বিশ্বনাথত পুলিং-প্ৰিজাইডিং বিষয়াৰ দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ সম্পন্ন
দ্বিতীয় পৰ্যায়ত ২৯৯ গৰাকী প্ৰিজাইডিং বিষয়া, ২৬৯ গৰাকী প্ৰথম পুলিং বিষয়াক প্ৰশিক্ষণ
২৪ গৰাকীকৈ মহিলা প্ৰিজাইডিং-প্ৰথম পুলিং বিষয়াকো প্ৰশিক্ষণ
অসম খবৰ বিশ্বনাথ চাৰিআলি, ২৯ মাৰ্চঃ বিশ্বনাথ নিৰ্বাচন জিলাত ভোট গ্ৰহণৰ দায়িত্বত নিয়োজিত আজি মুঠ ৫৬৮ গৰাকী বিষয়া কৰ্মচাৰীক প্ৰশিক্ষণ প্ৰদান কৰা হয়। আজি দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হোৱা এই প্ৰশিক্ষণত ২৯৯ গৰাকী প্ৰিজাইডিং বিষয়া আৰু ২৬৯ গৰাকী প্ৰথম পুলিং বিষয়াক নিৰ্বাচনৰ যাৱতীয় প্ৰশিক্ষণ প্ৰদান কৰা হয়। বিশ্বনাথ মহাবিদ্যালয়ত পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হোৱা এই নিৰ্বাচনী প্ৰশিক্ষণত ২৫ গৰাকী মাষ্টাৰ ট্ৰেইনাৰে প্ৰশিক্ষণ প্ৰদান কৰি নিৰ্বাচনত ইভিএমৰ জৰিয়তে ভোট গ্ৰহণৰ প্ৰক্ৰিয়াটোক বিতংভাৱে অৱগত কৰে। উল্লেখ্য যে এইবেলিও বিশ্বনাথ নিৰ্বাচন জিলাত মহিলা বিষয়া কৰ্মচাৰীৰ দ্বাৰা ভোট গ্ৰহণ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে । সেই অনুসৰি আজিৰ প্ৰশিক্ষণত ২৪ গৰাকী মহিলা প্ৰিজাইডিং বিষয়া আৰু ২৪ গৰাকী প্ৰথম পুলিং বিষয়াকো সমাগত নিৰ্বাচনত ভোট গ্ৰহণৰ যাৱতীয় প্ৰশিক্ষণ প্ৰদান কৰা হয়। আজিৰ প্ৰশিক্ষণত বিশ্বনাথৰ পাৰ্ছনেল আৰু ট্ৰেইনিং নিৰ্বাচনী কোষৰ বিষয়া আৰু কৰ্মচাৰীসকলো উপস্থিত আছিল।
উল্লেখযোগ্য যে, যোৱা ১৯ মাৰ্চত বিশ্বনাথ মহাবিদ্যালয়ত, ২০ মাৰ্চ আৰু ২৮ মাৰ্চত বিহালীৰ পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ত ইতিমধ্যে তিনিদিন প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে । আজি বিশ্বনাথ মহাবিদ্যালয়ত দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণত ২৭৫ গৰাকী পুৰুষ আৰু ২৪ গৰাকী মহিলা প্ৰিজাইডিং বিষয়াক যাৱতীয় প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে ২৪৫ গৰাকী পুৰুষ আৰু ২৪ গৰাকী মহিলা প্ৰথম পুলিং বিষয়াকো প্ৰশিক্ষণ প্ৰদান কৰা হয়।
Leave a Reply Cancel reply