ডিফুঃ অসমৰ এক উল্লেখযোগ্য স্পোর্টস হাফলৈ ইতিমধ্যে ৰূপান্তৰিত হোৱা কাৰবি আংলঙৰ সদৰ চহৰ ডিফুস্থিত কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ ছাৰছিং টেৰণ (লাংকুং হাবে) মাল্টি পাৰ্পোজ স্পৰ্টছ কমপ্লেক্সত অসম ৰাজ্যিক কাৰাটে চেম্পিয়নশ্বিপ আজি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড০ তুলিৰাম ৰংহাঙে। সদৌ অসম কাৰাটে সন্থাৰ উদ্যোগত আৰু কাৰ্বি আংলং কাৰাটে সন্থাৰ আতিথ্যত আয়োজিত কাৰাটে চেম্পিয়নশ্বিপ উদ্ধোধন কৰি অনুষ্ঠান কৰি মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ডিফুত কাৰাটেৰ মিনি ষ্টেডিয়াম অতিশীঘ্রেই নিৰ্মাণৰ কথা ঘোষণা কৰে।
আজিৰ উদ্ধোধনী অনুষ্ঠানত অসম চৰকাৰৰ মন্ৰী নন্দিতা গাৰ্লোছা, বিধায়ক বিদ্যাছিং ইংলেং, অসম কাৰাটে সন্থাৰ উপ সভাপতি বিজয় গুপ্তা, কাৰ্বি আংলং কাৰাটে সন্থাৰ সভাপতি তথা স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰিচাৰ্ড টকবি, কাৰ্যবাহী সদস্য মধুৰাম লেকথে, অসম অলিম্পিক সন্থাৰ উপ সভাপতি ৰাজ কাকতি, অসম কাৰাটে সন্থাৰ সাধাৰণ সম্পাদক আদৰ্শ চৌধুৰী, অসম চেপাকটাক্ৰ সন্থাৰ সাধাৰণ সম্পাদক ড০ বিষ্ণুৰাম নুনিছা, কাছাৰ সাধাৰণ সম্পাদক ড০ পঙ্কজ টেৰণ, বিশিষ্ট ক্ৰীড়া সংগঠক ধ্ৰুৱ কলিতা আদি বিশিষ্ট লোক সকল উপস্থিত থাকে।
উদ্ধোধনী অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে অসম কাৰাটে সন্থাৰ উপ সভাপতি বিজয় গুপ্তাই। অসমৰ ৩৪ খন জিলা আৰু মহকুমাৰ পৰা প্ৰায় ৩,৬০০ কাৰাটেকাই অংশগ্রহণ কৰা সদৌ অসম ৰাজ্যিক কাৰাটে চেম্পিয়নশ্বিপত ছাব-জুনিয়ৰ, কেডেট, জুনিয়ৰ, আৰু ছিনিয়ৰ শাখাত ৮টা টাটামিত সমান্তৰালভাৱে প্ৰতিযোগিতা সমূহ বিৰতিহীন গতিত চলি আছে। ২২ অক্টোবৰৰ পৰা ২৬ অক্টোবৰলৈ ৫ দিনীয়াকৈ চলিব লগীয়া সদৌ অসম কাৰাটে চেম্পিয়নশ্বিপৰ খেলুৱৈ, বিচাৰক, অভ্যৰ্থনা সমিতি, স্বেচ্ছাসেবক সকলৰ খোৱা বোৱাৰ সমস্ত দায়িত্ব কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদে গ্রহণ কৰাৰ কথা সদৰি কৰিছে ক্ৰীড়ানুৰাগী মুখ্য কাৰ্যবাহী সদস্য ড০ তুলিৰাম ৰংহাঙে।
Leave a Reply