপন কৰা হৈছে। সন্ধিয়া ৫ বজাৰ পাছত বিপনীখনত গ্ৰাহকক অৰ্ডাৰ অনুসৰি পেকিং খাদ্য যোগান ধৰা হয়।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds