‘দৈনিক অসম’ বাতৰি কাকতৰ ৬০ বছৰঃ ৬ দশকজুৰি ৰাইজৰ ঘৰে ঘৰে প্ৰভাৱ বিস্তাৰ কাকতখনৰ

Aboutঅসমৰ আগশাৰীৰ সংবাদপত্র দৈনিক অসম বাতৰি কাকতে ৪ আগষ্ট তাৰিখে ৬০ বছৰত পূৰ্ণ কৰিব৷ সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাই প্ৰতিষ্ঠা কৰা কাকতখনে বিগত ৬ দশকজুৰি ৰাজ্যৰ জাতীয় জনজীৱনত ৰাইজৰ ঘৰে ঘৰে প্ৰভাৱ বিস্তাৰ কৰি আহিছে। ‘দি আছাম ট্ৰিবিউন’ ইংৰাজী বাতৰি কাকতগোষ্ঠীৰ পৰা প্ৰকাশিত অসমীয়া দৈনিক বাতৰি কাকতখনে অসমীয়া ভাষা-সাহিত্যৰ দিশতো বিপুলভাবে বৰঙণি আগবঢ়াই আহিছে।

FILE PHOTO

প্ৰাপ্ত খবৰ অনুসৰি ৪ আগষ্ট ২০২৪ৰ পৰা অহা বছৰৰ ৩ আগষ্ট পর্যন্ত বর্ণাঢ্য কাৰ্যসূচীৰে কাকতখনে হীৰক জয়ন্তী বৰ্ষ উদযাপন কৰিব। দোওবাৰে দিনৰ ১০ বজাত আছাম ট্ৰিবিউন প্রতিষ্ঠান চৌহদত পতাকা উত্তোলনেৰে কাৰ্যসূচী আৰম্ভ কৰা হ’ব। বিয়লি উজানবজাৰৰ বিবেকানন্দ প্ৰেক্ষাগৃহত উদ্বোধনী সভাৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকিব।

Be the first to comment

Leave a Reply

Your email address will not be published.


*